• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষাবিদ কৃষ্ণ মোহন অধিকাৰীৰ দেহাৱসান, আক্ৰাছুৰ শোক প্ৰকাশ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 25, 2021 5:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোচ ৰাজবংশী জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি,কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ,বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ তথা কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি কৃষ্ণ মোহন অধিকাৰীৰ যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত শক্তি আশ্ৰম অঞ্চলৰ খুকচি গাঁৱৰ নিজ বাসভৱনত দেহাৱসান ঘটে ৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় ৯০ বছৰ হৈছিল ৷

উল্লেখ্য যে অবিভক্ত গোৱালপাৰা জিলাৰ কোকৰাঝাৰ মহকুমাৰ শক্তি আশ্ৰম অঞ্চলৰ খুকচি গাঁৱত ১৯৩১ চনৰ ২৮ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা কৃষ্ণ মোহন অধিকাৰীয়ে খুকচি প্ৰাথমিক বিদ্যালয়ৰ জৰিয়তে নিজৰ স্কুলীয়া শিক্ষা জীৱনৰ আৰম্ভ কৰিছিল ৷

Apply Now

১৯৫২ চনত ৰোকাখাটা ( বিলীসীপাৰা) হাইস্কুলৰ পৰা গুৱাহীটী বিশ্ববিদ্যালয়ৰ অধীনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অধিকাৰীয়ে পিছত ১৯৫৪ চনত দৰং কলেজৰ পৰা আই এচ চি পাছ কৰে ৷

ইয়াৰ পিছত তেওঁ ১৯৫৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ কোচবিহাৰৰ ভিক্তোৰিয়া কলেজৰ পৰা বি এচ চি পাচ কৰে ৷ সেইদৰে ১৯৬৪ চনত যোৰহাটৰ পি জি ট্ৰেনিং কলেজৰ পৰা বি টি পাচ কৰে ৷ তেওঁ ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত গণিত প্ৰশিক্ষণৰ গ্ৰীষ্মকালীন প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰে ৷

১৯৫৭ চনত শক্তি আশ্ৰম ভোকেচনেল হাইস্কুলত সহ প্ৰধান শিক্ষক হিচাপে যোগদান চাকৰি জীৱনৰ আৰম্ভ কৰে ৷ ১৯৭৬ চনত হাইস্কুলখন উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়লৈ উন্নীত হয় ৷

পৰৱৰ্তী সময়ত তেওঁ বিদ্যালয়খনৰ উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু ১৯৯১ চনত অৱসৰ গ্ৰহণ কৰে ৷ কৃতী শিক্ষক হিচাপে সুপৰিচিত কৃষ্ণ মোহন অধিকাৰীয়ে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা ১৯৮৩ চনৰ পৰা ১৯৮৪ চনৰ বাবে ‘শিক্ষক উদ্গনি বঁঁটা ‘ লাভ কৰিছিল ৷

উল্লেখ্য যে বিভিন্ন সামাজিক কাম – কাজৰ সৈতে জড়িত অধিকাৰীয়ে ১৯৮৪ চনত স্থানীয় ৰাইজৰ সহযোগত কে বি এচ এম ই স্কুল স্থাপন কৰিছিল ৷ সেইদৰে ১৯৯৪ চনত ৰাইজৰ সহযোগত শক্তি আশ্ৰমত স্বামী যোগানন্দ গিৰি মহাবিদ্যালয় স্থাপন কৰিছিল ৷ বলদিয়া বাথান গাঁৱৰ ‘ বলদিয়া বাথান হাইস্কুলখন তেওঁৰে একনিষ্ঠ প্ৰচেষ্টাত উন্নীতকৰণ আৰু চৰকাৰীকৰণ কৰাত সফল হৈছিল ৷

একেদৰে তেওঁ জড়িত হৈছিল কোচ ৰাজবংশী সাহিত্য সভাৰ সৈতে ৷ ইপিনে বিশিষ্ট ব্যক্তিগৰাকীৰ মৃৃত্যুত সদৌ কোচ ৰাজবংশী ছাত্ৰই গভীৰ শোক প্ৰকাশ কৰিছে ৷

এক শোকবাৰ্তাত আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মন আৰু যুটীয়া সাধাৰণ সম্পাদক কপিলদেৱ সিংহই কয় যে কৃষ্ণ মোহন অধিকাৰীৰ মৃত্যুত কোচ ৰাজবংশী জাতিৰ অপূৰণীয় ক্ষতি হ’ল ৷ আক্ৰাছুই তেওঁৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd