• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেৱতাৰ ভাও ধৰা নেতাবোৰে মুখেৰে যি কয় তাৰ ওলোটাটোহে কৰে: ডঃ হীৰেন গোহাঁই

বামপন্থী নেতা নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত চৰকাৰ ক্ষুৰধাৰ সমালোচনা বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁইৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 26, 2021 9:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফেচিষ্ট শক্তি কিছুমানে মোহ লগা কথা কৈ নেতাক দেৱতা সজাই দিয়ে,দেৱতাৰ ভাও ধৰা এই নেতাবোৰে মুখেৰে যিটো কয় তাৰ ওলোটাটো কৰে। মেড ইন ইণ্ডিয়াৰ উৎপাদিত সকলো সামগ্ৰীতে বিদেশী পুঁজিৰ নিয়ন্ত্ৰণ, আত্মনিৰ্ভৰ ভাৰতৰ কথা বাৰে বাৰে কৈ আছে, সেয়া ক’ত? এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁই।

বামপন্থী নেতা নন্দেশ্বৰ তালুকদাৰৰ ১শ বছৰীয়া জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত এইদৰে কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিলে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে।বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ শ্লেষ প্ৰয়োগ কৰি বিশিষ্ট চিন্তাবিদগৰাকীয়ে লগতে কয় মাজে মাজে তেওঁলোকে তপস্যা কৰি, পৱিত্ৰতাৰ কথা কৈ জনতাক আভুৱা ভাৰি আহিছে।

Apply Now

ডঃ গোহাইয়ে লগতে কয় যে আমি ক্ৰমে বিদেশী পঁজিৰ গৰাহত পৰিছো। মেড ইন ইণ্ডিয়াৰ নামত উৎপাদিত সকলো সামগ্ৰীতে এতিয়া বিদেশী পুঁজিৰ নিয়ন্ত্ৰণ থকা বুলিও ব্যাখ্যা আগবঢ়াই ডঃ গোহায়ে। ডঃ গোহাঁইৰ মতে বিদেশী পুঁজিৰ লগতে আদানী আম্বানী আদি দেশীয় পুঁজিপতি গোষ্ঠীয়ে মিলি দেশৰ জনসাধাৰণৰ খাদ্য, স্বাস্থ্য অধিকাৰৰ লগতে জীয়াই থকাৰ অধিকাৰসমূহ কুক্ষিগত কৰিছে।ইফালে চৰকাৰৰ সৈতে মিলি তেওঁলোকে বাক স্বাধীনতাৰ লগতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ স্বাধীনতাও জনসাধাৰণৰ পৰা অপহৰণ কৰি নিছে।

এই বয়সতো ডঃ গোহাঁয়ে কয় কেৱল ভাৰতীয় হিচাপে নহয় মানুহ হিচাপে জীয়াই থাকিবলৈ আমি এই অপশাসন আৰু শাসনতন্ত্ৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব, ইয়াৰ কোনো গত্যন্তৰ নাই বুলি উদ্দাত্ত কণ্ঠেৰে আহ্বান জনায়।পুঁজিবাদৰ সংকটৰ পৰিণাম হিচাপেই আজিৰ এই পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৱাহাটী বিমানবন্দৰ আদানীক গটোৱাৰ প্ৰসংগৰে ডঃ গোহাঁয়ে আৰু কয় আদানী-আম্বানীয়ে প্ৰভুত্ব বিস্তাৰেৰ অসমৰ সকলো সম্পদ ঢাহি মুহি নিজৰ কৰি ল’ব।

ৰাজ্য চৰকাৰে ইয়াৰ বিৰোধিতা নকৰি আমাৰ ভাষা সংস্কৃতি লুপ্ত কৰি এক অখণ্ড হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছে।বিজয়ী কৃষক আন্দোলনক আদৰ্শ হিচাপে গ্ৰহণ কৰি এই ষড়যন্ত্ৰবোৰ নীৰৱে চাই থকাতকৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰু আন্দোলন কৰি এইবোৰ বাতিল কৰিবলৈ বাধ্য কৰাব লাগিব বুলিও উদ্দাত্ত কণ্ঠেৰে ঘোষণা কৰে বিশিষ্ট চিন্তাবিদগৰাকীয়ে।

“সিহঁতৰ চালাহী কথাত আমি ভুল গ’লে নহ’ব আমি জানো আমাৰ শক্তি আছে ঐক্যত, আমি ঐক্যৱদ্ধ হ’ব লাগিব হিন্দু, মুছলমান, খৃষ্টান, অসমীয়া, বঙালী, হিন্দী ভাষী, জনজাতীয় আমি সকলোৱে ঐক্যৱদ্ধ হ’ব লাগিব।” তেতিয়া আমি তেওঁলোকক পৰাস্ত কৰিবলৈ সক্ষম হ’ম।

ইফালে ডঃ গোহায়ে অভিযোগ কৰে যে শাসকীয় পক্ষই মুছলমানৰ বিৰুদ্ধে ইতিহাস বিকৃত কৰি মুছলমানক শত্ৰু হিচাপে দেখুওৱাবলৈ চেষ্টা কৰি আহিছে।হৰিদ্বাৰত অনুষ্ঠিত ধৰ্ম সংসদত মুছলমানক হত্যা কৰিব লাগে বুলিও মন্তব্য কৰাৰ অভিযোগ কৰিছে ডঃ গোহাঁয়ে। তেওঁলোকে জনসভাত ১জনে লাখ লাখ মুছলমানক হত্যা কৰাৰ আহ্বান জনাইছে অথচ আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও অভিযোগ কৰিছে বিশিষ্ট চিন্তাবিদগৰাকীয়ে।

ইফালে চৰকাৰে ৰাজহুৱা খণ্ডৰ সম্পদসমূহ পুঁজিপতিক হাঁহি হাঁহি নাম মাত্ৰ মূল্যত গতাই দি প্ৰগতি হোৱা বুলিও ঢাক-ঢোল বজোৱা বুলিও মন্তব্য কৰে ডঃ গোহায়ে। সাধাৰণ জনতা, কৃষক আৰু শ্ৰমিকৰ ওপৰত আক্ৰমণ অত্যাচাৰ কৰি সভ্যতা ৰক্ষাৰ কথা কৈ শাসকপক্ষই মুছলমান-খৃষ্টান বিৰোধী প্ৰপাগণ্ডা প্ৰচাৰ কৰিছে।

তেওঁলোকে আমাক কেতিয়াও সুশাসন দিব নোৱাৰে বুলি কৈ যে ‘মোৰ এটা সন্দেহ হৈছে তেওঁলোক এটা ডকাইটৰ দললৈ পৰিণত হ’বলৈ গৈছে। আৰক্ষীৰ এনকাউণ্টাৰকো তীব্ৰ সমালোচনা কৰে বিশিষ্ট চিন্তাবিদগৰাকীয়ে কয় যে পুলিচো হৈছে ফেচিষ্ট শক্তিৰ অন্যতম আহিলা হৈ উঠিব পাৰে।

আমাৰ অধিকাৰ সংবিধান, আমাৰ স্বাধীনতা আমিয়েই ৰক্ষা কৰিব লাগিব বুলিও দৃঢ়তাৰে মন্তব্য কৰে দেশ তথা ৰাজ্যৰ বিশিষ্ট চিন্তাবিগৰাকীয়ে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd