দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় টেষ্টৰ আজি দ্বিতীয় দিনা এক অনন্য অভিলেখৰ গৰাকী হৈছে ভাৰতীয় দলৰ বেগী বলাৰ শাৰ্দুল ঠাকুৰ।
জোহান্সবাৰ্গৰ ৱাণ্ডাৰৰ্ছ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত আজি শাৰ্দুল ঠাকুৰৰ বিধ্বংসী বলিঙৰ সন্মুখত থান-বান হৈ পৰে দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন আপ।
দুৰ্দ্দান্ত বলিং প্ৰদৰ্শনেৰে শাৰ্দুলে ৬১ ৰানত ৭ টা উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ ২২৯ ৰানত সীমিত কৰাত মুখ্য ভূমিকা লয়। এই প্ৰদৰ্শনেৰে এক নতুন অভিলেখ গঢ়ি তোলে শাৰ্দুল ঠাকুৰে।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত এজন ভাৰতীয় বলাৰৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ অভিলেখ ৰচে শাৰ্দুল ঠাকুৰে। তেওঁ এই ক্ষেত্ৰত তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক অতিক্ৰম কৰে।
অশ্বিনে ২০১৫ চনত নাগপুৰত ৬৬ ৰানত ৭ টা উইকেট দখল কৰিছিল।
শাৰ্দুল ঠাকুৰৰ এই দুৰ্দান্ত প্ৰদৰ্শনৰ সুবাদত ভাৰতে দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ ২২৯ ৰানত সমাপ্ত কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ ছামিয়ে দুটা আৰু বুমৰাহে আনটো উইকেট লাভ কৰে।
উল্লেখ্য ভাৰতে প্ৰথম ইনিংছত ২০২ ৰানত ইনিংছ সামৰিছিল। এইদৰে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ২৭ ৰানৰ অগ্ৰগতি লাভ কৰে। দক্ষিণ আফ্ৰিকাৰ ইনিংছত কিগান পিটাৰছেনে সৰ্বাধিক ৬২ আৰু বাভুমাই ৫১ ৰান সংগ্ৰহ কৰে।
ইফালে প্ৰথম ইনিংছত ২৭ ৰানত পিছ পৰি ৰোৱা ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি আৰম্ভণিতেই বিপদত পৰিছে। দলীয় স্ক’ৰ ৪৪ ৰানতে অপেনাৰদ্বয় ৰাহুল (৮) আৰু মায়াংক আগৰৱালে (২৩) বিদায় লয়।
বৰ্তমান চেতেশ্বৰ পূজাৰাই ১০ আৰু ৰাহানেই ৩ ৰান কৰি বেটিং কৰি আছে। ভাৰতে ইতিমধ্যে ৫০ ৰান সংগ্ৰহ কৰি ২৩ ৰানৰ অগ্ৰগতি লাভ কৰিছে।
উল্লেখ্য যে শৃংখলাৰ প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাক ১১৩ ৰানত পৰাস্ত কৰি ভাৰতে ১-০ ৰ অগ্ৰগতি লাভ কৰিছে।