• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৩ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
January 8, 2022 2:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ২০১৬ চনৰ পৰা এটা কথাৰ বিৰোধিতা কৰি আহিছো ৷ সেইটো হ’ল ২০১৬ চনত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিধায়কসকলে ৰাজ্যৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়লৈ দহ লাখকৈ টকা অনুদান দিছিল ৷ আমি সেই কথাটোক তেতিয়াৰ পৰা বিৰোধিতা কৰিছো ৷ বিষয়টো ইংৰাজী মাধ্যম নে অসমীয়া মাধ্যম সেয়া নহয় ৷ বিষয়টো হ’ল ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সমস্যা ‘৷ এই মন্তব্য অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীৰ ৷

উল্লেখ্য যে ৭ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে বঙাইগাঁও চহৰত আৰম্ভ হৈছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৩ সংখ্যক দ্বি- বাৰ্ষিক অধিৱেশনখন ৷

Apply Now

বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত জিলা পুথিভঁৰাল আৰু আই টি আই চৌহদত অনুষ্ঠিত হোৱা অধিৱেশনত উপস্থিত থকা শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদকগৰাকীক ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আগ্ৰাসন সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ উপৰোক্ত মন্তব্য কৰে ৷

তেওঁ লগতে আৰু কয় , আমি দেখিছো যে চৰকাৰীভাৱে ব্যক্তিগত খণ্ডক প্ৰৎসাহিত কৰা হৈছে আৰু শেহতীয়াভাৱে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও তাক উৎসাহিত কৰিছে ৷

আমি কিন্তু অসম চৰকাৰক আহ্বান জনাম যে ব্যক্তিগত খণ্ডৰ প্ৰাধন্য দিব পৰা কথাবোৰ অসম চৰকাৰে এৰাই চলাতো উচিত ৷ ইয়াৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ বিদ্যালয়ক যাতে উৎজীৱিত কৰিব পাৰি আৰু উন্নত কৰিব পাৰি তাৰ কাৰণে পৰিকল্পনা গ্ৰহণ কৰক ৷ এই ক্ষেত্ৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰতিটো মুহুৰ্ততে ৰাজ্য চৰকাৰৰ লগত সহযোগিতা আগবঢ়াব ৷

কিন্তু কোনো কাৰণতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক উৎসাহিত কৰি ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষকসকলৰ ওপৰত দোষাৰোপ কৰি কেতিয়াও কিন্তু ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা উন্নয়ন কৰিব পৰা নাযাব ৷ দেশত বৰ্তমান ৬৫ শতাংশ চৰকাৰী বিদ্যালয় আছে আৰু ৩৫ শতাংশ বেচকাৰী বিদ্যালয় আছে ৷

এই বেচৰকাৰী বিদ্যালয়ৰ সংখ্যা আৰু যাতে কোনো কাৰণতে অসমত বৃদ্ধি হ’ব নোৱাৰে তাৰ কাৰণে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক ৷ আনহাতে ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিত এটা কথা উল্লেখ আছে যে ২০২৫ চনৰ ভিতৰত বিদ্যালয় বহিৰ্ভূত হৈ থকা দেশৰ ৩ কোটি ২২ লাখ শিশুক বিদ্যালয়লৈ অনা হ’ব ৷ অসমত বিদ্যালয় বহিৰ্ভূত এই শিশুৰ সংখ্যা চৰকাৰী তথ্য মতে ৭৮০০০ গৰাকী ৷ সেয়ে এই অধিৱেশনৰ জৰিয়তে আমাৰ প্ৰথম লক্ষ্য হ’ব এই ৭৮০০০ শিশুক আমি বিদ্যালয়মুখী কৰা ৷ এই ক্ষেত্ৰত আমাৰ প্ৰাথমিক শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্য কি হ’ব সেই সন্দৰ্ভত আমি পৰ্যালোচনা কৰিম, পষ্টাৰ আদি মুকলি কৰিম আৰু ইয়াত সংকল্প গ্ৰহণ কৰিম যাতে অসমৰ কোনো শিশু বিদ্যালয় বহিৰ্ভূত হৈ নাথাকে ৷ তাৰ কাৰণে আমি আমাৰ কাম কৰিম আৰু সেই কামত ৰাজ্য চৰকাৰৰ সহযোগিতা বিচাৰিম ৷

সমান্তৰালভাৱে শিক্ষকৰ সমস্যাখিনি সমাধানৰ কাৰণেও চৰকাৰৰ ওচৰত আমি দাবী দাবী উত্থাপন কৰিম ৷ উল্লেখ্য যে অধিৱেশৰ প্ৰথম দিনাৰ কাৰ্সসূচী অনুসৰি পুৱা যোগ শিবিৰ পৰিচালনা কৰে কৰুণা কান্ত নাথ আৰু সমৰজিৎ কৰ্মকাৰে ৷ ইয়াৰ পিছতে প্ৰতিনিধি পঞ্জীয়ন আৰু পতাকা উত্তোলন কৰা হয় ৷ পতাকা উত্তোলন কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি আনোৱাৰ হুছেইনে ৷ সেইদৰে স্মৃতি তৰ্পণ কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰয়াত প্ৰাক্তন সভাপতি নিৰেশ ৰায়ৰ সহধৰ্মিনী অনিলা ৰায়ে ৷

শ্বহীদ তৰ্পণ কৰে বঙাইগাঁও আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি জগদীশ চন্দ্ৰ বৰ্মনে ৷ আনহাতে ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে বঙাইগাঁও আই টি আইৰ অধ্যক্ষ ৰাজু গোপালে ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি গছপুলিও ৰোপণ কৰা হয় ৷ গছপুলি ৰোপণ কৰে ক্ৰমে বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি উমেশ চৌধুৰী, শিক্ষক তথা বৃক্ষবান্ধৱ বুদ্ধেশ্বৰ ৰায়, অৱসৰপ্ৰাপ্ত শিক্ষক গৌৰীশংকৰ বৰ্মন, দীনবন্ধু ৰায়, জলেশ্বৰ নাথ, আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ধীৰাজ পাঠকৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৷

প্ৰতিনিধি শিবিৰ মুকলি কৰে দোলাগাঁও গাঁও পঞ্চায়তৰ সভাপতি বিদ্যুৎ কুমাৰ শৰ্মাই ৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় সম্বৰ্ধনা সভা ৷ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি আনোৱাৰ হুছেইনে সভাপতিত্ব কৰা সম্বৰ্ধনা সভাত উদ্দেশ্য ব্যাখ্যা কৰে আদৰণি সমিতিৰ মুখ্য সম্পাদক দিলীপ কুমাৰ ৰায়ে ৷

বঙাইগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া আমিৰ হুছেইনে উদ্বোধনী ভাষণ ৰখা সভাত যিসকল অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক – শিক্ষয়িত্ৰীয়ে মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীসমূহক বৰ্তমানৰ শক্তিশালী ভেটি গঢ় দিয়াত বিশেষভাৱে অৰিহণা আগবঢ়াইছে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় ৷

সভাত ৬২ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক – শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা সভাত বঙাইগাঁৱৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক জলেশ্বৰ নাৰ্জাৰী, মাণিকপুৰ শিক্ষা খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিজানুৰ ৰহমান শ্বেখ, বইটামাৰী শিক্ষা খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মোহৰ আলীকে ধৰি বিশিষ্ট ব্যক্তিসকল আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd