• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাত ডেৰ শতাধিক লোক কোভিডত আক্ৰান্ত

১৫ জানুৱাৰীৰ পৰা পুৱা ৬ বজাৰ পৰা দিনৰ ১২ বজালৈহে খোলা থাকিব বজাৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
January 13, 2022 6:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোগালী বিহুৰ প্ৰাকক্ষণত পুনৰ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাটো হঠাতে ব্যাপক হাৰত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ ৷

ইতিমধ্যে জিলাখনত আক্ৰান্তৰ সংখ্যা ডেৰ শতাধিক হৈছে ৷ জিলাখনত মঙলবাৰে নতুনকৈ ৪৩ গৰাকী লোকৰ দেহত কোভিড – ১৯ ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত বুধবাৰে পুনৰ ৫১ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছে ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান কোভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ১৬২ গৰাকীলৈ বৃদ্ধি পাইছে ৷ আক্ৰান্তসকলৰ ভিতৰত ১৭ গৰাকী ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ১৪৫ গৰাকী হোম কোৱাৰেণ্টাইনত আছে ৷

Apply Now

সেইদৰে সুস্থ হৈ উঠিছে দুজন ৰোগী ৷ উল্লেখ্য যে বুধবাৰে জিলাখনত মুঠ ১,৬২৪ গৰাকী ব্যক্তিক কোভিড পৰীক্ষা কৰা হয় ৷ জিলাখনত চলিত ১ জানুৱাৰীৰ পৰা বুধবাৰলৈকে কোভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা হ’ল ১৭৭ গৰাকী ৷ ইপিনে বঙাইগাঁও জিলাত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত তথা অঞ্চলভেদে ব্যক্তি আক্ৰান্ত হোৱালৈ লক্ষ্য কৰি সংক্ৰমণ ৰোধৰ বাবে জিলা প্ৰশাসনে ৰে’লৱে কলনি আৰু আন অঞ্চলত ১ টা কণ্টেইনমেণ্ট জ’ন আৰু ৪ টা মাইক্ৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷

জিলা প্ৰশাসনে বঙাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দোলাইগাঁও তৃতীয় খণ্ডৰ কেন্দ্ৰীয় বিদ্যালয়ক মূল অভিকেন্দ্ৰ হিচাপেলৈ উত্তৰে নতুনপাৰা- কাৰ্বন ফেক্টৰী পথ, দক্ষিণে বঙাইগাঁও – ডাংতল পথ, পূবে অনিল শৰ্মা আৰু অন্যান্য ভূমি আৰু পশ্চিমে চাইনা মাৰ্কেটক সামৰি ইয়াৰ ভিতৰৰ এলেকাক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৷ সেইদৰে ডাংতল ৰাজহ চক্ৰৰ অন্তৰ্গত নিউ বঙাইগাঁও ৱেষ্ট ৰে’লৱে কলনিৰ ৰে’লৱে অভিযন্তা (জে ই) শিক্ষানৱিশ হোষ্টেলৰ ৩ ৰ পৰা ৮, ১০ ৰ পৰা ১৬ আৰু ১৮ আৰু ১৯ নম্বৰ কোঠাক আৰু ৰে’লৱে অভিযন্তা (কাৰিকৰী) শিক্ষানবিশ হোষ্টেলক অভিকেন্দ্ৰ হিচাপে লৈ উত্তৰে চেণ্ট্ৰেল কলনি উপ পথ, দক্ষিণে নিউ বঙাইগাঁও -ডাংতল মূল পথ, পূবে ৰে’লৱে জিৰণি ঘৰ আৰু পশ্চিমে ৱেষ্ট কলনি উপ পথক সীমা নিৰ্ধাৰণ কৰি ইয়াৰ ভিতৰৰ এলেকাক মাইক্ৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৷

ইয়াৰ উপৰিও ডাংতল ৰাজহ চক্ৰৰ অন্তৰ্গত পি কে দত্তৰ আৱাসক গৃহক অভিকেন্দ্ৰ হিচাপেলৈ উত্তৰে দেবু চক্ৰৱৰ্তীৰ গৃহ, দক্ষিণে স্বপন দেৰ আৱাস, পূবে ৰে’লৱে কলনি উপ পথ আৰু পশ্চিমে বিভাস বৈদ্যৰ আৱাসক সীমা হিচাপে লৈ ইয়াৰ ভিতৰৰ এলেকাক মাইক্ৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৷ আনহাতে জিলাখনৰ বইটামাৰী ৰাজ চক্ৰৰ অন্তৰ্গত চলন্তাপাৰা ক্ষদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক হাচানুৰ ৰহমানৰ চৰকাৰী আৱাসক অভিকেন্দ্ৰ হিচাপে লৈ উত্তৰে হাস্পতালৰ সীমাৰ বেৰ আৰু বজাৰ, দক্ষিণে চলন্তাপাৰা এম ভি স্কুল, পূবে ২ নং চিকিৎসকৰ আৱাস আৰু পশ্চিমে ৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাই পথক সীমা নিৰ্ধাৰণ কৰি ইয়াৰ ভিতৰৰ এলেকাক মাইক্ৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৷

ইপিনে জিলা উপাযুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ অধ্যক্ষই জাৰি কৰা এক নিৰ্দেশনামৰ্মে অহা ১৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ বঙাইগাঁও জিলাৰ চহৰ আৰু গ্ৰামাঞ্চল এলেকাৰ সকলো দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰ পুৱা ৬ বজাৰ পৰা দিনৰ ১২ বজালৈহে খোলা ৰাখিব পাৰিব বুলি উল্লেখ কৰিছে ৷

লগতে বজাৰ খোলা থকাৰ সময়ত ক্ৰেতা আৰু বিক্ৰেতাই কোভিড বিধি মানি চলিব লাগিব ৷ মাস্ক পৰিধান কৰাৰ লগতে কোভিড ভেকচিনৰ দুয়োটা পালি লোৱা লোকহে বজাৰত প্ৰৱেশ কৰিব পাৰিব আৰু বজাৰলৈ অহা প্ৰতিগৰাকী লোকে কোভিডৰ দুয়োপালি ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ লগত ৰাখিব লাগিব ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd