• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এখন ৰহস্যঘন নাটক! নেতাৰ শঠা মিতিৰালিৰ ছবিয়ে ধূসৰ কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2022 7:20 am
Akhil-Piyush
347
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ এমাহৰ আগৰ কথা। দুই জনপ্ৰতিনিধিৰ মাজত দেখা গৈছিল টুইটাৰৰ যুদ্ধ। এগৰাকী ৰাজ্যৰ কেবিনেট মন্ত্ৰী, আনগৰাকী বিধায়ক। বিষয় আছিল- ভূমি বেদখল।

মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিধায়ক অখিল গগৈৰ কথা সেয়া।

কিন্তু মাত্ৰ এমাহতে পিযুষ হাজৰিকা আৰু অখিল গগৈৰ টুইটাৰ যুদ্ধৰ এটা বিপৰীত ৰূপ।

বৃহস্পতিবাৰে কাজিৰঙাৰ অৰ্কিড পাৰ্কত দেখা গ’ল মন্ত্ৰী পিযুষ হাজৰিকাক। কাষত বিধায়ক অখিল গগৈ।

মাত্ৰ এমাহৰ আগতে যোৱা ১১ ডিচেম্বৰত অখিল গগৈৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ তুলি পিযুষ হাজৰিকাই টুইট কৰিছিল।

কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানৰ নামতো বৃহত ভূমি বেদখল হোৱাৰ অভিযোগ তুলিছিল পিযুষ হাজৰিকাই।

কিন্তু সেইখন জাতীয় অৰ্কিড উদ্যানত বৃহস্পতিবাৰে দেখা গ’ল মন্ত্ৰী পিযুষ হাজৰিকাক। কাষত অখিল গগৈক লৈ মন্ত্ৰী পিযুষ হাজৰিকাই অৰ্কিড উদ্যান পৰিদৰ্শন কৰিলে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে বেআইনীভাৱে ভূমি ক্ৰয়ৰ অভিযোগ উঠাৰ সময়তে টুইটাৰত উত্থাপন হৈছিল আন এক ভূমি বেদখল। মন্ত্ৰী পিযুষ হাজৰিকাই উত্থাপন কৰিছিল কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানৰ নামত ভূমি বেদখল হোৱাৰ কথা।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতেই বিষয়টোক লৈ অখিল গগৈ সৰৱ হৈ উঠিছিল। ইয়াৰ পাছতেই পিযুষ হাজৰিকা-অখিল গগৈৰ মাজত টুইট যুদ্ধ আৰম্ভ হৈছিল।

পিযুষ হাজৰিকাই টুইটাৰযোগে অভিযোগ কৰিছিল- অখিল গগৈয়ে বহু বছৰৰ পৰাই বৃহৎ ভূমি বেদখলত জড়িত। অৰ্কিড উদ্যানৰ নামত ৬ বিঘা, ১ কথা, ১২ লেচা মাটি বেদখল কৰাৰ অভিযোগ তুলি ধৰিছিল মন্ত্ৰী পিযুষ হাজৰিকাই। টুইটাৰত এখন পত্ৰ সংলগ্ন কৰি তেওঁ এই অভিযোগ উত্থাপন কৰিছিল।

অৰ্কিড উদ্যানৰ চৰকাৰী আৱন্টিত ভূমিৰ বাবদ আদায় দিবলগীয়া প্ৰিমিয়াম আদায় নিদিয়াৰো অভিযোগ মন্ত্ৰী হাজৰিকাই দাঙি ধৰিছিল।

১২ ডিচেম্বৰত নৰ্থ-ইষ্ট নাওত এই বাতৰি সবিস্তাৰে প্ৰকাশ কৰা হৈছিল।

কিন্তু মাত্ৰ এমাহৰ পাছতেই পট পৰিৱৰ্তন ঘটিল। মন্ত্ৰী পিযুষ হাজৰিকাই ভূমি বেদখল কৰাৰ অভিযোগ তোলা অৰ্কিড উদ্যানত তেওঁ নিজেই উপস্থিত হ’ল। কাষত ল’লে টুইটাৰযোগে নিজেই ভূমি বেদখলৰ অভিযুক্ত সজোৱা অখিল গগৈক।

এতিয়া আমি কি বুজিম, বা সৰ্বসাধাৰণ ৰাইজে কি বুজিব। এয়া, কিবা বুজাবুজি, সনাপিটিকা নে আন কিবা?

মন্ত্ৰীয়ে অনা অভিযোগবোৰ প্ৰকৃততে কি আছিল? এমাহৰ আগৰ টুইটাৰ যুদ্ধ অভিযোগ-প্ৰতিঅভিযোগৰ এখন নাটকহে আছিল নেকি?

Recent News

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

শান্তি আলোচনাৰ পিছদিনাই যুযুধান ৰাছিয়া : ইউক্ৰেইনৰ যাত্ৰীবাহী বাছত ড্ৰ’ণ আক্ৰমণ, ৯ জনৰ মৃত্যু

শান্তি আলোচনাৰ পিছদিনাই যুযুধান ৰাছিয়া : ইউক্ৰেইনৰ যাত্ৰীবাহী বাছত ড্ৰ’ণ আক্ৰমণ, ৯ জনৰ মৃত্যু

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd