• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এখন ৰহস্যঘন নাটক! নেতাৰ শঠা মিতিৰালিৰ ছবিয়ে ধূসৰ কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2022 7:20 am
Akhil-Piyush
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ এমাহৰ আগৰ কথা। দুই জনপ্ৰতিনিধিৰ মাজত দেখা গৈছিল টুইটাৰৰ যুদ্ধ। এগৰাকী ৰাজ্যৰ কেবিনেট মন্ত্ৰী, আনগৰাকী বিধায়ক। বিষয় আছিল- ভূমি বেদখল।

মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিধায়ক অখিল গগৈৰ কথা সেয়া।

কিন্তু মাত্ৰ এমাহতে পিযুষ হাজৰিকা আৰু অখিল গগৈৰ টুইটাৰ যুদ্ধৰ এটা বিপৰীত ৰূপ।

Apply Now

বৃহস্পতিবাৰে কাজিৰঙাৰ অৰ্কিড পাৰ্কত দেখা গ’ল মন্ত্ৰী পিযুষ হাজৰিকাক। কাষত বিধায়ক অখিল গগৈ।

মাত্ৰ এমাহৰ আগতে যোৱা ১১ ডিচেম্বৰত অখিল গগৈৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ তুলি পিযুষ হাজৰিকাই টুইট কৰিছিল।

কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানৰ নামতো বৃহত ভূমি বেদখল হোৱাৰ অভিযোগ তুলিছিল পিযুষ হাজৰিকাই।

কিন্তু সেইখন জাতীয় অৰ্কিড উদ্যানত বৃহস্পতিবাৰে দেখা গ’ল মন্ত্ৰী পিযুষ হাজৰিকাক। কাষত অখিল গগৈক লৈ মন্ত্ৰী পিযুষ হাজৰিকাই অৰ্কিড উদ্যান পৰিদৰ্শন কৰিলে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে বেআইনীভাৱে ভূমি ক্ৰয়ৰ অভিযোগ উঠাৰ সময়তে টুইটাৰত উত্থাপন হৈছিল আন এক ভূমি বেদখল। মন্ত্ৰী পিযুষ হাজৰিকাই উত্থাপন কৰিছিল কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানৰ নামত ভূমি বেদখল হোৱাৰ কথা।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতেই বিষয়টোক লৈ অখিল গগৈ সৰৱ হৈ উঠিছিল। ইয়াৰ পাছতেই পিযুষ হাজৰিকা-অখিল গগৈৰ মাজত টুইট যুদ্ধ আৰম্ভ হৈছিল।

পিযুষ হাজৰিকাই টুইটাৰযোগে অভিযোগ কৰিছিল- অখিল গগৈয়ে বহু বছৰৰ পৰাই বৃহৎ ভূমি বেদখলত জড়িত। অৰ্কিড উদ্যানৰ নামত ৬ বিঘা, ১ কথা, ১২ লেচা মাটি বেদখল কৰাৰ অভিযোগ তুলি ধৰিছিল মন্ত্ৰী পিযুষ হাজৰিকাই। টুইটাৰত এখন পত্ৰ সংলগ্ন কৰি তেওঁ এই অভিযোগ উত্থাপন কৰিছিল।

অৰ্কিড উদ্যানৰ চৰকাৰী আৱন্টিত ভূমিৰ বাবদ আদায় দিবলগীয়া প্ৰিমিয়াম আদায় নিদিয়াৰো অভিযোগ মন্ত্ৰী হাজৰিকাই দাঙি ধৰিছিল।

১২ ডিচেম্বৰত নৰ্থ-ইষ্ট নাওত এই বাতৰি সবিস্তাৰে প্ৰকাশ কৰা হৈছিল।

কিন্তু মাত্ৰ এমাহৰ পাছতেই পট পৰিৱৰ্তন ঘটিল। মন্ত্ৰী পিযুষ হাজৰিকাই ভূমি বেদখল কৰাৰ অভিযোগ তোলা অৰ্কিড উদ্যানত তেওঁ নিজেই উপস্থিত হ’ল। কাষত ল’লে টুইটাৰযোগে নিজেই ভূমি বেদখলৰ অভিযুক্ত সজোৱা অখিল গগৈক।

এতিয়া আমি কি বুজিম, বা সৰ্বসাধাৰণ ৰাইজে কি বুজিব। এয়া, কিবা বুজাবুজি, সনাপিটিকা নে আন কিবা?

মন্ত্ৰীয়ে অনা অভিযোগবোৰ প্ৰকৃততে কি আছিল? এমাহৰ আগৰ টুইটাৰ যুদ্ধ অভিযোগ-প্ৰতিঅভিযোগৰ এখন নাটকহে আছিল নেকি?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd