• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাক্স পৰিধান নকৰা আৰু কোভিড ভেকচিনৰ প্ৰমাণপত্ৰ নথকা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
January 20, 2022 12:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাত কোভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বান্ধি দিয়া কোভিড বিধি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে আৰক্ষী বিভাগ ৷

দুচকীয়া বাহনৰ আৰোহী আৰু সহযাত্ৰীৰ হেলমেট পৰীক্ষণৰ পিছত এইবাৰ মাস্ক পৰিধান নকৰা আৰু কোভিড ভেক্সিন নোলোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হৈছে বঙাইগাঁও আৰক্ষী ৷

Apply Now

বঙাইগাঁও চহৰৰ শ্বহীদ বেদীত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱাল, কাৰ্যবাহী দণ্ডাধীশসহ যান বাহন শাখাৰ আৰক্ষীয়ে অকৎস্মাতভাৱে চহৰখনত প্ৰৱেশ কৰা আৰু ওলাই যোৱা দুচকীয়া, চাৰিচকীয়া, তিনিচকীয়া বাহনৰ লগতে বাছত অভিযান চলায় ৷

আৰক্ষীয়ে যাত্ৰীবাহী বাহনসমূহ ৰখাই বাহনৰ যাত্ৰীসকলে মাস্ক পৰিধান কৰিছে নে নাই আৰু দুটাকৈ কোভিড ভেক্সিন গ্ৰহণ কৰা লোকসকলহে বাহনযোগে যাত্ৰা কৰিছে নে নাই সেয়া নিশ্চিত কৰে ৷ কিন্তু বাহনত বহুসংখ্যক ব্যক্তিয়ে দুটাকৈ ভেক্সিন গ্ৰহণ কৰাৰ কোনো তথ্য দেখুৱাবলৈ সক্ষম নোহোৱাত তেওঁলোকক বাহনৰ পৰা নমাই দিয়া হয় ৷

লগতে যাত্ৰীবাহী বাহনসমূহৰ চালক আৰু হেণ্ডিমেন সকলক দুটাকৈ ভেক্সিন নোলোৱা কোনো ব্যক্তিকে বাহনত নুঠাবলৈ কঠোৰভাৱে সকিয়াই দিয়ে ৷ একেদৰে বাহনৰ চালক, হেণ্ডিমেন আদিয়েও দুটাকৈ ভেক্সিন গ্ৰহণ কৰা প্ৰমাণ পত্ৰ পৰীক্ষা কৰে ৷

লগতে দুটাকৈ ভেকচিন নিদিয়া ব্যক্তিত বাহনত উঠোৱাৰ বাবে বাহনৰ বিৰুদ্ধেও জৰিমনা বিহাৰ লগতে দুচকীয়া বাহন চলাওতে মাস্ক পৰিধান নকৰাসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ইপিনে জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে আহ্বান জনাইছে যে কেৱল ভেক্সিন গ্ৰহণ কৰা লোকসকলেহে বাহনযোগে যাত্ৰা কৰিব পাৰিব ৷

সেয়ে যাত্ৰীবাহী বাহনযোগে যাত্ৰা কৰা যাত্ৰীসকলে ভেক্সিন গ্ৰহণ কৰিছে নে নাই সেয়া আমি চাইছো ৷ যিসকল যাত্ৰীয়ে ভেক্সিন লোৱা নাই, সেইসকলক ভেক্সিন দিয়াৰ বাবে স্বাস্থ্য বিভাগে যাতে ব্যৱস্থা গ্ৰহণ কৰে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে ৰাইজলৈ আহ্বান জনাই লগতে কয় যে যিহেতু কোভিডৰ তৃতীয় ঢৌত সংক্ৰমণ বাঢ়িছে, সেয়ে সকলোৱে সজাগ হ’ব লাগে ৷

আনহাতে যাত্ৰীবাহী বাহনত যিহেতু চৰকাৰী নিৰ্দেশনাৰ পিছতো ভেক্সিন নোলোৱা লোকক উঠাইছে, সেয়ে তেনে বাহনৰ চালক আৰু হেণ্ডিমেনৰ বিৰুদ্ধেও জৰিমনা বিহা হ’ব বুলি কয় ৷ কাৰণ বাহনৰ চালক আৰু হেণ্ডিমেনৰ এইক্ষেত্ৰত দায়িত্ব আছে ৷ বঙাইগাঁও আৰক্ষীয়ে এইদৰে অভিযান চলাই থাকিব আৰু কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছে তাক কঠোৰভাৱে কাৰ্যকৰী কৰাৰ বাবে চেষ্টা চলাব ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিছত কঠোৰ হৈছে বঙাইগাঁও আৰক্ষী ৷ ইপিনে জিলাখনত দিনে দিনে কোভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷  জিলাখনত বৰ্তমান কোভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৩১ গৰাকীলৈ বৃদ্ধি পাইছে ৷ আক্ৰান্তসকলৰ ভিতৰত ১৮ গৰাকী ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৩১৩ গৰাকী হোম কোৱাৰেণ্টাইনত আছে ৷ জিলাখনত মুঠ ৩,৬৫৯ গৰাকী ব্যক্তিক কোভিড পৰীক্ষা কৰা হয়৷

সুস্থ হৈ উঠিছে ২৭ গৰাকী ব্যক্তি ৷ জিলাখনত ১ জানুৱাৰীৰ পৰা সোমবাৰলৈকে মুঠ আক্ৰান্তৰ সংখ্যা বদ্ধি পাই ৪৫৮ গৰাকী হৈছে ৷

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd