বিশ্বনাথ চাৰিআলিৰ কমাৰ্চ কলেজ সৎসঙ্গ পইণ্টৰ পৰা বিশ্বনাথ মহাবিদ্যালয় সংযোগী পথৰ বিশ্বনাথ অসামৰিক চিকিৎসালয় প্ৰৱেশদ্বাৰলৈকে পথছোৱা বিশ্বনাথ জিলা প্ৰশাসনে ‘ৱাকিং জ’ন’ হিচাপে ঘোষণা কৰাৰ লগতে এই সদাব্যস্ত পথছোৱাত প্ৰতিদিনাই পুৱা ৫ বজাৰ পৰা ৭ বজালৈ সকলো ধৰণৰ যান বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।
বিশ্বনাথ জিলা দণ্ডাধীশ দেব কুমাৰ মিশ্ৰই ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত শুকুৰবাৰে এক নিৰ্দেশযোগে এনে নিষেধাজ্ঞা আৰোপ কৰিছে।
সেই অনুসৰি, জনসাধাৰণে খোজ কাঢ়িবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰা বিশ্বনাথ চাৰিআলিৰ কমাৰ্চ কলেজ সৎসঙ্গ পইণ্টৰ পৰা বিশ্বনাথ মহাবিদ্যালয় সংযোগী পথৰ বিশ্বনাথ অসামৰিক চিকিৎসালয় প্ৰৱেশদ্বাৰলৈকে বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ অধীনৰ পথছোৱাত প্ৰতিদিনাই নিৰ্দিষ্ট সময়ছোৱাত যান বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
লগতে পঢ়ক: ৰাজ্যত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?
উল্লেখ্য যে, বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিৰ এই বিশেষ পথছোৱা বিশ্বনাথ চাৰিআলিৰ জনসাধাৰণে প্ৰাতঃভ্ৰমণকে ধৰি বিভিন্ন কাৰণত খোজ কাঢ়িবলৈ ব্যৱহাৰ কৰে।
সেয়েহে ব্যস্ত বিশ্বনাথ নগৰখনৰ এই বিশেষ পথছোৱাত জনসাধাৰণৰ খোজ কাঢ়ি থকাৰ সময়ত বিভিন্ন যান বাহনৰ চলাচলে সমস্যাৰ সৃষ্টি কৰাৰ উপৰিও অনাকাংক্ষিত ভাবে দুৰ্ঘটনা আদি সংঘটিত কৰাৰ সম্ভাৱনাক প্ৰতিহত কৰাৰ স্বাৰ্থতে নিৰ্দিষ্ট পথছোৱাত প্ৰতিবন্ধকতা আৰোপ কৰাটো অতিকে প্ৰয়োজনীয় বুলি বিবেচিত হৈ আহিছে।
এনে পৰিপ্ৰেক্ষিততে জিলা দণ্ডাধীশ গৰাকীয়ে বিশ্বনাথ চাৰিআলিৰ কমাৰ্চ কলেজ সৎসঙ্গ পইণ্টৰ পৰা বিশ্বনাথ মহাবিদ্যালয় সংযোগী পথৰ বিশ্বনাথ অসামৰিক চিকিৎসালয় প্ৰৱেশদ্বাৰলৈকে যানবাহনৰ চলাচলত বাধা আৰোপ কৰি ৰাইজৰ বৃহত্তৰ স্বাৰ্থত ইয়াক ‘ৱাকিং জ’ন’হিচাপে ঘোষণা কৰিছে।
লগতে পঢ়ক:কনিষ্টবল নিযুক্তিৰ আৰম্ভনিতে কেৰোণ! বঞ্চিত প্ৰাৰ্থীৰ প্ৰতিবাদত কঁপিল আৰক্ষীৰ মুখ্য কাৰ্যালয়
সেই অনুসৰি এই ‘ৱাকিং জ’ন’ত প্ৰতিদিনাই পুৱা ৫ বজাৰ পৰা ৭ বজালৈ কোনো যান-বাহন চলাচল কৰিবলৈ অনুমতি দিয়া নহয়।
উল্লেখ্য কৰা সমীচিন হব যে অচিৰেই বিশ্বনাথত এটা স্থায়ী ‘ৱাকিং জ’ন’ ৰাইজে লাভ কৰিব। এই স্থায়ী ‘ৱাকিং জ’ন’ নিৰ্দ্ধাৰণ নোহোৱা পৰ্যন্ত বিশ্বনাথৰ জ্যেষ্ঠ নাগৰিকৰ লগতে সৰ্বসাধাৰণ ৰাইজে এই নিৰ্দিষ্ট পথছোৱা খোজ কাঢ়িবলৈ নিৰাপদে ব্যৱহাৰ কৰিব পাৰিব।
লগতে পঢ়ক:দৰাচলতে কিমান জনপ্ৰিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষাই কি ক’লে?
এই আদেশটো ২১ জানুৱাৰী, ২০২২ৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি কোৱা হৈছে।