• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰনেতা কীৰ্তিকমল বৰাক গুলীয়াই আহত কৰাৰ ঘটনাৰ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজপথ অৱৰোধ-থানা ঘেৰাও কৰি প্ৰতিবাদ-ছাত্ৰ সমাজ ,সংগঠনৰ

মুৰুলী বৰুৱা, নগাঁও by মুৰুলী বৰুৱা, নগাঁও
January 23, 2022 6:45 pm
ছাত্ৰনেতা কীৰ্তিকমল বৰাক গুলীয়াই আহত কৰাৰ ঘটনাৰ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাওঁ চহৰৰ কচলুখোৱাত এজন প্ৰাক্তন ছাত্ৰনেতাক যোৱা নিশা আৰক্ষীয়ে গুলীয়াই আহত কৰা ঘটনাই নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিভিন্ন দল-সংগঠনে এই গুলি চালনাৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে এই গুলি চালনাৰ ঘটনাক ভুৱা এনকাউন্টাৰ বুলি অভিহিত কৰে। আজি পুৱাৰে পৰা বিভিন্ন সংগঠন আৰু ছাত্ৰ-ছাত্ৰীসকলে এই ঘটনাৰ প্ৰতিবাদত আৰু গুলি চালনা ঘটনাৰ লগত জড়িত দোষী আৰক্ষী বিষয়াক কঠোৰ শাস্তি বিহাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

আজি পুৱাতেই ছাত্ৰ সমাজ আৰু সচেতন ব্যক্তিৰ উদ্যোগত নগাওঁ কলেজৰ সম্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ৰাজপথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিবাদকাৰীসকলে নগাওঁ সদৰ আৰক্ষী থানা ঘেৰাও কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।এই প্ৰতিবাদ কাৰ্যসূচীত আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম যুৱ পৰিষদকে ধৰি বিভিন্ন সংগঠনে অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হাই-হাই , নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ গ’বেক , দোষী আৰক্ষী বিষয়া প্ৰদীপ বনিয়াক গ্ৰেপ্তাৰ কৰক, ভুৱা এনকাউন্টাৰ বন্ধ কৰক, নগাওঁ পুলিচ হাই-হাই আদি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। আজি ছাত্ৰ-সমাজ, সচেতন ব্যক্তি, দল-সংগঠনৰ প্ৰতিবাদৰ সন্মূখত নগাওঁ আৰক্ষী দিশহাৰা হৈ পৰা পৰিলেক্ষিত হয়।সদৌ নগাওঁ জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকনে কালিৰ ঘটনাক তীব্ৰ গৰিহণা দি কয়-বৰ্তমানৰ বিজেপি নেতৃত্বধীন চৰকাৰৰ দিনত আৰক্ষীৰ সন্ত্ৰাস চলিছে।নিৰীহ যুৱকক ভুৱা এনকাউন্টাৰৰে গুলীয়াই আহত কৰাৰ দৰে বৰ্বৰ ঘটনা সংঘটিত হৈছে।

আমি এই ঘটনাৰ তীব্ৰ গৰিহণা দিছোঁ। ইয়াৰ লগত জড়িত আৰক্ষী বিষয়াক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি দীপমণি বৰা আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কালিৰ ঘটনাৰ গৰিহণা দি কয়-বৰ্তমান চৰকাৰৰ দিনত হকে-বিহকে ৰাজ্যখনৰ বিভিন্ন স্থানত এনকাউন্টাৰ চলিছে ।চৰকাৰে এক সন্ত্ৰাসময় পৰিৱেশৰ সৃষ্টি কৰিছে।

পৰিষদে কালি নগাঁৱৰ গুলী চালনাৰ ঘটনাৰ ন্যায়িক তৰ্দন্তৰ দাবী জনায়।এই সন্দৰ্ভত পৰিষদৰ নগাওঁ জিলা সমিতিয়ে নগাওঁ জিলাৰ উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰিষদে কালিৰ ঘটনাৰ প্ৰতিবাদত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে। নগাওঁ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মনোজসিংহ ৰাজাই কয়- বৰ্তমান অসমত আৰক্ষীৰ সন্ত্ৰাস চলি আছে। ভুৱা এনকাউন্টাৰৰ জৰিয়তে নিৰীহ লোকক গুলীয়াই আহত কৰা হৈছে। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰৰ দিনত এনেধৰণৰ ঘটনা সংঘটিত হোৱাতো অতি লজ্জাজনক।নিৰীহ ছাত্ৰনেতা জনক গুলীয়াই আহত কৰাৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহীবলৈ দাবী জনাইছে।

অসম যুৱ পৰিষদৰ কাশ্যপ ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-বৰ্তমান চৰকাৰৰ দিনত সাধাৰণ লোকৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। ইয়াৰ জলন্ত উদাহৰণ হ’ল-যোৱা নিশা নগাঁৱৰ নিৰীহ ছাত্ৰনেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীয়াই আহত কৰাৰ ঘটনাটো। আৰক্ষীয়ে এতিয়া কাক কেতিয়া গুলীয়াই তাৰ নিশ্চয়তা নোহোৱা হৈছে।কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল, অসম জাতীয় পৰিষদ , অসম জাতীয়তাবাদী যুৱ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে এই ঘটনাৰ গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়।

উল্লেখ্য যে যোৱা নিশা নগাওঁ আৰক্ষীৰ এন্টিনাৰকৰ্টিক স্কোৱাদৰ দলে নগাওঁ চহৰৰ কচলুখোৱাত কীৰ্তিকমল বৰা নামৰ ছাত্ৰ নেতাজনক গুলীয়াই আহত কৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ছাত্ৰ নেতাজনে আৰক্ষীক আক্ৰমণ কৰাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

আৰক্ষীয়ে জনোৱা মতে কীৰ্তিকমল সুৰাসক্ত আছিল। আৰক্ষীৰ এই অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰাৰ লগতে আৰক্ষীৰ লোক কেইজনহে সুৰাসক্ত আছিল বুলি ছাত্ৰ নেতাজনে মন্তব্য কৰে । ইপিনে কীৰ্তিকমলৰ পিতৃ-মাতৃয়ে কালিৰ দৰে আজিও সংবাদ মাধ্যমত কয়-তেওঁলোকৰ পুত্ৰই সুৰাটো দুৰৰে কথা আন কোনো নিচাযুক্ত দ্ৰব্য সেৱন নকৰে।

আৰক্ষীয়ে আমাৰ লৰা আৰু আৰক্ষী বিষয়া প্ৰদীপ বনিয়াক সুৰাপান কৰাৰ পৰীক্ষা কৰক। তেতিয়া সকলো ৰহস্য ওলাই পৰিব।উল্লেখ্য যে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ কাৰ্যকালত ইয়াৰ পূৰ্বে ১১টাকৈ এনকাউন্টাৰ সংঘটিত হৈছিল। ইতিমধ্যে আৰক্ষী বিষয়া প্ৰদীপ বনিয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।

নগাঁৱৰ ছাত্র নেতাৰ ওপৰত গুলীচালনাৰ ঘটনাৰ বুজ লবলৈ আজি নগাঁৱত উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালক জে পি সিং। শীৰ্ষ বিষয়া গৰাকীয়ে কালি হৈ যোৱা এই ঘটনাৰ এক কমিচনাৰ পৰ্যায়ৰ তদন্ত কৰা হব বুলি মত প্ৰকাশ কৰাৰ লগতে এই সম্পৰ্কে অসম চৰকাৰৰ গৃহ বিভাগ আৰু আৰক্ষী সঞ্চালক প্ৰধানক নগাঁৱৰ সামগ্ৰিক ঘটনাৰ সবিশেষ তথ্য অৱগত কৰা হব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।

বিষয়া গৰাকীয়ে লগতে কয় গুলীচালনা কৰাতকৈ গুলীচালনা নকৰাকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰাটোতহে গুৰুত্ব দিব লাগে আৰু নগাঁৱৰ এই ঘটনাৰ তদন্ত কম দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হব বুলি ব্যক্ত কৰে ।

মুৰুলী বৰুৱা, নগাঁও

মুৰুলী বৰুৱা, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্রীণ টিৰ উপকাৰিতা জানো আহক

গ্রীণ টিৰ উপকাৰিতা জানো আহক

August 25, 2025 6:45 am
বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্রীণ টিৰ উপকাৰিতা জানো আহক

গ্রীণ টিৰ উপকাৰিতা জানো আহক

August 25, 2025 6:45 am
বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd