• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰ জিলা বৈদিক সমাজৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
January 30, 2022 8:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বৈদিক বৈষ্ণৱ সমাজৰ অন্তৰ্গত কলিয়াবৰ জিলা বৈদিক সমাজৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি তিনিদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ বৰভগীয়া কঢ়ালগাঁও হৰি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হৈ যায়।

নিজ বৰভগীয়া-মিছামুখ আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত ২৮, ২৯ আৰু ৩০ জানুৱাৰীত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনখনৰ আজি সামৰণি পৰে।

Apply Now

কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ আৰু প্ৰতিনিধি বৰ্গৰ উপস্থিতিৰে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় অধিৱেশন স্থলীত। তিনিও দিন ধৰি হৰিনাম আৰু দেৱ বাদ্যৰ ধ্বনিৰে মুখৰিত হৈ উঠে কঢ়ালগাঁও হৰিমন্দিৰ প্ৰাংগন। ২৮ জানুৱাৰীত প্ৰাতঃকীৰ্তন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন আৰু ১৩ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ১৩ ভাগ ধৰ্মধ্বজা উত্তোলনৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ঘটে। ইয়াৰ পিছতে যুৱ আৰু মহিলা সমাজৰ প্ৰতিনিধি সভাৰ লগতে অনুষ্ঠিত হয় কলিয়াবৰ জিলা বৈদিক সমাজৰ প্ৰতিনিধি সভা।

প্ৰতিনিধি সভাত যুৱ, মহিলা সমাজ আৰু জিলা বৈদিক সমাজৰ নতুন সমিতিও গঠন কৰা হয়। বিমল বৰাক সভাপতি, পিংকু মনি বৰাক কাৰ্যকৰী সভাপতি আৰু জয়ন্ত বৰকাকতিক প্ৰধান সম্পাদক হিচাপে লৈ গঠন কৰা হয় কলিয়াবৰ জিলা যুৱ বৈদিক সমাজৰ সমিতিখন। আনহাতে ঘনকান্তি শইকীয়াক সভানেত্ৰী আৰু সংগীতা পূজাৰীক সম্পাদিকা হিচাপে লৈ মহিলা বৈদিক সমাজৰ সমিতিখন গঠন কৰা হয়। একেদৰে যজ্ঞোৰাম বৰাক সভাপতি, পুলিন হাজৰিকাক কাৰ্যকৰী সভাপতি আৰু মৃণাল হাজৰিকাক প্ৰধান সম্পাদক হিচাপে লৈ গঠন কৰা হয় কলিয়াবৰ জিলা বৈদিক সমাজৰ নতুন সমিতিখন।

অধিৱেশনৰ লগত সংগতি ৰাখি ২৯ জানুৱাৰীত অনুষ্ঠিত হয় মহিলাৰ দিহা নাম আৰু যুৱকৰ সূত্ৰধাৰ নৃত্য প্ৰতিযোগিতা। দিহা নাম প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে হাটবৰ সন্মিলিত গোপীনি সমাজে। দ্বিতীয় স্থান দখল কৰে বাঘজানৰ আল্পনা গোপীনি সমাজে। আখিৰঙা গোপীনি সমাজে তৃতীয় স্থান দখল কৰে। সূত্ৰধাৰ নৃত্য প্ৰতিযোগিতাত সৌৰভ জ্যোতি বৰাই প্ৰথম, ধীৰাজ বৰাই দ্বিতীয় আৰু নয়নজ্যোতি শইকীয়াই তৃতীয় স্থান দখল কৰাৰ লগতে লক্ষ্যজ্যোতি হাজৰিকাক উদগনিমূলক বঁটা প্ৰদান কৰা হয়।

অধিৱেশনৰ লগত সংগতি ৰাখি ৩০ জানুৱাৰীত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। পূৰ্ণানন্দ বৈশ্যৰ পৰিচালনাৰে অসমীয়া কলা-সংস্কৃতি প্ৰদৰ্শনৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাটি উদ্বোধন কৰে প্ৰবীণ সাংস্কৃতিক কৰ্মী কমলা হাজৰিকাই। প্ৰতীকি নামঘৰ, অংকীয়া ভাওনা, সত্ৰীয়া সংস্কৃতি, দিহা নাম, বিহু, বিয়া নাম আদিৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ উপাদানৰে বৈচিত্ৰ্যময় সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

সামৰণি দিনা বিয়লি যজ্ঞোৰাম বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নবীন বৰঠাকুৰে। তিতাবৰৰ মহিমাবাৰী কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোনাৰাম শৰ্মা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। তত্তগধুৰ ভাষণ প্ৰসংগত বুঢ়াভকত গৰাকীয়ে কয় যে, শাস্ত্ৰীয় বিধি বিধান সমূহ উপলব্ধি কৰি বেদধৰ্ম পালনেই হৈছে হিন্দু ধৰ্মৰ প্ৰধান লক্ষ্য।

বেদ-উপনিষদ-পুৰানৰ ব্যাখ্যাৰে নিৰ্দিষ্ট বক্তা গৰাকীয়ে সামাজিক ক্ষেত্ৰত পালন কৰিব লগীয়া বিভিন্ন নিয়মাৱলী ভাষণত দাঙি ধৰে। বাকৰিয়াল সত্ৰৰ সত্ৰাধিকাৰ প্ৰভাত গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰা সভাখনতে কামাখ্যা গাঁৱৰ নবীন বৰা, জমখলাৰ গোলাপ শইকীয়া, আঞ্জুকপানীৰ ভদ্ৰেশ্বৰ শইকীয়া, কুঁৱৰীটোল দেউৰী গাঁৱৰ গোপাল বৰা, ওপৰ গাঁৱৰ ভগীৰথ ভূঞা, পানীগাঁৱৰ নিত্যানন্দ হাজৰিকা আৰু ওপৰ কঢ়াল গাঁৱৰ পুতন শইকীয়াক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ইফালে, বৈদিক সমাজৰ অধিৱেশনত উপস্থিত হৈ সেৱা লোৱাৰ লগতে বৈদিক সমাজৰ ৰাজ্যিক মুখ্য কাৰ্যালয় কলিয়াবৰতে স্থাপনৰ অগ্ৰগতিৰ কথা সদৰি কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই।

ৰিদিপ শৰ্মা,কলিয়াবৰ

ৰিদিপ শৰ্মা,কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd