• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলহীৰ ৰূপত ‘অভিনেত্ৰী’ চোৰ! লুটিলে নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ

মৃদুল প্ৰীতম ডেকা, কামৰূপ by মৃদুল প্ৰীতম ডেকা, কামৰূপ
February 2, 2022 7:59 am
Guest robs jewellery with cash
223
VIEWS
Share on FacebookShare on Twitter

হাজোত এইবাৰ অভিনেত্ৰী চোৰৰ চাফাই অভিযান। আলহী খাবলৈ আহি অভিনেত্ৰীয়ে লুটি লৈ গ’ল নগদ ধন সহ সোণৰ আ-অলংকাৰ।

এই চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে হাজোৰ কেতেকীবাৰীত। কেতেকীবাৰীৰ নৃপেন পাটোৱাৰী নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনাটো।

আলহী খাবলৈ আহি চিম্পী শইকীয়া নামৰ ভাগ্যদেৱী থিয়েটাৰৰ প্ৰাক্তন অভিনেত্ৰী গৰাকীয়ে সংঘটিত কৰিছে এই চুৰিকাণ্ডৰ ঘটনা।

উল্লেখ্য যে, যোৱা নৱেম্বৰ মাহত হাজোৰ কেতেকীবাৰীত ভাগ্যদেৱী থিয়েটাৰে মঞ্চস্থ কৰিছিল নাট। সেই সময়ত স্থানীয় নৃপেন পাটোৱাৰী নামৰ লোকজনৰ ঘৰত থাকিছিল অভিনেত্ৰী চিম্পী শইকীয়াই।

সেই সময়ৰ পৰাই অভিনেত্ৰী গৰাকী ঘনিষ্ঠ হৈ পৰিছিল নৃপেন পাটোৱাৰীৰ পৰিয়ালৰ সৈতে। পাটোৱাৰীৰ পৰিয়ালৰে চিম্পীৰ, ফোনত প্ৰায়েই চলিছিল কথা বতৰা।

ইয়াৰেই সুযোগ লৈ পুনৰ জানুৱাৰী মাহত মাঘ বিহু খাবলৈ বুলি নৃপেন পাটোৱাৰীৰ ঘৰ পাইছিলহি চিম্পী।

পাটোৱাৰীৰ পৰিয়ালটোৰ সৈতে বাৰ দিন অতিবাহিত কৰাৰ পাছত চিম্পীয়ে সুবিধা বুজি গডৰেজৰ পৰা নগদ ৫০ হাজাৰ টকাৰ লগতে প্ৰায় ডেৰ লাখ টকাৰ সোণৰ চেইন, আঙঠি আৰু কাণফুলি লৈ যায় চুৰি কৰি।

অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নৃপেন পাটোৱাৰীৰ পৰিয়ালৰ লোকে। নৃপেন পাটোৱাৰীয়ে ৰুগীয়া পত্নীৰ চিকিৎসাৰ বাবে ঘৰত মজুত ৰাখিছিল টকাখিনি।

এই চুৰিকাণ্ডৰ পাছতে এতিয়া কান্দোনত ভাগি পৰিছে নৃপেন পাটোৱাৰীৰ পত্নী। কিদৰে কৰিব চিকিৎসা, কিয় বিশ্বাসত লৈছিল চিম্পী শইকীয়াক!

উপায়হীন হৈ পৰিয়ালটোৱে এতিয়া কাষ চাপিছে হাজো আৰক্ষীৰ। ইতিমধ্যে হোজো আৰক্ষী চকীত পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd