ৰাজ্যজুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো কিন্তু বন্ধ হোৱা নাই এই বেহা ৷ উঠি অহা প্ৰজন্মৰ জীৱনক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই ড্ৰাগছৰ বিৰুদ্ধে বঙাইগাঁও জিলাতো আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ইয়াৰ মাজতে বঙাইগাঁও আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত ত্ৰিপুৰাৰ দুজন যুৱক আৰু এগৰাকী মহিলাৰ লগতে চাৰিজনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে
৷ এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক মণিকান্ত চামুৱাই বৃহস্পতিবাৰে সংবাদ মাধ্যমক জানিব দিয়া মতে বুধবাৰে বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ ওচৰত বাহিৰৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰী অহা বুলি এক গোপন সূত্ৰে তথ্য লাভ কৰে ৷
এই তথ্যৰ ভিত্তিত পিচত নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ সমীপৰ পৰা আলিমুদ্দিন( ২০) নামৰ ত্ৰিপুৰাৰ এজন যুৱকক আটক কৰে ৷
আৰক্ষীয়ে ধৃত যুৱকজনক আটক কৰি সোধ- পোচ কৰাত ড্ৰাগছৰ বেহাৰ লগত জড়িত বুলি স্বীকাৰ কৰাৰ লগতে চিৰাং জিলাৰ ছাতিপুৰৰ ৰাইজউদ্দিন আলী ওৰফে ভূটীয়া নামৰ ব্যক্তি এজনৰ ঘৰত ড্ৰাগছ মজুত ৰখা বুলি প্ৰকাশ কৰে ৷ আৰক্ষীয়ে পিচত অটকাধীন আলিমুদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত তথা যুৱকজনক লগতলৈ ছাতিপুৰৰ ৰাইজউদ্দিন আলী ওৰফে ভূটীয়াৰ গৃহত অভিযান চলায় ৷ এই অভিযানৰ সময়তে আৰক্ষীয়ে ১৭ টা ব্ৰাউন চুগাৰভৰ্তি কণ্টেইনাৰ, নগদ ৮৪ হাজাৰ টকা জব্দ কৰাৰ লগতে ত্ৰিপুৰাৰ চিমিৰুদ্দিন (২৬) নামৰ আন এজন যুৱকক পত্নী জেছমিনা বেগম ( ২৫) সহ আটক কৰে ৷
লগতে ৰাইজউদ্দিন আলীকো (৩৪) আটক কৰে ৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ পৰিমাণ ২৫.৫ গ্ৰাম হ’ব ৷ আৰক্ষীয়ে ইতিমধ্যে আটকাধীনকেইজনৰ বিৰুদ্ধে ৭১/২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ৷ লগতে বৃহস্পতিবাৰে আটাইকেইজনকে আৰক্ষীয়ে বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে চিমিৰুদ্দিনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে মহিলাসহ আন তিনিজনক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
আৰক্ষীয়ে ধৃতকেইজনৰ পৰা চাৰিটা মোবাইলো জব্দ কৰিছে ৷ লগতে চাৰিওজন ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আৰু ত্ৰিপুৰাৰৰ পৰা ড্ৰাগছ আনি ব্যৱসায় চলাই আহিছিল বুলিও জানিবলৈ দিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে উপ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা মতে ত্ৰিপুৰাৰ পৰা নিশা ৰে’লযোগে নিউ বঙাইগাঁওলৈ আহিছিল ত্ৰিপুৰাৰ যুৱক আৰু মহিলাৰ তিনিজনীয়া দলটি ৷ আৰক্ষীয়ে বৰ্তমান চিমিৰুদ্দিনক জেৰা অব্যাহত ৰাখিছে ৷