নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়াৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় ৷
জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালি অঞ্চলৰ গটঙাৰ ৰাজু দে (৪৮ )নামৰ লোক জনে নিজ ঘৰৰ পৰা পুৱা প্ৰায় ৬-৪৫ মান বজাত আমনি অঞ্চলত থকা নিজা ব্যৱসায় প্ৰতিষ্ঠানলৈ ওলাই আহিছিল।
নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ এএছ ১ এ পি ০৮ ৩০ নম্বৰৰ স্কুটি খনৰে গৈ থকা অৱস্থাত ৰঙাগড়াৰ ৰাষ্ট্ৰীয় ঘাইপথত একে দিশৰ পৰা গৈ থকা এএছ ০১ জে চি ৯০৮২ নম্বৰৰ ব’লেৰো গাড়ীয়ে খুন্দা মাৰে৷ ফলত ৰাজু দে নামৰ ব্যৱসায়ীজন থিতাতে নিহত হয় ৷
লগতে পঢ়ক: শিৱসাগৰ জতকীয়াৰ চাৰিআলি অ’এন জি চি-জিজিএছত নিশা ভয়ংকৰ অগ্নিকাণ্ড
পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাটো সংঘটিত কৰা উক্ত ব’লেৰো গাড়ী খন জব্দ কৰাৰ লগতে ব্যৱসায়ী জনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে ব্যৱসায়ী ৰাজু দে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে আমনি ব্যৱসায়ী সন্থাৰ কাৰ্যকৰী কমিটিৰ সদস্য তথা আমনি দূৰ্গা পুজা কমিটিৰ সদস্য আছিল ৷
লগতে পঢ়ক:যোৰহাটৰ নিমাতি ঘাটত পুনৰ এক অঘটন; কন্যাসহ আত্মহত্যাৰ চেষ্টা মাতৃৰ
ব্যৱসায়ী জনৰ মৃত্যুত আমনি ব্যৱসায়ী কমিটি আৰু আমনি দূৰ্গা পূজা কমিটিৰ লগতে অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোঁক প্ৰকাশ কৰিছে ৷