• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কিয় আক্ৰমণ কৰিলে ইউক্ৰেইন? এই যুদ্ধৰ সৈতে জড়িত কেইটামান দিশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2022 3:33 pm
Russia-Ukrain war
488
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলি বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি পুৱা চাৰে আঠ বজাত এক টেলিভিশ্বন বাৰ্তাৰ জৰিয়তে ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ কথা ঘোষণা কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে।

পুটিনে তেওঁৰ বাৰ্তাত ইউক্ৰেইনৰ সেনাক অস্ত্ৰ সম্বৰণ কৰাৰ কথাও কয়। সমান্তৰালভাৱে ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা চলিছে ৰাষ্ট্ৰসংঘত।

ইতিমধ্যে যুদ্ধ আৰম্ভ হোৱা এই ঘটনাৰ সৈতে জড়িত কেইটামান দিশৰ ওপৰত এবাৰ আলোকপাত কৰি চোৱা যাওক-  

ভাৰতীয় সময় অনুসৰি পুৱা চাৰে আঠ বজাত ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে যুদ্ধ ঘোষণা কৰে। পুটিনে ইউক্ৰেইনৰ সেনাক অস্ত্ৰ সম্বৰণ কৰাৰ বাবেও আহ্বান জনায়।

লগতে পঢ়ক: যুদ্ধৰ দাবানল: মাজবাটৰ পৰাই ঘূৰি আহিল ইউক্ৰেন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুটিনে এই যুদ্ধৰ বাবে ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰ বাবে ইউক্ৰেইনেই ইয়াৰ দায়িত্ব ল’ব লাগিব বুলিও ঘোষণা কৰে।

ৰাষ্ট্ৰসংঘৰ জৰুৰী অধিৱেশনত ইউক্ৰেইনৰ প্ৰতিনিধিয়ে কয়,’’এতিয়া অস্ত্ৰ সম্বৰণৰ কথা কোৱাৰ সময় উকলি গৈছে। আমাৰ দেশত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হৈ গৈছে।‘’

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক সেনা বাহিনী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। জৰুৰী অধিৱেশনত তেওঁ কয়,’’ৰাষ্ট্ৰপতি পুটিন আপোনাক আনুৰোধ জনাওঁ, অনুগ্ৰহ কৰি আপোনাৰ বাহিনীক ৰখাওঁক। সেনা ওভতাই নিয়ক। অনুগ্ৰহ কৰি শান্তি বজাই ৰাখক।‘’

লগতে পঢ়ক: ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ: ২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতি বেৰেল তেলৰ দাম বাঢ়িল ১০০ ডলাৰকৈ

ৰাছিয়াৰ আক্ৰমণৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে। তেওঁ কয়,’’বিনা প্ৰৰোচনাত তথা যুক্তিহীনভাৱে চলোৱা এই আক্ৰমণৰ সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব ৰাছিয়াই।ৰাছিয়াৰ বাবে ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব।‘’

ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ আটাইতকৈ বৃহৎ বিমানবন্দৰ বৰিস্পীলত গুলীচালনাৰ ঘটনা ঘটিছে। দেশখনৰ আন আন প্ৰান্ততো গুলীবৰ্ষণৰ বাতৰি পোৱা গৈছে।

মাজনিশা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দেশবাসীৰ উদ্দেশ্যে দিয়া ভাষণত ৰাছিয়াৰ সচেতন নাগৰিকসকলক যুদ্ধৰ বিৰুদ্ধে মাত মতাৰ বাবে আহ্বান জনায়।

আনহাতে, ২৪ ঘন্টা পূৰ্বে ৰাছিয়াৰ ওপৰত আমেৰিকা আৰু ইউৰোপে নিষেধাজ্ঞা জাৰি কৰিও মস্কোক সেনা অভিযানৰ পৰা বিৰত ৰাখিব নোৱাৰিলে।

লগতে পঢ়ক: ডাঙৰ খবৰ: অৱশেষত আক্ৰমণ! ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে ৰাছিয়াই

ইপিনে, ইউক্ৰেইনৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি যিকোনো মুহূৰ্ততে ৰাছিয়াৰ ৰকেট আক্ৰমণ আৰম্ভ হ’ব পাৰে বুলি আন্তৰ্জাতিক সংবাদ সংস্থাই বাতৰি পৰিৱেশন কৰিছে।           

Recent News

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd