• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা স্বাধীনৰ দুজন দুৰ্ধৰ্ষ সদস্য ধনী অসম আৰু জাগৰণ অসমৰ আত্মসমৰ্পণ

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
March 3, 2022 8:38 pm
আত্মসমৰ্পন কৰা আলফা স্বাধীনৰ সদস্যদ্বয় ক্ৰমে ধনী অসম আৰু জাগৰণ অসম। ফটো: নৰ্থইষ্ট নাও।

আত্মসমৰ্পন কৰা আলফা স্বাধীনৰ সদস্যদ্বয় ক্ৰমে ধনী অসম আৰু জাগৰণ অসম। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ আলফা স্বাধীনত অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীৰ যোগদানৰ বাতৰিয়ে শিৰোনাম দখল কৰি থকাৰ সময়তেই আলফা স্বাধীনৰ দুজন দুৰ্ধৰ্ষ সদস্য আৰক্ষী আৰু সেনাৰ হাতত ধৰা পৰাৰ পিছত আত্মসমৰ্পণ কৰিছে।

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙৰ গভীৰ অৰণ্যত সেনা-আৰক্ষীৰ ব্যাপক উগ্ৰপন্থী বিৰোধী অভিযানত ম্যানমাৰৰ আলফা স্বাধীনৰ শিৱিৰৰ পৰা নামি অহা আলফাৰ এটা সাতজনীয়া দলৰ দুজন আটক হোৱাৰ পিছত তেওঁলোকে নিৰাপত্তা বাহিনীৰ ওচৰৰ আত্মসমৰ্পণ কৰে।

Apply Now

উজনিৰ উপ আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত উগ্ৰপন্থীৰ বিৰুদ্ধে চলা এই অভিযানত দলটোৰ সদস্য ধনী অসমে ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।

তিনিচুকীয়া আৰক্ষীয়ে ধনী অসমৰ পৰা এটা HK 33 ৰাইফল, তিনিটা মেগজিন, এটা চাইনিছ গ্ৰেনেড আৰু ৯০ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: ইউক্ৰেইন আক্ৰমণৰ দ্বাৰা উৎসাহিত হৈ টাইৱানত আক্ৰমণ চলাব চীনে: ডোনাল্ড ট্ৰাম্প

ধনী অসম আত্মসমৰ্পণ কৰাৰ পিছত সাতজনীয়া দলটো ঘন জংঘলত ছেদেলি ভেদেলি হৈ পৰিছিল। দলটোত আছিল কেপ্তেইন মিগাংক অসম, কেপ্তেইন ধনী অসম, জ্ঞান অসম, ইয়াংকু অসম, জাগৰণ অসম আৰু দুগৰাকী এনএছচিএন( কে ৱাই কে)ৰ সদস্য।

ইয়াৰে এগৰাকী সদস্য জাগৰণ অসমে আজি অসম আৰক্ষীৰ উপ আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলেৰ ওচৰত আত্মসমৰ্পণ কৰে। তিনিচুকীয়া আৰক্ষীয়ে আত্মসমৰ্পণ কৰা জাগৰণ অসমৰ পৰা  এটা MQ 81 ৰাইফল সহ তিনিটা মেগজিন আৰু ১৪৮ জাই সজীৱ গুলী উদ্ধাৰ কৰে।

জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ। ফটো: নৰ্থইষ্ট নাও।

দুয়োজন আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পণ কৰাৰ পিছত আজি সন্ধিয়া তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে এখন সাংবাদমেল মাতি  কয় যে আলফা স্বাধীনৰ সাতজনীয়া গোটটো নতুন যুৱক-যুৱতীক যোগদান, ধন দাবী আদি কাৰ্য্যকলাপৰ বাবে ম্যানমাৰৰ শিবিৰৰ পৰা নামি আহিছিল।

ইয়াৰ দুজন ক্ৰমে ৰবীন নেওগ ওৰফে ধনী অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰু আনজন নিলোৎপল তামুলী ওৰফে জাগৰণ অসমৰ ঘৰ চৰাইদেউ জিলাত।

ম্যানমাৰৰ আলফা স্বাধীনৰ ৭৭৭ কেম্পৰ পৰা আলফা স্বাধীনৰ এই দলটো আহিছিল বুলি আৰক্ষী অধীক্ষক দেউৰীয়ে জানিবলৈ দিয়াৰ লগতে কয় যে প্ৰায় ৩০ কেজি বিস্ফোৰক সামগ্ৰী চাংলাং জিলাৰ অৰণ্যৰ বিভিন্ন স্থানত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয়।

তেওঁ কয় যে বাকী কেইজনে যদি আত্মসমৰ্পণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেনেহ’লে চৰকাৰ প্ৰশাসনৰ দুৱাৰ সদায় মুকলি হৈ আছে। ইয়াৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থাও গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছে।

আনহাতে, উগ্ৰপন্থী বিৰোধী অভিযান বৰ্ত্তমানেও চলি থাকিব বুলি আৰক্ষী অধীক্ষক দেউৰীয়ে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে। 

ইপিনে তিনিচুকীয়া আৰক্ষীয়ে আলফা স্বাধীনৰ দলটোৰ আন ৫জন সদস্যক বিচাৰি অভিযান অব্যাহত ৰখাৰ কথা সাংবাদিকক জনায়।

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd