আজি মণিপুৰত অনুষ্ঠিত হয় ৰাজ্য খনৰ বিধানসভাৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ।
অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ৰাজ্য খনৰ কেইবাঠাইতো নিৰ্বাচনী হিংসা সংঘটিত হোৱাৰ খবৰ আহিছে।
আজি ভোটগ্ৰহণৰ সময়তে ৰাজ্য খনৰ সেনাপতি আৰু থৌবাল জিলাত নিৰ্বাচনী হিংসাত দুজন লোক নিহত হয়।
সেনাপতি জিলাৰ কাৰোং সমষ্টিৰ এখন বিদ্যালয়ৰ ভোটকেন্দ্ৰত ইভিএম কাঢ়ি নিবলৈ চেষ্টা কৰা একাংশ লোকৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰাত এজন লোক নিহত হয়।
নিহত লোক জনৰ নাম কে লংভাও বুলি জানিব পৰা গৈছে।
আনহাতে ভি চাওপ নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়।
একেদৰে এজন কংগ্ৰেছ কৰ্মীয়ে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ কিছুসময় পূৰ্বে শনিবাৰে পুৱতি নিশা থৌবালত ২৫ বছৰীয়া এল আমুবা সিং নামৰ এজন বিজেপি কৰ্মীক গুলীয়াই হত্যা কৰে।