• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত পত্নীক হত্যা কৰি পুতি থোৱাৰ ষড়যন্ত্ৰ: নিজৰ কোঠালিতে স্বামীয়ে খান্দিলে কবৰ

ৰঙাঘৰৰ আলহী হ'ল অভিযুক্ত নাছিৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 6, 2022 2:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত দনকিনামাৰীত সংঘটিত এক ভয়ংকৰ ঘটনা। নিজৰ পত্নীক হত্যা কৰি পুতি থোৱাৰ মানসেৰে নাছিৰ আলী(৩৩) নামৰ এজন ব্যক্তিয়ে নিজৰ শুৱনি কোঠালিৰ ভিতৰত খান্দে কবৰ ৷

পিচত সমগ্ৰ বিষয়টো পোহৰলৈ অহাত ৰাইজৰ প্ৰচেষ্টাত সম্প্ৰতি ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে নাছিৰ আলী ৷ ৰাইজৰ অভিযোগ মতে যৌতুকজনিত কাৰণত পত্নীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছিল নাছিৰে ৷

Apply Now

উল্লেখ্য যে প্ৰায় ৬ বছৰ পূৰ্বে একে গাঁৱৰে ৰৌশনাৰা বেগম (২৪) নামৰ এগৰাকী যুৱতীক বিয়া পাতিছিল নাছিৰে ৷ বৰ্তমান তেওঁলোকৰ এটি ৫ বছৰীয়া কন্যা সন্তানো আছে।

বৃহস্পতিবাৰৰ নিশা নাছিৰে ঘৰত আহি অতৰ্কিতে তেওঁৰ পত্নী আৰু কন্যাক কীটনাশক জাতীয় দ্ৰব্য ফুৰাডন খুৱাবলৈ চেষ্টা কৰিছিল। ফলত পত্নী ৰৌশনাৰা বেগমে কণমানি কন্যাক লগতলৈ পলাই গৈ ওচৰৰে মাকৰ ঘৰলৈ গৈ আশ্ৰয় লয়।

পিছদিনা ৰাতিপুৱা নাছিৰে তেওঁৰ পত্নী ৰৌশনাৰা বেগমক ঘৰলৈ আহিবলৈ খবৰ দিয়ে। কিন্তু ৰৌশনাৰাই স্বামী গৃহলৈ প্ৰত্যাৱৰ্তন নকৰি সমগ্ৰ বিষয়টো পিতৃ- মাতৃক অৱগত কৰে আৰু তেওঁলোকক স্বচক্ষে প্ৰত্যক্ষ কৰাৰ বাবে পঠিয়ায় ৷

পৰিয়ালৰ লোকে নাছিৰৰ ঘৰলৈ গৈ ঘৰৰ মজিয়াত কবৰ খান্দি থোৱা প্ৰত্যক্ষ কৰাত প্ৰকৃত সত্য পোহৰলৈ আহে ৷

ঘটনাটোকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । পিছত গাঁৱৰ ৰাইজৰ সহযোগত ৰৌশনাৰা বেগমৰ আত্মীয়ই নাছিৰ আলীক আটক কৰি বঙাইগাঁৱৰ আৰক্ষীক খবৰ দিয়ে।

বঙাইগাঁও সদৰ থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নাছিৰ আলীক আটক কৰে।

ঘটনা সম্পৰ্কত আৰক্ষীয়ে নাছিৰৰ এনে কাণ্ডৰ বিষয়ে জানিব বিচৰাত নাছিৰে কয় যে ঘৈণীয়েকে হেনো তেওঁক বিবাহ বিচ্ছেদ দিয়াৰ পৰিকল্পনা কৰিছিল আৰু এনে পৰিস্থিতিত তেওঁ আত্মহত্যা কৰাৰ বাবেই সেই গাঁত খান্দিছিল।

ঘটনা সন্দৰ্ভত আক্ষীয়ে নাছিৰ আলীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে জেললৈ প্ৰেৰণ কৰিছে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd