• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰূপা পটংগীয়া কলিতাৰ নৱতম উপন্যাস ‘জছনাৰ ঝিটাছ’ উন্মোচন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 6, 2022 9:45 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথিতযশা লেখিকা অৰূপা পটংগীয়া কলিতাৰ নৱতম উপন্যাস ‘জছনাৰ ঝিটাছ’ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক অনুষ্ঠানত উন্মোচন কৰা হয়।

চাহ বাগিচাৰ স্বাধীনতা সংগ্ৰামী মহিলা দুৰ্গী ভূমিজৰ দুখ-দুৰ্দশা ভৰা জীৱনৰ আলমত ৰচিত এই  উপন্যাস খন উন্মোচন কৰে প্ৰখ্যাত লেখিকা নিৰুপমা বৰগোঁহায়ে।

Apply Now

শাৰীৰিক অসুস্থতাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত তেখেতে বাসগৃহৰ পৰাই উপন্যাস খন উন্মোচন কৰি চমুকৈ দু-আষাৰ কয়।

অৰূপা পটংগীয়া কলিতাৰ দৰে এগৰাকী প্ৰসিদ্ধ লেখিকাৰ কিতাপ উম্নোচন কৰিবলৈ পাই পৰম সুখী বুলি তেওঁ মন্তব্য কৰে।

অনুষ্ঠানত ভাষণ দি লেখক দিগন্ত ওজাই অৰূপা পটংগীয়া কলিতাৰ উপন্যাসৰ বিষয়ে চমুকৈ আলোকপাত কৰে।

কলিতাৰ সৃষ্টিৰ চুম্বকীয় সন্মোহনৰ এটা কাৰণ তেওঁৰ গল্প-উপন্যাসত অকথিত জীৱনৰ কঠিন কাহিনী-বৰ্ণনত প্ৰায়েই ফুটি উঠা কাব্যিকতা বুলি উল্লেখ কৰে ওজাই।

‘তেওঁৰ প্ৰায়বোৰ গল্প-উপন্যাসৰ বিষয়বস্তু অধ্যয়ন-আধাৰিত, অথচ তথ্যৰ বিৰক্তিকৰ উল্লেখৰ পৰা মুক্ত, কোনো ৰচনাৰ আৰম্ভণিতে আকৰ্ষণৰ মায়াজাল নাই— কিন্তু পঢ়ুৱৈৰ বাবে আছে অনায়াস যাত্ৰা আৰু বিচৰণৰ পাৰপত্ৰ ৷ এই বৈশিষ্ট্যবোৰ হয়তো সম্ভৱ হৈছে সময়-সমাজ, বিষয়-পঢুৱৈৰ প্ৰতি লেখিকাৰ সমান্তৰাল সংবেদনশীলতাৰ বাবে” ওজাই কয়।

লেখক-সমাজ কৰ্মী পৰেশ মালাকাৰে তেওঁৰ ভাষণত উপন্যাসৰ খনৰ চমৎকাৰ ভাষা আৰু কথনশৈলীৰ বিষয়ে উল্লেখ কৰে।

তৰুণ লেখক আবিদ আজাদে উপন্যাসখনৰ আঁৰৰ কাহিনী আৰু পটভূমিৰ বিষয়ে কয়।

‘জছনাৰ ঝিটাছ’ (জোনাকৰ চিটিকনি) নামৰ উপন্যাসখন লিখাৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল বুলি উল্লেখ কৰি লেখিকা কলিতাই কয় যে দুৰ্গী ভূমিজৰ বিষয়ে তথ্য বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল।

উপন্যাস খনৰ কাহিনীটো আগুৱাই নিওঁতে তেওঁ লোকগাথা , পুৰাকথাৰ সহায় লোৱা বুলি উল্লেখ কৰে।

উপন্যাসখনত কিছু শৰীৰী বৰ্ণনা আছে বুলি উল্লেখ কৰি কলিতাই কয় যে দুৰ্গীৰ প্ৰতি চাহাবৰ যি আকৰ্ষণ ,সেয়া শাৰীৰিক আছিল । দুৰ্গীৰ সৈতে চাহাবৰ কোনো মনৰ সম্পৰ্ক নাছিল।

লেখক প্ৰদীপ্ত বৰগোঁহায়ে সমাজৰ বঞ্চিত, লাঞ্চিত মানুহৰ প্ৰতি অৰূপা পটংগীয়া কলিতাৰ লেখাত সহমৰ্মিতা ফুটি উঠে বুলি উল্লেখ কৰে।

স্তুতি গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত লেখক বিৰিঞ্চি কুমাৰ দাস, পৱ্ন কুমাৰ চহৰীয়ায়ো লেখিকা কলিতাৰ সৃষ্টিৰ বিষয়ে চমুকৈ কয়।

অনুষ্ঠানত সদৌ অসম ভুমিজ সমাজে লেখিকাগৰাকীক সম্বৰ্ধনা জনায়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd