• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কাশ্মীৰ ফাইলছ্

ডঃ হীৰেন গোহাঁই by ডঃ হীৰেন গোহাঁই
March 18, 2022 8:59 pm
hiren gohain(2)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰীয়ে “কাশ্মীৰ ফাইলছ্” নামৰ কথাছবিখন চাবলৈ ৰাইজক উৎসাহিত কৰিবলৈ এটা দিন চৰকাৰী অৰ্ধছুটি মঞ্জুৰ কৰিছে বুলি বাতৰি কাকতত ওলাইছে। যদি সঁচা হয়, ই এক অভিলেখ হ’ব। ইয়াৰ পূৰ্বে কোনো অসমীয়া ছবিৰ বাবেও অৰ্ধছুটিৰ অনুমোদন দিয়াৰ নজিৰ নাই। কথাটো তাৎপৰ্যপূৰ্ণ। তাৰ লগত যুৰি দিব খোজোঁ ৩৫ শতাংশ জনসংখ্যাৰে মুছলমান অসমত সংখ্যালঘূ নহয় বুলি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে কৰা ঘোষণা। এইবোৰ কথাৰো এক ব্যাপক পটভূমি আছে। অলপতে (বোধহয় মাহচেৰেক হ’ল) সমগ্ৰ দেশক স্তম্ভিত কৰি হৰিদ্বাৰত এখন ‘সন্তসভা’ত কেইজনমান সন্যাসীয়ে আৰু পলম নকৰি হাতত বন্দুক-তৰোৱাল লৈ মুছলমান মানুহ এফালৰ পৰা নিধন কৰিবলৈ (হিন্দুক?) আহ্বান দিছিল। আৰ এছ এছৰ এখন বিশেষ সভাত তাৰ কাৰ্যনিৰ্বাহকে দেশবাসীক সাৱধানবাণী শুনাইছিল যে ভাৰতৰ চৰকাৰত দলে-দলে মুছলমান সোমাইছে ৰাষ্ট্ৰ কৰায়ত্ত কৰিবলৈ। চৰকাৰী চাকৰিত তলৰ পৰা ওপৰলৈ সমগ্ৰ দেশত মুছলমান চাকৰিয়ালৰ হাৰ বৰ বেছি ৩-৪ শতাংশ হ’ব। তেন্তে তেওঁলোকে কি অৰ্থত ৰাষ্ট্ৰ “দখল” কৰিবলৈ ওলাইছে বুলি দাবী কৰা হৈছে? কেনেকৈ কৰিব?

Assam CM see Kashmir Files

এনে ভিত্তিহীন যুক্তিহীন দাবীৰে ভাৰতত মুছলমান নাগৰিকক বিশ্বাসঘাতক শত্ৰু বুলি প্ৰতিপন্ন কৰিব বিচৰা হৈছে। এই পটভূমিতে “কাশ্মীৰী ফাইলছ্” নিৰ্মিত হৈছে। ছবিখন মই চোৱা নাই, তাৰ বিষয়ে মন্তব্য নকৰোঁ। ভাল নে বেয়া, সঠিক নে পক্ষপাতগ্ৰস্ত, মই নাজানোঁ। কিন্তু প্ৰধানমন্ত্ৰীয়ে কৈছে যে বহু “গুপুতে ৰখা তথ্য” এই কথাছবিখনে বেকত কৰিছে। “কাশ্মীৰ ফাইলছ্” নামটো John Le Carre ৰ Odessa Files নামৰ চোৰাংচোৱা বৃত্তিৰ গোপন আৰু অন্যায় প্ৰয়োগ সম্পৰ্কে লিখা কাহিনীৰ ভিত্তিত নিৰ্মিত এখন চাঞ্চল্যকৰ হলিউদৰ কথাছবি। “Files” শব্দটোৱে ইয়াত গুপুতে ৰখা কুৎচিত আৰু অসৎ কিবা চৰকাৰী কথা বা ৰহস্যৰ ইঙ্গিত দিছে।

কিন্তু ১৯৮৯ ৰ পৰা ১৯৯৫ লৈ কাশ্মীৰত হিন্দু পণ্ডিত সকলৰ ওপৰত কাশ্মীৰৰ মৌলবাদী সন্ত্ৰাসবাদী বিলাকৰ অতি নিষ্ঠুৰ, লোমহৰ্ষক নিৰ্যাতন আৰু তাৰ ফলত লাখ লাখ কাশ্মীৰী হিন্দু পণ্ডিতৰ কাশ্মীৰৰ পৰা নিঠৰুৱা অৱস্থাত পলায়ন কোনো গোপন কথা নহয়। সেই বিষয়ে সেই সময়ৰ কাকত-পত্ৰত বিস্তাৰিত প্ৰতিবেদন প্ৰকাশ পাইছিল। তদুপৰি এই সম্পৰ্কে ৰাজহুৱা প্ৰতিবেদনৰ উপৰি বহুকেইখন কিতাপ প্ৰকাশিত হৈছে। অলপতে প্ৰকাশ পোৱা তাৰে কেইখনমান ইংৰাজী কিতাপ হৈছে-

১)The Odyssey Of Kashmir Pandits (Dr M.L. Bhat ,2017)

২) Our Moon Has Blood Cloth (Rahul Pandita, 2013)

৩)Uprooted ( Rohit Tikoo, 2017)

এইবোৰ অত্যাচাৰ সত্য। আৰু তাৰ বিৱৰণে সাধাৰণ মানুহক শিঁহৰিত কৰে। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাৰ দৰে কথাবোৰ গাপ দি ৰখা হোৱা নাই। হিন্দী ভাষাতে এইবোৰ অত্যাচাৰ, গণ নিৰ্যাতনৰ বিষয়ে ঢেৰ কিতাপ থাকিব লাগে।

তেন্তে ইয়াৰ অন্তৰালৰ সত্য কি ?

উত্তৰ:

১)সমগ্ৰ মুশ্লিম সম্প্ৰদায়ক এটা ভয়ংকৰ নিষ্ঠুৰ, অত্যাচাৰী সম্প্ৰদায় বুলি তেওঁলোকৰ বিৰুদ্ধে সন্দেহ সৃষ্টি কৰা।

২)মোদীজীৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ বিলাকে এই তথ্য গাপ দি ৰখা বুলি এক শংকা সৃষ্টি কৰা তথা কংগ্ৰেছে ‘মুছলমান’ৰ এই ‘চক্ৰান্ত’ত মনে-মনে সহায়-সমৰ্থন দিয়া বুলি জনগণৰ মনত এটা উৎকণ্ঠা সঞ্চাৰ কৰা। অৰ্থাৎ কূট ৰাজনীতিৰে জনগণৰ মাজত বিভেদ, বিদ্বেষ, ত্ৰাস বিয়পাই দিয়াই এনে প্ৰচাৰৰ অভিপ্ৰায়।

WhatsApp Image 2022-03-18 at 8.45.36 PM

কিন্তু কথাটো হ’ল আলফাৰ নিষ্ঠুৰতাৰ বিৱৰণেৰে সমগ্ৰ অসমীয়া জাতিক হিংস্ৰ, নিষ্ঠুৰ প্ৰমাণ কৰা যেনেকৈ অন্যায় আৰু অসমীচিন হ’ব, তেনেকৈ এচাম সন্ত্ৰাসবাদীৰ আসুৰিক কাৰ্যকলাপেৰে সমগ্ৰ কাশ্মিৰী জনগণক কলংকিত কৰা অন্যায় আৰু অভিসন্ধিমূলক। ধৰ্মীয় সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ জনগণৰ চৰকাৰী সন্ত্ৰাসবাদৰ বিৰুদ্ধে দীৰ্ঘকালীন সংগ্ৰামৰ নেতৃত্ব দখল কৰিছিল ঘাইকৈ পাকিস্তানৰ সহায়ত। আৰু ধৰ্মীয় সন্ত্ৰাসবাদীয়ে কেৱল কাশ্মীৰী হিন্দু পণ্ডিত সকলকে অত্যাচাৰ কৰা নাই। সৎ আৰু নীতিনিষ্ঠ মুশ্লিম ব্যক্তিৰ ওপৰতো নিৰ্মম নিকৰুণ অত্যাচাৰ চলাইছে। (Tears of Jhelum, by Anita Krishan, 2017)। এসময়ত শিখ সন্ত্ৰাসবাদীয়েও পাঞ্জাৱী হিন্দুৰ ওপৰত অত্যাচাৰ চলোৱাৰ উপক্ৰম কৰিছিল বুলি তথ্য আছে। সত্যপাল দাঙৰ (Satyapal Dang) দৰে সৎ, সাহসী পাঞ্জাৱী হিন্দু সাংবাদিককো শিখ মৌলবাদী সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল। সন্ত্ৰাসবাদ কোনো বিশেষ সম্প্ৰদায় বা ধৰ্মৰ একচেতিয়া সম্পত্তি নহয়। গতিকে কাশ্মীৰী পণ্ডিত সকলৰ এই দুৰ্ভাগ্যজনক আৰু অতিশয় কৰুণ দুৰ্দ্দশা এচাম সন্ত্ৰাসবাদীৰ কু-কীৰ্তি। সকলো মুছলমানক যাতে তাৰ বাবে জগৰীয়া কৰা নহয়, মনত ৰাখিব লাগিব। এক শ্ৰেণীৰ মানুহে ছবিখনৰ গইনা লৈ তাকে কৰিব। ছবিখনত সৎ, মানৱীয় কাশ্মীৰী মুছলমানৰ কোনো পাৰ্শ্বচিত্ৰ আছে নে নাই নাজানোঁ। ছবিখনৰ পৰিচালকৰ ৰাজনীতিৰ ওপৰত কথাটো নিৰ্ভৰ কৰিব।

সমসাময়িক অসম

অসমৰ সাম্প্ৰতিক পৰিস্থিতিত মই অশান্তি পাইছো। অসমৰ বিজেপিৰ হুংকাৰ দিল্লীৰ বিজেপিৰ নেতৃত্বৰ ক্ষীণ প্ৰতিধ্বনি। তাত স্বকীয়তা বা নতুনত্ব একো নাই। বাজেটখনত কবিতা-চবিতা, মন্ত্ৰ-তন্ত্ৰ গাই ‘নমো নমোকৈ’ অ’ত পাঁচ টকা ত’ত দহ টকা খৰচ কৰি মানুহক ফুচুলোৱাৰ চেষ্টা। কিন্তু প্ৰধান উদ্দেশ্য হ’ল বৃহৎ কৰ্পোৰেট পুঁজিক অসম লুটিবলৈ বাট এৰি দিয়া। অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশৰ মধ্যভোগী চৰিত্ৰৰ বাবে সিহঁতৰ নৱনীত একদল ঠেৰু ছিগা হৈ পৰিছে। বাজেটত যি এক লাখ চাকৰি দিয়াৰ কথা কৈছে, তাৰ কিমান ঠিকাভিত্তিক, কিমান অস্থায়ী, কোনে জানে ? আৰু ১৫-২০ লাখ বা ততোধিক নিবনুৱাৰ মাজত এক লাখ চাকৰি এপাচি শাকত এটা জালুক নহ’ব নে ?

908fcf4d40f05213eccb1979e30cb37b1647443230

কৰ্মসংস্থান মানে কেৱল চৰকাৰী চাকৰি নহয়। স্বচ্ছল জীৱিকা সৃষ্টিহে। চৰকাৰে যদি সুচিন্তিতভাৱে ধন বিনিয়োগ কৰে কৰ্মসংস্থান নিজে নিজে হ’ব। ব্যৱসায়-বাণিজ্য বাঢ়িলে, উদ্যোগ গঢ় ল’লে এই সমস্যাই নহয়। কিন্তু চৰকাৰৰ হাতত যিকেইটা উদ্যোগ আছে, সেইকেইটাকো পৰিকল্পিত অৱহেলা আৰু কূটাঘাতেৰে শেষ কৰিব ধৰা হৈছে।

কেন্দ্ৰই GST ৰ পৰা ৰাজ্যই পাবলগীয়া ধন কিমান ঘূৰাই দিছে? সময়ত পালে এইখিনিৰেই পুৰণা উদ্যোগ উজ্জীৱিত কৰা আৰু নতুন উদ্যোগ সৃষ্টি কৰা যায়- অৱশ্যে ইচ্ছা থাকিলেহে !!

এইবোৰ কোৱা মানা। কেৱল ঘৰে-পৰে বিহু মাৰি থাকা! আন একো কথা ভবাৰ দৰকাৰ নাই। চৰকাৰেই ভাবিব!!

আকৌ এনকাউন্টাৰ!

কুখ্যাত ধৰ্ষণকাৰী বিকি আলিৰ যথাযোগ্য শাস্তি হোৱা দৰকাৰ আছিল। কিন্তু বিচাৰকৰ জৰিয়তে। পুলিচে নিজে বিচাৰক আৰু শাস্তিদাতাৰ ভূমিকা ল’লে দুশ্চিন্তাৰ কথা হ’ব। এটা সময়ত যাকে-তাকে নিৰ্বিচাৰে হত্যা কৰিব পাৰে।

বিকিয়ে পলাবলৈ চেষ্টা কৰিছিল। তাক ঠেঙত গুলীয়ালেই সি দৌৰিব নোৱাৰিলেহেঁতেন। তাক বধ কৰা হ’ল কিয়?

পুনশ্চ:

২০০২ত গুজৰাটত ঘটা অমানৱীয় নৃশংসতাৰ ওপৰত Gujarat Files নামৰ এখন চিনেমা নিৰ্মিত নহয় কিয়?

ডঃ হীৰেন গোহাঁই

ডঃ হীৰেন গোহাঁই

Stay Connected

  • 117k Fans

Recent News

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

August 24, 2025 12:01 pm
চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

August 24, 2025 10:33 am
‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

August 24, 2025 9:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

August 24, 2025 12:01 pm
চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd