ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই চলাই থকা যুদ্ধৰ ফলত ইউক্ৰেইনত কোনো মানৱীয় সংকটৰ সৃষ্টি হোৱা নাই। ইউক্ৰেইনত অসামাৰিক লোকসকলৰ লগতে শিশু-মহিলাসকল সম্পূৰ্ণ সুৰক্ষিত অৱস্থাতে আছে। এনেধৰণৰ প্ৰস্তাৱ এটাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত উত্থাপন কৰিছে ৰাছিয়াই।
ৰাছিয়াই উত্থাপন কৰা এই প্ৰস্তাৱত ভোটদানৰ পৰা অৱশ্যে বিৰত থাকে ভাৰত। কেৱল ভাৰতেই নহয়, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৫ খন স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভিতৰৰে ১৩ খন দেশেই ৰাছিয়াৰ প্ৰস্তাৱটোৰ সপক্ষে অথবা বিপক্ষে ভোটদানৰ পৰা বিৰত থাকে।
ৰাছিয়াই উক্ত প্ৰস্তাৱটো চিৰিয়া, উত্তৰ কোৰিয়া আৰু বেলাৰুছৰ সমৰ্থনত উত্থাপন কৰিছিল৷ কিন্তু প্ৰস্তাৱটো নিৰাপত্তা পৰিষদত গৃহীত কৰাত ব্যৰ্থ হয় ৰাছিয়া। কাৰণ প্ৰস্তাৱটো গৃহীত হ’বলৈ কমেও নটা ভোটৰ প্ৰয়োজ আছিল। প্ৰস্তাৱটোৰ সপক্ষে কেৱল ৰাছিয়া আৰু চীনেহে ভোটদান কৰে।
প্ৰস্তাৱটোত ৰাছিয়াই অৱশ্যে ইউক্ৰেইনত যুদ্ধ চলাই থকা বা ইউক্ৰেইনত দখলদাৰীৰ ভূমিকা গ্ৰহণ কৰাৰ কথা ঘূণাক্ষৰেও উল্লেখ কৰা নাই। উল্লেখ্য ইয়াৰ পূৰ্বে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে উত্থাপন কৰা দুটাকৈ প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত আছিল।
ৰাষ্ট্ৰসংঘত থকা মাৰ্কিন ৰাষ্ট্ৰদূত লিণ্ডা থমাছ-গ্ৰীণফিল্ডে ৰাছিয়াৰ এনে প্ৰস্তাৱক সঁচাক ঢাকিবলৈ উত্থাপন কৰা প্ৰস্তাৱ বুলি মন্তব্য কৰিছে।
আমেৰিকাই দাবী কৰি আহিছে যে যুদ্ধভূমি ইউক্ৰেইনত মানৱতা ভূলুন্ঠিত হৈছে ।
আমেৰিকাৰ মতে ৰাছিয়াৰ সেনাৰ আক্ৰমণত শ শ নিষ্পাপ শিশুৰ মৃত্যু ঘটিছে, জীৱনলৈ পংগু হৈছে বহু কিশোৰ-কিশোৰী আৰু শিশু।
ৰাছিয়া নিয়ন্ত্ৰিত লুহানস্ক আৰু ডনেটস্ক অঞ্চলৰ পৰা ২,৩৮৯ টা ইউক্ৰেইনৰ শিশুক ৰাছিয়াৰ সেনাই অপহৰণ কৰি ৰাছিয়ালৈ লৈ গৈছে বুলি দুদিন পূৰ্বে আমেৰিকাই অভিযোগ কৰিছিল।