• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাৰেচনৰ আহ্বানত ২৮-২৯ মার্চত দেশজোৰা সাধাৰণ ধর্মঘট

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
March 25, 2022 5:40 pm
Strike on March 28-29
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত মাহৰ ২৮ আৰু ২৯ মাৰ্চত সমগ্ৰ দেশতে দেশজোৰা সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে। এই ধৰ্মঘট অসমতো সফল কৰিবলৈ আহ্বান জনাইছে ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ অসম শাখাই।

কেন্দ্রীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত আৰু শ্ৰমিক বিৰোধী শ্ৰম সংহিতা (কোড) বাতিল কৰা, বিদ্যুৎ (সংশোধনী) বিল-২০২১ বাতিল কৰা, ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন বাতিল কৰা, আয়কৰৰ আওতাত নপৰা প্ৰতিগৰাকীক খাদ্য আৰু উপাৰ্জনৰ নিৰিখত মাহিলি ৭৫০০/- টাকা আদায় দিয়া, এম.এন. ৰেগাৰ পাৰিশ্ৰমিকৰ হাৰ বৃদ্ধি কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি দৈনিক ৮০০/- টকা ধাৰ্য কৰি শীঘ্ৰে চৰকাৰী জাননী জাৰি কৰা ইত্যাদি দাবীত কেন্দ্ৰীয় ট্রেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌগ মঞ্চই দুদিনীয়া সাধাৰণ ধর্মঘটৰ আহ্বান দিছে।

ট্রেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ অসম শাখাই এক বিজ্ঞপ্তিত কয়, “বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰখনে দেশৰ অৰ্থনীতি দুর্দশাগ্রস্ত কৰি তুলিছে। জনসাধাৰণৰ কৰৰ টকাৰে সৃষ্ট দেশৰ স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তি দ্বিধাহীনভাৱে পানীৰ দৰত বিক্ৰী কৰি দেশখনক ৰুগ্ন কৰি তুলিছে। শ্রমিক বিৰোধী, জনবিৰোধী আৰু কৃষক বিৰোধী নীতি গ্রহণ কৰি শ্রমজীৱী মানুহৰ বাবে অন্ধকাৰ নমাই আনিছে।”

চৰকাৰখনৰ এই জাতীয় স্বার্থ বিৰোধী নীতি সমূহৰ বিৰুদ্ধে শ্রমজীৱী মানুহৰ ঐক্যবদ্ধ সংগ্ৰামক তীব্ৰ কৰি তোলাৰ প্ৰয়োজন আহি পৰিছে পৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। দেশী-বিদেশী কৰ্প’ৰেটৰ সহযোগিতাত একনায়কত্ববাদী পথেৰে গণতান্ত্রিক ব্যৱস্থাক চুৰমাৰ কৰি দিয়া কাৰ্যৰ বিৰুদ্ধে চলাই থকা সংগ্ৰামৰ অংশ হিচাপে এই ধর্মঘটৰ আহ্বান দিয়া হৈছে বুলি যৌথ মঞ্চই লগতে উল্লেখ কৰে।

বিবৃতিটোত কোৱা হৈছে যে চৰকাৰে গ্ৰহণ কৰা নীতিৰ ফলত কোভিদ পৰিস্থিতিতো যিসময়ত দেশৰ জনগণে আটাইতকৈ দুর্দশাৰ সম্মুখীন হৈছে সেই সময়ত আদানী-আম্বানী আদি ধনিক গোষ্ঠীয়ে তেওঁলোকৰ ব্যৱসায়ত সৰ্বাধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। চৰকাৰখনৰ নীতিৰ বাবে হোৱা অত্যাধিক মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজে নিত্যব্যৱহার্য সামগ্রী ক্রয় কৰাটো কঠিন হৈ পৰিছে।

২৩ কোটি শ্রমিকক চৰকাৰে ন্যুনতম দৰমহাতকৈও কম উপাৰ্জনেৰে চলিবলৈ এৰি দিছে বুলি অভিযোগ কৰিছে মঞ্চই। এফালে শ্ৰমিকৰ আৰ্জিত অধিকাৰ সমূহ খৰ্ব হৈছে আনফালে কৃষক তথা জনগণৰ অন্যান্য অংশৰ লোকৰ পানীত হাঁহনচৰা অৱস্থা হৈছে। কৃষকে কৃষিখণ্ড ৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম কৰি আছে। অন্ন-বস্ত্ৰ-বাসস্থান-শিক্ষা-স্বাস্থ্য আদিৰ বাবে দেশৰ জনগণে জীয়াতু ভূগিবলগীয়া হৈছে। এনে পৰিস্থিতিৰ ফলত ক্ষুধাৰ সূচাংকত আমাৰ দেশ বিশ্বৰ ১০৭ বন দেশৰ ভিতৰত ১০১ সংখ্যক স্থানত অৱস্থান কৰিছে।

এই পটভূমিত এই ধর্মঘট শ্রমিক-কর্মচাৰীৰ অধিকাৰ ৰক্ষা কৰা, দেশীয় উদ্যোগ প্রতিষ্ঠান ৰক্ষা কৰা আৰু সর্বোপৰি দেশ ৰক্ষা কৰাৰ ধৰ্মঘট বুলি অভিহিত কৰিছে ট্ৰেড ইউনিয়নে। সেয়েহে ২৮-২৯ মাৰ্চত সকলো দোকান-পোহাৰ, যানবাহন, বানিজ্যিক প্রতিষ্ঠান, কল-কাৰখানা, ৰাজহুৱা খণ্ডৰ শিল্প প্রতিষ্ঠান, তৈলখণ্ড, বেংক, বীমা, ৰেল যাতায়ত বহু ৰাখি ধর্মঘট সর্বতো প্ৰকাৰে সফল কৰাৰ বাবে ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাবেচনসমূহে অসমৰ সৰ্বস্তৰৰ শ্ৰমিক-কর্মচাৰী আৰু শ্রদ্ধেয় ৰাইজলৈ আবেদন জনাইছে।

যৌথ মঞ্চই উক্ত দিন কেইটাত পৰীক্ষা নথকা চৰকাৰী-বেচৰকাৰী সকলো শিক্ষা প্রতিষ্ঠান বন্ধ ৰাখিবলৈয়ো আবেদন জনায়। উল্লেখ্য যে অসমত বিশেষকৈ ২৮ আৰু ২৯ মার্চত হ’ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ দিন সূচী সলনি কৰাৰ বাবে দুয়োখন বোৰ্ডৰ সচিবলৈ যৌথ মঞ্চই আবেদন জনাই পত্র প্রদান কৰে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm
পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd