যোৰহাট জিলাৰ টীয়কৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান জ্ঞানপীঠ একাডেমী চিনিয়ৰ চেকেণ্ডাৰীয়ে আগন্তুক নতুন বছৰত টীয়কৰ শৈক্ষিক ক্ষেত্ৰত এক নতুনত্ব অনাৰ প্ৰয়াস কৰিছেl
জ্ঞানপীঠ একাডেমীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ উত্তৰনৰ প্ৰতি লক্ষ্য ৰাখি এলানি বক্তৃতানুষ্ঠানৰ আয়োজন কৰিছেl এই উপলক্ষ্যে শনিবাৰে জ্ঞানপীঠ একাডেমীৰ প্ৰেক্ষাগৃহত প্ৰথমলানি বক্তৃতাৰ অনুষ্ঠিত হৈ যায়l
প্ৰথমলানি বক্তৃতানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ উত্তৰন শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে যোৰহাটস্থিত কেৰিয়াৰ চইচৰ সঞ্চালক দেৱাশীষ শৰ্মাইl
অদিঅ’- ভিজুৱেল মাধ্যমৰ এই জনপ্ৰিয় বক্তৃতাত সমল ব্যক্তি দেৱাশীষ শৰ্মাই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ উত্তৰনৰ বহু গুৰুত্বপূ্ৰ্ন দিশৰ আলোচনা আগবঢ়ায়l
দুই শতাধিক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীয়ে অংশগ্ৰহন কৰা এই জনপ্ৰিয় বক্তৃতাৰ আৰম্ভণীতে কেৰিয়াৰ চইচৰ সঞ্চালক দেৱাশীষ শৰ্মাক একাডেমীৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়l
এই কাৰ্যসূচীত জ্ঞানপীঠ একাডেমীৰ প্ৰশাসনীক সঞ্চালক প্ৰদীপ চুতীয়া, সচিব সৌৰভ বৰা, অধ্যক্ষ ঋষেশ্বৰ শৰ্মা, টীয়ক প্ৰেছ ক্লাৱৰ উপদ্দেষ্টা নিৰ্মলেন্দু পাঠকসহ শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থাকেl
অনুষ্ঠানত টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকলেও অংশগ্ৰহণ কৰেl