ঝাৰখণ্ডৰ লাতেহাৰৰ পালামু টাইগাৰ ৰিজাৰ্ভৰ মূল অঞ্চলৰ অৰণ্যত বিধ্বংসী বনজুয়ে আৱৰি ধৰিছে। এই ভয়াৱহ বনজুয়ে সমগ্ৰ অঞ্চলটোৰ বনসম্পদৰ বিস্তৰ ক্ষতিসাধন কৰিছে।
অঞ্চলটোত উচ্চ গতিৰ বতাহেও ইতিমধ্যে বিয়পি পৰা জুইক অধিক ইন্ধন যোগাইছে।
ইতিমধ্যে বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ অনাৰ প্ৰচেষ্টা চলাই আছে। বন বিভাগৰ কৰ্মচাৰীসকলে জুই নুমুৱাবলৈ গাওঁবাসীৰ সহযোগিতা বিচাৰিছে।
উল্লেখ্য যে যোৱা মাৰ্চ মাহৰ পৰাই বাৰেচান্ধ, গাৰু পূব, গাৰু পশ্চিম আৰু মহুৱাদণ্ড বনাঞ্চলকে ধৰি অঞ্চলসমূহত বনজুইৰ ঘটনা সংঘটিত হৈছে।
বনসংৰক্ষিত অঞ্চলত প্ৰৱেশ কৰাৰ সময়ত স্থানীয় লোকে মহুৱা ফল তুলিবলৈ শুকান পাত জ্বলোৱাৰ ফলত সাধাৰণতে বনজুই লাগে।
আনহাতে স্থানীয় লোকসকলে শুকান জোপোহা জ্বলাই অৰণ্যৰ পথ পৰিষ্কাৰ কৰা, অৰণ্যত শিল বাগৰাৰ ফলত হোৱা ঘৰ্ষণ ইত্যাদি কাৰণসমূতো অৰণ্যত বনজুইৰ সৃষ্টি হয়।
এনে কোনো কাৰণতে বনাঞ্চলখনত জুই লাগিছে বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে।