লিডু মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবিৰজ্যোতি বড়াই সোমবাৰে এগৰাকী ছাত্ৰীক ধেমালিৰ চলেৰে শালীনতা হানিৰ চেষ্টা কৰাৰ খবৰ বিয়পি পৰা লগে লগে কয়লা নগৰী লিডুৰ উচ্চ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানখনত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু গৌৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বই অভিযুক্ত অধ্যাপকজনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
পৰিস্থিতি উত্তপ্ত হোৱাত মহাবিদ্যালখনত আৰক্ষী তথা অৰ্ধ সামৰিক বাহিনীৰ জোৱানক মোতোয়ন কৰিব লগা হয়।
লিডু মহাবিদ্যালয়ৰ ঐতিহ্যক কালিমা সনাৰ লগতে শিক্ষাগুৰুৱে ছাত্ৰীৰ শালীনতা হানিৰ বিৰুদ্ধে সৰৱ হৈ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ছাত্ৰ মুক্তি তথা গোৰ্খা ছাত্ৰ সন্থাই অধ্যাপকজনক তাৎক্ষণিকভাৱে নিলম্বনৰ দাবী উত্থাপন কৰি মহাবিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে।
লগতে পঢ়ক: চলিত মাহতেই অৱসৰ ল’ব নাৰাৱনে; দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে
পুৱাৰ পৰা সন্ধিয়ালৈকে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত সেও মানি লিডু মহাবিদ্যলয়ৰ কৰ্তপক্ষই অধ্যাপক বড়াৰ বিৰুদ্ধে সম্পূৰ্ণ তদন্ত নোহোৱা পৰ্য্যন্ত নিলম্বিত কৰা সন্দৰ্ভত উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে বুলি লিখিত ঘোষণা প্ৰদান কৰে যদিও ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত ক্ষেমা নোখোজা পৰ্য্যন্ত প্ৰতিবাদ অব্যাহত ৰখাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।
অৱশেষত অভিযুক্ত প্ৰবিৰজ্যোতি বড়াই ছাত্ৰ-ছাত্ৰীৰ সন্মুখত ৰাজহুৱাভাবে ক্ষমা খোজাত পৰিস্থিতি কিছু পৰিমাণে শান্ত হয় যদিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ঘটনাৰ পুংখানুপুংখভাবে তদন্ত কৰি ছাত্ৰী গৰাকীক ন্যায় দিয়াৰ লগতে অভিযুক্ত বড়াৰ বিৰুদ্ধে যদি দোষ প্ৰমাণ হয় তেন্তে লিডু মহাবিদ্যালয়ৰ পৰা সম্পূৰ্ণ নিলম্বন কৰাৰ দাবী জনায়।তেওঁলোকে ভুক্তভোগী ছাত্ৰী গৰাকী ন্যায় বিচাৰি মাৰ্ঘেৰিটা আৰক্ষীৰ ওচৰত এখন এজাহাৰো দাখিল কৰে।
আনহাতে, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি পাপু দত্তই সমগ্ৰ বিষয়টো দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে লিডু মহাবিদ্যালয়ৰ গৰিমাত কালিমা সানিবলৈ চেষ্টা কৰা এনে ঘটনাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী জনায়।
লগতে পঢ়ক: ওদালগুৰিৰ টংলাত ভয়াৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত মহিলা
তেওঁ লগতে লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ তথা পৰিচালন সমিতিখনে অধ্যাপকজনৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ বিৰুদ্ধে কিয় তৎক্ষণাত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। সমগ্ৰ ঘটনাই লিডু অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।




