• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰ আদালতে জামিন দিয়াৰ পিছত পুনৰ আন এক গোচৰত আটক জিগনেশ মেৱানীক

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
April 25, 2022 5:23 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

206
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ এখন আদালতে গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত বিধায়ক জিগনেশ মেৱানীক আজি জামিন দিয়ে যদিও তাৰ পাছতে বৰপেটাৰোড থানাত ৰুজু হোৱা আন এক গোচৰত পুনৰ বিধায়কগৰাকীক আটক কৰা হয়।

কোকৰাঝাৰ আৰক্ষীয়ে জিগনেশ মেৱানীক ১০ দিনৰ বাবে আৰক্ষী জিম্মাত বিচাৰি যি আবেদন দাখিল কৰিছিল সেয়া আদালতখনে নাকচ কৰিছিল l

জিগনেশ মেৱানীৰ অধিবক্তা অংশুমান বৰাই সাংবাদিকৰ আগত জামিন পালেও মেৱানীক আন গোচৰত অভিযুক্ত কৰিৱ পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল। সেইদৰে, আদালতৰ ভূমিকাতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল জিগনেশ মেৱানীৰ অধিবক্তাগৰাকীয়ে।

লগতে পঢ়ক: আৰক্ষীৰ গৃহতে চোৰ! আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিশ্ৰুতিৰ পাছতো কিদৰে ভাইৰেল হ’ল উপ পৰিদৰ্শকৰ প্ৰশ্নকাকত?

অধিবক্তাগৰাকীয়ে সন্দেহ কৰা ধৰণেই জিগনেশ মেৱানীক বৰপেটাৰোড থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আটক কৰি আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে বৰপেটাৰোড থানালৈ লৈ যায়।

বৰপেটাৰোড আৰক্ষী থানাত বিধায়ক মেৱানীৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা গোচৰ নং নং- 81/2022 U/S-294/323/353/354 IPC ৰ অধীনত বিধায়কগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

আনহাতে, গোৱালপাৰাতো মেৱানীৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু হোৱাৰ কথা জানিব পৰা গৈছে৷

উল্লেখ্য যে গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়কগৰাকীৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰৰ ভিত্তিত ২০ এপ্ৰিলৰ নিশা ১১.৩০ বজাত গুজৰাটৰ পালনপুৰ চাৰ্কিট হাউছৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক: ”বিজেপি চৰকাৰৰ দিনত ক’ৰ্ট কাছাৰিৰ প্ৰয়োজন নাই, মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জে’ললৈ পঠায়”;-অখিল গগৈ

১৮ এপ্ৰিলত মেৱানীয়ে এটা টুইটত মোদীৰ বিৰুদ্ধে মন্তব্য কৰি কৈছিল—”ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘গডছে’ক ঈশ্বৰ হিচাপে উপাসনা কৰে আৰু ২০ এপ্ৰিলত কৰিবলগীয়া গুজৰাট ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক আবেদন জনাইছো যে হিম্মতনগৰ, খাম্বাট আৰু ভেৰাভালৰ দৰে সাম্প্ৰদায়িক হিংসা সংঘটিত হোৱা অঞ্চলসমূহত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে তেওঁ ৰাইজক আবেদন জনোৱা উচিত।”

জিগনেশ মেৱানী এজন অধিবক্তাৰ লগতে মানৱাধিকাৰ কৰ্মীও। তেওঁ গুজৰাট বিধানসভাৰ ভাদগাম সমষ্টিৰ পৰা ২০১৭ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে বিজয়ী হৈছিল। তেওঁ এগৰাকী প্ৰাক্তন সাংবাদিকো। ৰাষ্ট্ৰীয় দলিত অধিকাৰ মঞ্চৰ আহ্বায়ক পদতো তেওঁ অধিষ্ঠিত হৈ আছে।

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd