কেন্দ্ৰীয় চৰকাৰে পুনৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ কৰিছে। ভুৱা বাতৰি প্ৰচাৰৰ বাবে এনে সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে। নিষিদ্ধ কৰা ১৬টা চেনেলৰ ভিতৰত পাকিস্তানৰ ৬টা চেনেলো আছে।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে জানিবলৈ দিছে যে এই নিষিদ্ধ কৰা চেনেলসমূহত প্ৰচাৰ কৰা বাতৰিয়ে দেশৰ নিৰাপত্তাত ব্যাপক প্ৰভাৱ পেলাইছে।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে,’’ দেখা গৈছে যে এই চেনেলসমূহে ভুৱা বাতৰি প্ৰচাৰ কৰিছিল। প্ৰধানকৈ সামাজিক মাধ্যমতে তেওঁলোকে বাতৰিসমূহ শ্বেয়াৰ কৰিছিল। ইয়াৰ ফলত দেশৰ নিৰাপত্তাত ব্যাপক প্ৰভাৱ পৰিছিল। কেবল সেয়াই নহয়, ভাৰতৰ বৈদেশিক নীতি, সাম্প্ৰদায়িক সম্প্ৰীতিৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰিছিল। চেনেলসমূহে আনকি আই টি নিয়ম ২০২১-ও অনু সৰণ কৰা নাছিল। সেয়ে এই পদক্ষেপ লোৱা হৈছে।‘’
লগতে পঢ়ক: দৰে-দামে মিলিল! টুইটাৰ এতিয়া এলন মাস্কৰ; নগদ ৪,৪৪০কোটি ডলাৰত কৰিলে ক্ৰয়
বিবৃতিটোত লগতে কোৱা হৈছে যে এই চেনেলসমূহত থকা বিষয়বস্তু সমূহত সন্ত্ৰাসবাদী গোটৰ সম্পৰ্কত বিভিন্ন তথ্য দাঙি ধৰা হয়। সেইদৰে বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ ওপৰত আঘাত কৰা হৈছিল।
এনে বিভিন্ন অভিযোগৰ বাবেই এই ১৬টা ইউটিউব চেনেল নিষিদ্ধ কৰা হৈছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে আন ২২টা চেনেল নিষিদ্ধ কৰিছিল। যোৱা ৫ এপ্ৰিলৰ পৰা এই চেনেলসমূহ দেশত নিষিদ্ধ কৰা হৈছিল।
লগতে পঢ়ক: প্ৰত্যুত্তৰ! এইবাৰ জাৰ্মানীৰ ৪০জন কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই
এইবাৰ নিষিদ্ধ কৰা ১৬টা চেনেলৰ ভিতৰত ভাৰতৰ ১০টা আৰু পাকিস্তানৰ ৬টা চেনেল আছে।
ভাৰতৰ নিষিদ্ধ কৰা চেনেলকেইটা হৈছেঃ-
- Saini Education Research
- Hindi Mein Dekho
- Technical Yogendra
- Aaj te news
- SBB News
- Defence News24x7
- The study time
- Latest Update
- MRF TV LIVE
- Tahaffuz-E-Deen India
নিষিদ্ধ কৰা পাকিস্তানৰ চেনেলকেইটা হৈছেঃ-
*AjTak Pakistan
*Discover Point
*Reality Checks
*Kaiser Khan
*The Voice of Asia
*Bol Media Bol