• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্মসংস্থানৰ অনিশ্চয়তাত দিশহাৰা দেশ! কাম নাপাই হতাশ যোগ্য নিবনুৱা; প্ৰতিবেদনে কি কয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2022 11:47 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

212
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ্মসংস্থানৰ সমস্যাই কি যে ভয়াবহ ৰূপ ধাৰণ কৰিছে সেয়া ক্ৰমে স্পষ্ট হৈ পৰিছে। নিবনুৱা সমস্যাই ইমানেই মাৰাত্মক ৰূপ ধাৰণ কৰিছে যে দেশৰ এক বৃহৎ সংখ্যক লোকে আনকি কৰ্মসংস্থানৰ চেষ্টাও পৰিত্যাগ কৰিছে।

মুম্বাইৰ এটি বেচৰকাৰী সংস্থা চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি প্ৰাইভেট লিমিটেডৰ তথ্য অনুসৰি লাখ লাখ ভাৰতীয় যোগ্য চাকৰি বিচাৰি নাপাই হতাশ হৈ পৰিছে। বিশেষকৈ মহিলাসকল সম্পূৰ্ণভাৱে কৰ্মসংস্থানৰ জগতখনৰ পৰা আঁতৰি গৈছে।  

বিশ্বৰ বিকাশশীল অৰ্থনৈতিক শক্তি হিচাপে উত্থান ঘটা ভাৰতত কিন্তু ২০১৭চনৰ পৰা ২০২২লৈকে এই পাঁচ বছৰত দেশৰ শ্ৰমশক্তিৰ উন্নয়নত অংশগ্ৰহণ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। এই হাৰ ৪৬শতাংশৰ পৰা ৪০ শতাংশলৈ হ্ৰাস পাইছে। এইক্ষেত্ৰত মহিলাৰ স্থিতি অধিক শোচনীয়।

লগতে পঢ়ক: ভুৱা বাতৰি প্ৰচাৰ! ১৬টা জনপ্ৰিয় ইউটিউব চেনেল নিষিদ্ধ কৰিলে মোদী চৰকাৰে; চাওক তালিকা

সমীক্ষা অনুসৰি দুই কোটিৰো অধিক কৰ্ম প্ৰত্যাশী লোক হতাশ হৈ পৰিছে। তেওঁলোকে আনকি কাম পোৱাৰ আশাও বাদ দিছে। মাত্ৰ ৯ শতাংশইহে এতিয়াও কামৰ সন্ধান কৰিছে আৰু ভাল কাম বিচাৰি আছে।

সেইদৰে, চাকৰিৰ বয়স থকা দেশৰ প্ৰায় ৪৫লাখ চাকৰি প্ৰত্যাশীয়ে কাম পোৱাৰ আশা পৰিত্যাগ কৰিছে। আমেৰিকা আৰু ৰাছিয়া মিলি যি মুঠ জনসংখ্যা তাৰ সমানেই ভাৰতৰ এই হতাশ হৈ পৰা কৰ্ম প্ৰাৰ্থীৰ সংখ্যা।  

বিশেষজ্ঞসকলৰ মতে বিষয়টো যথেষ্ট উদ্বেগজনক। তেওঁলোকে অনুমান কৰে যে ভাৰত বৰ্তমান মধ্যমীয়া আয়ৰ দেশ হিচাপেই থাকিব আৰু তাতকৈ আগবঢ়াৰ সম্ভাৱনা নাই। তদুপৰি, তেওঁলোকে বৰ্তমান পৰিস্থিতিত দেশত আৰ্থিক বৈষম্য বৃদ্ধি পোৱাৰো আশংকা ব্যক্ত কৰিছে।

লগতে পঢ়ক: দৰে-দামে মিলিল! টুইটাৰ এতিয়া এলন মাস্কৰ; নগদ ৪,৪৪০কোটি ডলাৰত কৰিলে ক্ৰয়

দৰাচলতে ভাৰতত নতুন কৰ্মসংস্থানৰ সৃষ্টি নোহোৱাটো এক দীৰ্ঘদিনীয়া অভিযোগ। কেবল মাত্ৰ কেইটামান চৰকাৰী চাকৰিৰ বাবেই লাখ লাখ নিবনুৱাই আবেদন কৰে। কাৰিকৰী শিক্ষিত নিবনুৱাইও আনকি কৰ্মসংস্থানৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে।        

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd