• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ মুখমণ্ডলত ‘বোটক্স’ ব্যৱহাৰ কৰিছে পুটিনে, কি এই বোটক্স, কিয় লগাইছে পুটিনে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 28, 2022 1:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ অপ্ৰতিৰোধ্য। তেওঁ এগৰাকী শক্তিশালী ৰাষ্ট্ৰনায়ক। তাৰ মাজতে গুঞ্জন উঠে, ভদ্ৰলোকজন অমৰ! ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা বিশ্বৰ চকু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰতে নিবদ্ধ হৈ আছে। খবৰ আহিছে পুটিন একাধিক শাৰীৰিক সমস্যাত ভুগি আছে।

ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত যুদ্ধ আৰম্ভ কৰিছিল। ইমান দিনৰ বিৰতিৰ মূৰতো পুটিন বাহিনীয়ে কিয়েভ দখল কৰাত এতিয়ালৈ সফল হ’ব পৰা নাই। ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ নেতৃত্বত ইউক্ৰেইনৰ বাহিনীয়ে মৰণ পণ যুঁজ দিয়েই আছে। এনে পৰিস্থিতিত স্পষ্ট যে পুটিন প্ৰৱল চাপত আছে। যুদ্ধৰ উত্তেজনা, আমেৰিকা আৰু নাটোৰ সৈতে সংঘৰ্ষৰ আশংকা আৰু ৰুছ বাহিনীৰ “বিফলতা”ই পুটিনক মানসিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে। বহুতে কব বিচাৰে যে ঘটনাবোৰৰ প্ৰভাৱ তেওঁৰ শৰীৰৰ ওপৰতো পৰিছে। শেহতীয়াকৈ, চিডনীৰ এগৰাকী শল্য চিকিৎসকে ইনষ্টাগ্ৰামত পুটিনৰ ভিন ভিন বয়সৰ দুখন ফটো পোষ্ট কৰিছে। চিকিৎসকগৰাকীৰ দাবী পুটিনে তেওঁৰ যৌৱন বজাই ৰাখিবলৈ মুখত বোটক্স প্ৰয়োগ কৰি আছে।

এতিয়া প্ৰশ্ন হৈছে, পুটিনে মুখত কিয় কছমেটিক অস্ত্ৰোপচাৰ কৰিছে? news.com.au নামৰ সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিশ্বৰ সন্মুখত ষ্ট্ৰং মেনৰ ইমেজ বজাই ৰখাৰ বাবেই পুটিনৰ এই প্ৰচেষ্টা। পুটিনে নিজৰ বয়স-সম্পৰ্কীয় দুৰ্বলতা বিশ্বৰ আগত উন্মোচন কৰিব নিবিচাৰে। নিউয়ৰ্ক পোষ্টে দাবী কৰিছে যে পুটিনক শেহতীয়াকৈ দেশৰ অলিম্পিক খেলুৱৈসকলৰ সৈতে এটা অনুষ্ঠানত দেখা পোৱা গৈছিল। অনুষ্ঠানৰ ফটোবোৰত ৰাষ্ট্ৰপতিজনক স্পষ্টভাৱে শেঁতা পৰা অৱস্থাত দেখা গৈছিল। কেইদিনমান আগতে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোৰ সৈতে হোৱা বৈঠকতো পুটিনক অতি দুৰ্বল যেন লাগিছিল।

অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, কানাডা, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এই পাঁচখন দেশৰ ‘ফাইভ আইজ’ নামৰ এক গুপ্তচৰৰ মিত্ৰজোঁট আছে। মিত্ৰজোঁটটোৱে দাবী কৰিছে যে পুটিনৰ শেহতীয়া ফুটেজবোৰত তেখেতৰ শৰীৰত বৃদ্ধাৱস্থা স্পষ্টকৈ প্ৰতিফলিত হৈছে। তাৰোপৰি পুটিনে কিছু অস্বাভাৱিক আচৰণো কৰা দেখা গৈছে। পুটিনে নিজকে বিশ্বৰ সন্মুখত কেতিয়াও বুঢ়া হোৱাটো দেখুৱাব নিবিচাৰে। সেইবাবেই ব্যয়বহুল বোটক্সৰ সহায় লৈছে।

বোটক্স হৈছে এবিধ বিশেষ ভাবে প্ৰস্তুত কৰা দৰৱ, যি দৰৱ প্ৰয়োগ কৰাৰ ফলত শৰীৰৰ , বিশেষকৈ মুখমণ্ডলৰ স্নায়ুসমূহে পেশীলৈ সংকেত প্ৰেৰণ কৰিব নোৱাৰা হৈ পৰে। স্নায়ুৰ পৰা সংকেত নোপোৱাৰ ফলত পেশীবোৰ সংকুচিত নহয়। ফলত মানুহ এজনৰ ছালত বলি ৰেখা পৰিব নোৱাৰে আৰু তেওঁৰ বয়স যিমান বাঢ়িলেও ডেকা হৈয়েই থাকে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd