সোমবাৰৰ পৰা তামুলপুৰৰ ঐতিহ্যমণ্ডিত কচুবাৰিস্থিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰত (গোঁজন ফৌথাৰ) অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন। বড়ো সাহিত্য সভাৰ এই অধিবেশনত ইতিহাস ৰচনা কৰি অহা ৪ মে’ত বড়ো সাহিত্য সভাৰ মুকলি অধিবেশনত অংশ গ্ৰহণ কৰিব ভাৰতৰ প্ৰথম নাগৰিক ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ।
ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে বড়ো সাহিত্য সভাৰ বিষয়-ববীয়াৰ লগতে তামুলপুৰবাসী তথা বিটিআৰবাসী। ৰাষ্ট্ৰপতিৰ তামুলপুৰ ভ্ৰমণক লৈ উল্লাসিত হৈ পৰা আদৰণি সমিতিৰ লগতে তামুলপুৰবাসীয়েও উৎসাহিতহৈ বড়ো সাহিত্য সভাৰ কামকাজত সহায়ৰ হাত আগবঢ়াইছে।
বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে দিনে-নিশাই অধিবেশনৰ কামকাজ নিজেই তদাৰক কৰি অধিবেশন সফল্যমণ্ডিত কৰাৰ বাবে উঠি পৰি লাগিছে। বিগত দিন কেইটাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্ম, অশোক সিংঘাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাকে ধৰি মন্ত্ৰী-বিধায়ক সকলেও তামুলপুৰত উপস্থিত হৈ অধিবেশনৰ কামকাজৰ বুজ লয়।
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ তামুলপুৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ব্যৱস্থাপনাৰ বুজ ল’বলৈ সোমবাৰে আবেলি ৪-০০ বজাত তামুলপুৰৰ বড়ো সাহিত্য সভাৰ অধিবেশনথলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। তামুলপুৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সংগ দিয়ে বিটিচি প্ৰধান প্ৰমোদ বড়ো, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্মকে ধৰি কেইবাগৰাকীও নেতা-বিধায়কে।
তামুলপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বড়ো সাহিত্য সভাৰ অধিবেশনৰ কাম কাজ সমূহ পৰ্যবেক্ষণ কৰে। কামকাজৰ পৰ্যবেক্ষণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে এক পৰ্য্যালোচনা সভাত অংশ লয়।
পৰ্য্যালোচনা সভাৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় – আমি দেখাত এইয়া বড়ো সাহিত্য সভা যদিও এনে লাগিব যে ইয়াত অকল বড়ো সকলৰ সমস্যা বা বড়ো সাহিত্যৰ কথা আলোচনা হব। কিন্তু প্ৰতিটো ভাষাই আচলতে আমাৰ জাতীয় জীৱনৰ সম্পদ। বিশেষকৈ জনজাতীয় ভাষা সমূহ আমাৰ ভাৰতবৰ্ষৰে এক সম্পদ বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত এই সাহিত্য সভাত সকলো জাতি-জনগোষ্ঠীৰ লোক সকলে অংশগ্ৰহণ কৰিব। তামুলপুৰ বা বিটিচি বা অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক বড়ো সাহিত্য সভাৰ ফালৰ পৰাও সন্মান প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । ই সঁচাকৈয়ে আদৰণীয়।
তেওঁ পুনৰ কয়- তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন অনুষ্ঠিত হৈ আছে । অহা ৪ মে’ত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অংশগ্ৰহণ কৰিব আৰু এই অধিবেশনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ইয়াত হৈ থকা ব্যৱস্থাৱলীৰ বুজ লবলৈ মই তামুলপুৰলৈ আহিছোঁ । বৰষুণৰ বতৰৰ মাজতো ৰাজ্য চৰকাৰ আৰু বিটিচি কৰ্তৃপক্ষ তথা বড়ো সাহিত্য সভাৰ কার্যকর্তাই সকলো সুন্দৰভাৱে ব্যৱস্থাৱলী সম্পূৰ্ণ কৰিছে। আৰু নিৰাপত্তাৰক্ষীৰ দিশৰ পৰাও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। মই ভাবো ৰাষ্ট্ৰপতিৰ এই তামুলপুৰ ভ্ৰমণ সফল হব ।
তেওঁ কয়- ইতিমধ্যে দেশ বিদেশৰ বড়ো জনগোষ্ঠীৰ লোকসকল তামুলপুৰলৈ আহিছে । তেখেত সকলকো সুন্দৰভাৱে আদৰণি জনোৱা হৈছে । এই সাহিত্য সভাখনি সকলো ফালৰ পৰা সফলতাৰে উদযাপন কৰিব পৰা যাব ।
ইপিনে বড়ো সাহিত্য সভাৰ অতিথিশালা মুকলি কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়- বিটিচি প্ৰধান প্ৰমোদ বড়োৰ তত্বাৱধানত বড়ো সাহিত্য সভাই প্ৰাণ পাই উঠিছে। মই সমগ্ৰ তামুলপুৰবাসী ৰাইজ, আদৰণি সমিতিকো তেওঁলোকৰ কাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।
তেওঁ লগতে কয়- মই আশাবাদী যে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী উপস্থিত হৈ সমগ্ৰ বড়ো জাতিক আশীৰ্বাদ কৰিব আৰু বড়ো জাতিৰ ভাষা সংস্কৃতিৰ আৰু অধিক প্রচাৰ আৰু প্ৰসাৰ হব। এই ভাষাটো আৰু অধিক প্ৰাণ পাই উঠক বুলিও মন্তব্য কৰে ভবেশ কলিতাই।