অসমত জামিন মঞ্জুৰ হোৱাৰ কেইদিনমানৰ পিছতে গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীৰ লগতে আন ৯ জনক মেহছানাৰ নিম্ন আদালতে প্ৰায় পাঁচ বছৰ আগতে আয়োজিত এক সমাৱেশৰ বাবে তিনি মাহৰ কাৰাদণ্ড বিহিছে।
আদালতে তেওঁলোকক ২০১৭ চনৰ জুলাইত বনছকান্থা জিলাৰ মেহছানাৰ পৰা ধনেৰালৈ ‘আজাদী পদযাত্ৰা’ৰ সন্দৰ্ভত দোষী সাব্যস্ত কৰে। আৰক্ষীৰ অনুমতি অবিহনে সমদলটো অনুষ্ঠিত কৰা হৈছিল।
মেৱানী আৰু আনসকলক বেআইনী সমাবেশৰ বাবে দোষী সাব্যস্ত কৰা হৈছে।
লগতে পঢ়ক: দিশপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট হেক; চাইবাৰ চোৰে লুটি নিলে ৭৫ লাখতকৈয়ো অধিক টকা
তিনি মাহৰ কাৰাবাসৰ উপৰিও, তেওঁলোকক প্ৰত্যেককে ১০০০ টকাৰ জৰিমনা বিহা হৈছে।
উল্লেখ্য যে মেৱানীক যোৱা মাহত অসমত দুবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছিল।
প্ৰথমতে, তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত কৰা টুইটৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গোচৰটোত জামিন পোৱাৰ পিছত, তেওঁক পুনৰ আন এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।
দ্বিতীয় ঘটনাটোত, তেওঁৰ বিৰুদ্ধে এগৰাকী মহিলা আৰক্ষী কনিষ্টবলক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
লগতে পঢ়ক: অসমত বিজেপি চৰকাৰৰ বিকাশ! ঠেলাত তুলি চিকিৎসাৰ বাবে অনা হ’ল গৰ্ভৱতী মহিলাক
অৱশ্যে, দ্বিতীয় গোচৰটোত গ্ৰেপ্তাৰ হোৱাৰ ঠিক পিছদিনা তেওঁক গোচৰটোত জামিন দিয়া হৈছিল।
মেৱানীয়ে তেওঁৰ বিৰুদ্ধে এক বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে।