• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁৱৰ শালবাৰীত ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি সোণালী বান্দৰৰ মৃত্যু

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 6, 2022 3:54 pm
103
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও চহৰৰ নিকটৱৰ্তী ছিটকাগাঁৱৰ শালবাৰীত শুকুৰবাৰৰ পুৱা প্ৰায় ৫ মান বজাত বিদ্যুৎপৃষ্ট হৈ এটি দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু হয় ৷ উল্লেখ্য যে সোণালী বান্দৰটোৱে বাঁহনীৰ মাজেৰে জপিয়াই পথ অতিক্ৰম কৰাৰ সময়তে পথৰ দাঁতিত থকা ১১ হাজাৰ ভল্টৰ বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাত বিদ্যুৎপৃষ্ট হৈ মৃত্যুক আকোঁৱালি লয় ৷

বাঁহনীৰ বেষ্টনীৰে পথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে বাঁহনীৰ কাষেৰে পাৰ হৈ যোৱা বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলতে সোণালী বান্দৰটোৱে মৃত্যুক সাৱতি ল’বলগীয়া হয় ৷ পিচত ঘটনাৰ খবৰ পাই প্ৰকৃতিপ্ৰেমী যুৱক কাৰ্তিক উৰাও ঘটনাস্থলীত উপস্থিত হয় আৰু মৃত বান্দৰটোক উদ্ধাৰ কৰে ৷

মৃত বান্দৰটো মতা প্ৰজাতিৰ আছিল ৷ প্ৰকৃতিপ্ৰেমী যুৱকজনে পিচত বিষয়টো বন বিভাগক অৱগত কৰাত বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত মৃত বান্দৰটো চমজাই দিয়ে ৷ ইপিনে এই ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী যুৱক কাৰ্তিক উৰাওৱে ৷ প্ৰকৃতিপ্ৰেমী যুৱকজনে জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বেও বিদ্যুৎপৃষ্ট হৈ দুটা সোণালী বান্দৰ মৃত্যু ঘটিছে ৷ এইটোকে ধৰি তিনিটাকৈ বান্দৰৰ মৃত্যু হৈছে ৷

যুৱকজনে লগতে জানিবলৈ দিয়া মতে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা ছিটকাগাঁও অঞ্চলত আজিৰ পৰা প্ৰায় ২০ বছৰমান পূৰ্বে এটা সোণালী বান্দৰৰ জাকে আহি থিতাপি লৈছিল ৷ বান্দৰৰ জাকটোৱে গাঁওখনতে বিচক্ষণ কৰি ফুৰে ৷ মাজে সময়ে কাকৈজানা সংৰক্ষিত বনাঞ্চললৈ যায় যদিও পুনৰ গাঁওখনলৈ ঘুৰি আহে আৰু গাঁওখনতে থাকে ৷ বগৰিগুৰী, শালবাৰী আদি অঞ্চলত বান্দৰৰ জাকটোৱে বিচৰণ কৰি ফুৰি খাদ্য আহৰণ কৰি আহিছিল যদিও শেহতীয়াভাৱে বহৰিগুৰীৰ পৰা শালবাৰীলৈ পথৰ কাষেৰে নতুনকৈ ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংযোগ দিয়া হৈছে ৷

এই পথটোৰে সোণালী বান্দৰৰ জাকটো অহা যোৱা কৰি আহিছে পূৰ্বৰে পৰা ৷ কিন্তু উক্ত অঞ্চলেৰে উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ পাৰ হৈ যোৱাত সোণালী বান্দৰৰ জাকটোলৈ বিপদ কঢ়িয়াই আহিছে ৷ বৰ্তমান জাকটোত ১৩ টামান বান্দৰ আছে বুলিও জানিবলৈ দিছে ৷

প্ৰকৃতিপ্ৰেমী যুৱকজনে সেই অঞ্চলেৰে পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰসমূহ ইনচুলেটেড কেবল দিয়াৰ বাবেও দাবী জনাইছে ৷ সেইদৰে ছিটকাগাঁৱত সোণালী বান্দৰ মৃত্যুৰ ঘটনাত প্ৰকৃতিপ্ৰেমী সংগঠন সেউজ মাণিকপুৰেও উদ্বেগ প্ৰকাশ কৰিছে ৷ সংগঠনটোৰ সদস্য মহীধৰ ৰায়ে কয় যে পুৱা এটা সোণালী বান্দৰৰ মৃত্যু হ’ল৷

আমি সেউজ মাণিকপুৰে বঙাইগাঁৱৰ উপায়ুক্ত,বিদ্যুৎ বিভাগক আদি প্ৰতিটো বিভাগক আবেদন নিবেদন কৰাৰ লগতে আমি স্মাৰকপত্ৰ প্ৰদান কৰি সংশ্লিষ্ট অঞ্চলৰ বৈদ্যুতিক তাঁৰবোৰ প্লাষ্টিক কটেড অৰ্থাৎ কেবলৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছো যদিও তেওঁলোকৰ কোনো সাৰ শব্দ নাই ৷

আমি দেখিছো এনেকৈ যদি সোণালী বান্দৰ মৰি থাকে,তেন্তে বিলুপ্তপ্ৰায় প্ৰাণীবিধ পৃথিৱীৰ পৰা এদিন নোহোৱা হ’ব৷ সেয়ে আমি সেউজ মাণিকপুৰৰ পৰা দাবী কৰো যাতে বিদ্যুতৰ তাঁৰবোৰ প্লাষ্টিক কটেড কৰি দিয়ে ৷

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd