প্ৰতিৰক্ষাৰ দিশত ক্ৰমাত ঢাপে ঢাপে আগুৱাই গৈছে ভাৰত। ভাৰতে ইতিমধ্যে অগ্নিকে ধৰি কেইবাটাও চিৰিজৰ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰি নিজৰ শক্তিৰ প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হৈছে।
শেহতীয়াকৈ ভাৰতীয় নিৰাপত্তা বাহিনীৰ হাতত আহি পৰিব দুটাকৈ এয়াৰ ডিফেন্স মিছাইল।
ভাৰতীয় সেনাই এই মিছাইলেৰে শত্ৰুপক্ষৰ বিমান আৰু ড্ৰোন ধ্বংস কৰাৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ সক্ষম হ’ব।
‘মেক ইন ইণ্ডিয়া’ৰ অধীনত এয়া হ’ব এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
উল্লেখ্য চীন আৰু পাকিস্তানৰ পৰা আহি থকা অহৰহ আকাশী আক্ৰমণৰ ভাবুকিৰ মাজতে দুটাকৈ উন্নত মিছাইল ব্যৱস্থাই ভাৰতৰ প্ৰতিৰক্ষাৰ দিশটো অধিক টনকিয়াল কৰি তুলিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।
এই নতুন মিছাইল ব্যৱস্থাটো থলুৱা ভাবে নিৰ্মিত আৰু ইয়াত ৰেডিঅ’ ফ্ৰিকুৱেন্সি (আৰএফ)ৰ সহায়ত শত্ৰু পক্ষৰ যুদ্ধ বিমান অথবা দ্ৰোনৰ সন্ধান উলিওৱাৰ ব্যৱস্থা আছে।
এই মিছাইলে প্ৰায় ২৫-৩০ কিলোমিটাৰ দূৰত্বত থকা লক্ষ্য স্পৰ্শ কৰিব পাৰিব।