• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনীতিত প্ৰশান্ত কিশোৰৰ নতুন যাত্ৰা! কিমান কঠিন হ’ব তেওঁৰ এই কৌশলী অভিযান?

প্রদ্যুন্ম কুমাৰ গগৈ by প্রদ্যুন্ম কুমাৰ গগৈ
May 7, 2022 6:50 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই নিৰ্বাচনী ৰাজনীতিলৈ অহাটো প্ৰায় নিশ্চিত হৈছে প্ৰশান্ত কিশোৰ, চমুকৈ পিকেৰ। যোৱা কেইবাদিনো ধৰি তীব্ৰ চৰ্চাত থকা নিৰ্বাচনী কৌশলীবিদজনে নিজেই ইয়াৰ ইংগিত দাঙি ধৰিছে। বৃহস্পতিবাৰে প্ৰকাশ পোৱা বাতৰি অনুযায়ী, পিকেই জনাইছে যে তেওঁৰ গৃহ ৰাজ্য বিহাৰৰ সৰ্বাংগীন বিকাশৰ হকে কাম কৰি যাব।

“নয়া চ’ছ, নয়া প্ৰয়াস’’। এয়া হৈছে পিকেৰ নতুন মূলমন্ত্ৰ। নিশ্চয়কৈ ই কোনো সহজ মূলমন্ত্ৰ নহয়। এয়া হৈছে পিকেৰ ৰাজনৈতিক জীৱনৰ আগজাননী। বৃহস্পতিবাৰে তেওঁ এটা তাৎপৰ্যপূৰ্ণ ঘোষণা কৰে। সেয়া হৈছে অহা ২ অক্টোবৰ তথা গান্ধী জয়ন্তীৰ পৰা এটা পদযাত্ৰা তেওঁ আৰম্ভ কৰিব। এই পদযাত্ৰাত ৩,০০০ কিলোমিটাৰ অৰ্থাৎ সমগ্ৰ বিহাৰ ৰাজ্যখন সামৰি ল’ব। পদযাত্ৰাটোত ৰাজ্যখনৰ লোকসকলৰ স’তে মত বিনিময় কৰা হ’ব বুলি তেওঁ জনাইছে।

অৱশ্যে নিজাকৈ ৰাজনৈতিক দল গঠন সম্পৰ্কত কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে তেওঁ। আনকি সদ্যহতে এই বিষয়ে কোনো পৰিকল্পনা হাতত লোৱা নাই বুলিহে তেওঁ জনাইছে। যদি ভৱিষ্যতে দল গঠন কৰে, তেন্তে ই প্ৰশান্ত কিশোৰৰ দল নহয়, বৰঞ্চ জনগণৰ দল হিচাপে গঠন কৰা হ’ব বুলি তেওঁ কয়।

Apply Now

বিহাৰৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও তিনি বছৰ আছে। সেয়ে পিকেই কয় যে ৰাজনীতিৰ ক্ষেত্ৰত তেওঁ শূণ্যৰ পৰা আৰম্ভণি কৰিব বিচাৰে। প্ৰথমে জনস্বৰাজৰ ধাৰণাৰে তেওঁ কাম কৰি যাব।

ৰাজনৈতিক বিশ্লেষকসকলে পিকেৰ এই পদক্ষেপক মিছন বিহাৰ নামেৰে নামাংকিত কৰিছে। বিহাৰত সফল হ’বলৈ হ’লে পিকেই বিহাৰৰ পৰা লালুপ্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰৰ জনপ্ৰিয়তাক ম্লান কৰিব পাৰিব লাগিব। সেয়ে দুয়োজন জ্যেষ্ঠ নেতাৰ প্ৰতি পিকেৰ বিষোদ্গাৰ কৰা দেখা পোৱা গৈছে। পিকেই কৈছে যে যোৱা ১৫ বছৰ ধৰি বিহাৰে কোনো ভাল ফলাফল লাভ কৰা নাই।

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি ৪৫ বৰ্ষীয় নিৰ্বাচনী বিশেষজ্ঞজন তুমুল চৰ্চাত আছে। তেওঁৰ প্ৰতিটো টুইটক লৈ ৰাজনৈতিক পৰ্যবেক্ষকসকল ব্যস্ত হৈ পৰা দেখা গৈছিল। আনকি পিকে প্ৰত্যক্ষ ৰাজনীতিলৈ আহিব বুলি জানি কংগ্ৰেছ নেতৃত্বইও তেওঁক লগ কৰিছিল। কিন্তু তেওঁলোকৰ মাজত হোৱা আলোচনাটো সফল নহ’ল।

ৰাজনৈতিকভাৱে সচেতন লোকসকলৰ মাজত এই কথা ভালদৰেই জ্ঞাত যে নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ক্ষমতা দখল কৰাত পিকেৰ বৃহৎ অৰিহণা আছে। সেই সময়ত তেওঁ মোদীৰ ৰাজনৈতিক উপদেষ্টা হিচাপে কাম কৰিছিল। ২০১৪ চনৰ নিৰ্বাচনৰ সময়ছোৱাত পিকেই মোদীৰ বাবে কেইবাটাও অভিনৱ আঁচনি প্ৰস্তুত আৰু বাস্তৱায়িত কৰিছিল। সামাজিক মাধ্যমযোগে মোদীৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল। কিন্তু মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে পিকেই বিজেপিৰ লগ এৰে। তাৰ সলনি বিৰোধী দলসমূহৰ হৈ কাম কৰিব ধৰে। পিকেৰ ৰাজনৈতিক পৰামৰ্শ লৈয়েই বিহাৰ, পাঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ, দিল্লী, পশ্চিম বংগ আৰু তামিলনাডুৰ নিৰ্বাচনসমূহত বিজয়ী হৈ বিৰোধী দলসমূহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

কিন্তু প্ৰতিষ্ঠিত ৰাজনৈতিক দলসমূহক বিজয়ী কৰাই ‘কিংমেকাৰ’ৰ খিতাপ অৰ্জন কৰা পিকে প্ৰত্যক্ষ ৰাজনীতিৰ কিং হ’ব পাৰিবনে? নিৰ্বাচনক নিজৰ পেছা হিচাপে লোৱা পিকেই ৰাজনৈতিক দল গঠন কৰি সফল হ’ব পাৰিবনে? অৱশ্যে প্ৰত্যক্ষ ৰাজনৈতিক দলত যোগদানৰ সোৱাদ পিকেই লাভ কৰি থৈছে। ২০১৮ চনৰ ২০২০ চনলৈকে তেওঁ বিহাৰৰ শাসনাধীষ্ঠ তথা নীতিশ কুমাৰৰ দল জেডিইউতো আছিল। কিন্তু কা আন্দোলনৰ সময়ত দলৰ স’তে তেওঁৰ সংঘাত হয় আৰু এৰি আহে।

উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আৰু ৰাজনীতি সম্পৰ্কীয় অধ্যয়ন কৰিবলৈ পিকেৰ আইপেক নামৰে এটা নিজাকৈ সুকীয়া দল আছে। পিকেই জনোৱামতে, দলটোৱে বিহাৰৰ এক বুজনসংখ্যক লোকৰ মতামত গ্ৰহণ কৰিছিল। এই লোকসকলৰ ৯০ শতাংশই ৰাজ্যখনত আমূল পৰিবৰ্তন বিচাৰে। এতিয়া লক্ষ্যণীয় হ’ব, লালু-নীতিশকেন্দ্ৰিক বিহাৰৰ ৰাজনীতিত পিকেই কেনেধৰণৰ ভূমিকা ল’বলৈ সক্ষম হয়। অনাগত ভৱিষ্যতে যিহেতু লালু-নীতিশ পুৰণি হ’ব, তেনেস্থলত বিহাৰৰ ৰাজনীতিৰ নতুন তাৰকা হিচাপে উদ্ভাসিত হৈ উঠিব নেকি পিকে? 

প্রদ্যুন্ম কুমাৰ গগৈ

প্রদ্যুন্ম কুমাৰ গগৈ

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd