• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৰ্ষপূৰ্তিৰ চিন্তা! মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰে চৰকাৰে ৰাজ্যৰ উন্নয়নত দৰাচলতে আঘাতহে হানিছে!

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
May 10, 2022 4:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অংকটো ডাঙৰ। শুনিলে সাধাৰণ মানুহে স্বাভাৱিকতে চৰকাৰক বাঃ বাঃ দিবই।কিন্তু কাৰোবাৰ মুখৰ ভাত কাঢ়ি কাৰোবাৰ পেট ভৰালে জানো জন কল্যাণ হয়? নিৰ্বাচনী ৰণত জিকিবলৈ বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিসমূহ ৰাইজে কিমান শুনিলে বা কিমান মনত ৰাখিলে তাৰ হিচাপ অৱশ্যে ৰাখি লাভ নাই। কিয়নো শাসন পোৱাৰ পিছত ৰাইজৰ কথাই বা কিমান মনত ৰাখে চৰকাৰে?

ৰাজ্যখনৰ ২৪ লাখ মহিলাক মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাই আঁচনিৰ জৰিয়তে সকাহ দিব বিচৰা হৈছে। ইতিমধ্যে চৰকাৰে বহুতলৈকে ২৫০০০টকীয়া চেক আগবঢ়াইছেও।

বিধানসভা নিৰ্বাচনৰ সময়ত ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট পুনৰ ক্ষমতালৈ ঘূৰি আহিলে মহিলাসকলৰ সকলো মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাই দিয়া বুলি প্ৰতিশ্ৰুতি দিছিল।

চৰকাৰ গঠনৰ পিছত প্ৰথমাৱস্থাত মুখ্যমন্ত্ৰী শৰ্মাই মূৰ পোলোকা মাৰিব খোজোতেই মাইক্ৰ’ফাইনেন্সৰ ধৰুৱা মহিলাসকলে উভতি ধৰিলে আৰু মুখ্যমন্ত্ৰীয়েও জনপ্ৰিয়তাৰ মোহত বন্দী হৈ ঋণ ৰেহাই কামত আগবাঢ়ে।  

ৰাজ্য চৰকাৰে যোৱা বছৰ ২৪ আগষ্টত ৩৮ টা মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠান আৰু বেংকৰ সৈতে ১২,০০০ কোটি টকাৰ এক চুক্তি স্বাক্ষৰ কৰিছিল। থূলমূলকৈ এইখিনি হৈছে মাইক্ৰ’ফাইনেন্সৰ কাহিনী। লগতে এই ঋণ ৰেহাইৰ নামত চৰকাৰৰ ৭.২০০কোটি টকা ব্যয় হ’ব বুলি জনাইছিল।

ইপিনে, বিগত এটা বছৰত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সকলো অভিলেখ ভংগ কৰিছে৷ ২০১৬ চনলৈ অসমৰ ৰাজহুৱা ঋণৰ পৰিমাণ আছিল ৩৯,০৫৪ কোটি টকা৷ সোণোৱাল চৰকাৰৰ পাঁচ বছৰত ৰাজহুৱা ঋণৰ পৰিমাণ ৮৪ হাজাৰ কোটি টকালৈ বৃদ্ধি পায়৷  এতিয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰতে ৰাজহুৱা ঋণৰ পৰিমাণে ১ লাখ ২৪ হাজাৰ কোটিৰ ঘৰ অতিক্ৰম কৰিছে৷

ক’বলৈ গ’লে বৰ্তমান আমি এখন ঋণগ্ৰস্ত চৰকাৰৰ শাসনত আছো। উৎসৱমুখী পৰিৱেশ এটাৰ সৃষ্টি কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনে দৰাচলতে নিজৰ অৰ্থনৈতিক দুৰৱস্থাৰ ছবিখন ঢাকি ৰখাৰ চেষ্টা চলাই আহিছে।

ৰাজ্যখনত এটাৰ পিছত এটাকৈ উদ্যোগ প্ৰতিষ্ঠান বন্ধ হৈ পৰাত এই প্ৰতিষ্ঠানসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীসকলৰ দুখ-দুৰ্দশা দূৰ কৰাৰ কোনো চিন্তাই নকৰিলে। কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যা কৰাৰ পিছতো গা-লৰা নাই চৰকাৰৰ। কিন্তু অসমত উদ্যোগ স্থাপনৰ নামত বহিৰাগত কোম্পানীয়ে কোটি কোটি টকাৰ ৰাজসাহায্য লুটি নিয়াৰ ক্ষেত্ৰত চৰকাৰখনে হাত উদান দিয়াহে দেখা গৈছে। স্বাভাৱিকতে এইবোৰ কথাই অসমৰ যুৱ উদ্যোগী-ব্যৱসায়ীসকলক নিৰাশ কৰি তুলিছে।

ৰাজ্যখনত চাকৰি-কৰ্মসংস্থাপনৰ অভাৱত লাখ লাখ নিবনুৱাই উধাতু খাই ফুৰাৰ সময়ত ৰাজ্যখনত থকা বেংকসমূহে ঋণ দিবলৈ কোনো আগ্ৰহ নেদেখুৱায়। এইক্ষেত্ৰত চৰকাৰখনৰ কোনো আঁচনিও নাই। কেবল হিতাধিকাৰী সৃষ্টিৰ চমক দেখুৱাই প্ৰকৃততে দক্ষ-যোগ্য নিবনুৱা যুৱ প্ৰজন্মক যেন ভেঙুচালিহে কৰি থকা হৈছে। চৰকাৰেতো নিজে উদ্যোগ গঢ়িব নোৱাৰেই, অসমীয়া যুৱ উদ্যোগীকো আগবঢ়াই নিয়াত অৰিহনা যোগাব পৰা নাই।

জানিব পৰা মতে, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে চৰকাৰে ব্যয় কৰিবলগীয়া পুঁজিৰ ফলত বহু আঁচনি বাধাগ্ৰস্ত হৈছে। আনকি বৰ্তমান বিধায়কসকলৰ উন্নয়ন পুঁজিও কৰ্তন কৰা হৈছে। নহ’লে মিলাবনো ক’ৰ পৰা?

চৰকাৰখনে কেন্দ্ৰীয় পুঁজি ব্যয়ৰ ক্ষেত্ৰতো স্বচ্ছতা দেখুৱাব পৰা নাই। কেন্দ্ৰীয় পুঁজিৰ উপযুক্ত ব্যৱহাৰত যে ৰাজ্য চৰকাৰখন ব্যৰ্থ হৈছে সেইকথা হয়তো অচিৰেই পোহৰলৈ আহিব। ৰাজ্যৰ প্ৰতিটো বিভাগতে চৰকাৰী নিয়ন্ত্ৰণহীনতাই ‘বিকাশ’ৰ আন এখন ছবিহে দাঙি ধৰে। আন নালাগে, মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰখনৰ অসহায় অৱস্থাই প্ৰকৃততে কি সূচায়?

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এবছৰীয়া কাৰ্যকালটোৰ উন্নয়নৰ ছবিখন  আচলতে মাছেৰে শাক ঢকাৰ চেষ্টাৰ বাহিৰে আন নহয়। দেখুৱাবলৈ নতুন একো নাই, অথচ পুৰণি আঁচনি ৰং-ৰহন চৰাই বজাৰত মেলি দিয়া হৈছে। ভুক্তভোগী জনতাইও এতিয়া কৰ্মফল ভোগাৰ বাহিৰে কৰিব পৰা একো নাই।

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই মুখ্যমন্ত্ৰীৰ ‘জনপ্ৰিয়তা’ৰ গ্ৰাফ উৰ্ধমুখী কৰাৰ এক পৰিকল্পিত প্ৰচেষ্টা। ইয়াত চমক আছে, দূৰদৃষ্টি নাই। লাভ আছে কিন্তু লক্ষ্য নাই।

মইক্ৰ’ফাইনেন্সৰ ঋণ লোৱা সকলোৱেই যে উপায়হীন হৈ কেবল ঋণগ্ৰস্ততাৰ চিকাৰ হৈছে এনে নহয়, বহুতেই এই ঋণ লৈ জীৱনৰ স্বাচ্ছন্দ্যই উপভোগ কৰিছে। গতিকে চালিজাৰি নেচাই কেবল ভোটৰ স্বাৰ্থতে ঋণ ৰেহাইৰ এই আঁচনিয়ে অসমৰ ৰাইজৰ কল্যাণ কৰা বুলি ভৱাৰ কোনো যুক্তি থাকিব নোৱাৰে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd