• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 21, 2022 3:51 pm
138
VIEWS
Share on FacebookShare on Twitter

সকলোৱে জানে যে বিজেপি দলৰ ২০২১ চনৰ নিৰ্বাচনী ইস্তাহাৰৰ আটাইতকৈ ডাঙৰ সংকল্পটো আছিল বানমুক্ত অসম গঢ়িব ৷ কিন্তু পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগে বানমুক্ত অসম গঢ়িব পাৰিব নে ? কোনোপধ্যে সম্ভৱ নহয় এই কাৰণে যে তেওঁলোকে আজি বালিৰে মথাউৰি বনাইছে ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ।

বঙাইগাঁৱত সাংবাদিকৰ আগত বিধায়ক গগৈয়ে এনেদৰে মন্তব্য কৰে। তেওঁ কয় যে অসমৰ চাৰিওফালে মানুহে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল ৷ এতিয়া বিজেপি চৰকাৰ আহি সাম্প্ৰদায়িক ৰাজনীতি কৰি এইবিলাকক ধ্বংস কৰি পেলালে, আন্দোলন বিলাকক মষিমূৰ কৰি পেলালে ৷ এনেকুৱা পৰিস্থিতিত যদি নদী বান্ধ বন্ধ কৰিব নোৱাৰে তেতিয়াহলে অসম নাবাচে ৷ কুৰিশ্বু বান্ধ বন্ধ নকৰিলেতো নামনি অসমক বচোৱাতো কেতিয়াও সম্ভৱ নহয় ৷ ৰঙানদী বান্ধ বন্ধ কৰিব নোৱাৰিলে লক্ষীমপুৰক বচোৱাতো সম্ভৱ নহয় ৷

সেইদৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক যদি বন্ধ কৰিব নোৱাৰো তেতিয়াহলে লক্ষীমপুৰ, ধেমাজি আৰু মাজুলীক বচোৱাতো কেতিয়াও সম্ভৱপৰ নহয় ৷ নদীবান্ধ আমাৰ কাৰণে জল বোমা ৷ সেই জল বোমাৰ পৰা অসমক ৰক্ষা কৰিবৰ কাৰণে বিজেপি চৰকাৰক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগে বুলি গগৈয়ে মন্তব্য কৰে৷ ইপিনে অৰুণাচলত ভাৰতৰ দ্বিতীয়টো বৃহৎ নদীবান্ধ নিৰ্মাণৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা সন্দৰ্ভত বিধায়ক গগৈয়ে কয় যে চিয়াং আৰু দিবাং এই দুটা ভাৰতবৰ্ষৰ ভিতৰতে ডাঙৰ ডাঙৰ প্ৰকল্প ৷

কেৱল ভাৰতবৰ্ষৰ ভিতৰতে নহয় বৰং এছিয়াৰ ভিতৰতে ডাঙৰ আৰু হয়তো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ নদীবান্ধ বনাব খুজিছে ৷ এই নদীবান্ধে অসম ধ্বংস কৰি পেলাব ৷ গতিকে আমি চিয়াং প্ৰকল্প, দিবাং প্ৰকল্প আৰু প্ৰত্যেকটো বৃহৎ নদীবান্ধ প্ৰকল্প সৰ্বতোপ্ৰকাৰে বিৰোধিতা কৰো আৰু প্ৰত্যেকটো প্ৰকল্প ভাঙি পেলোৱাতো বিচাৰো৷

বঙাইগাঁৱত বেছ কিছুদিন ধৰি ফণীভূষণ চৌধুৰীয়ে ইয়াত যি আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই আছিল, বিজেপিৰ লগত লগ লাগি অসম গণ পৰিষদৰ আঞ্চলিকতাবাদক নিঃ শেষ কৰি পেলোৱা হ’ল বুলিও কয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷ বঙাইগাওঁ চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত দলটোৰ বঙাইগাঁও জিলা সমিতিৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷

বিধায়ক গগৈয়ে কয় যে আজি বিজেপিয়ে এফালৰ পৰা আঞ্চলিকতাবাদী শক্তি বিলাকক গিলি পেলাইছে ৷ সমগ্ৰ সমাজখনক সাম্প্ৰদায়িকভাৱে বিভাজিত কৰি পেলাইছে ৷ সেই কাৰণে মই ভাবো যে ফণীভূষণ চৌধুৰীৰ নিচিনা যিসকল জ্যেষ্ঠ আঞ্চলিকতাবাদী দলৰ নেতা আছে তেওঁলোকে আটাইয়ে বিজেপিৰ এই ৰাহু গ্ৰাসৰ পৰা ওলাই আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd