• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2022 4:17 pm
MS Dhoni
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হয়তো কোনেও কব নোৱাৰে মহেন্দ্ৰ সিং ধোনী কি ধাতুৰে তৈয়াৰি! যি বয়সত এজন ক্ৰিকেটাৰে সন্ন্যাস লয়, কোচিঙক পেছা হিচাপে বাছি লোৱাৰ চিন্তা কৰে, সেই বয়সত উপনীত হৈও মাহীয়ে খেলি থাকিব! অধিনায়কত্বও কৰিব! আৰু সেইটোও ফিটনেছ-ফৰ্ম অক্ষুন্ন ৰাখি?

আপোনালোকে সঠিককৈ শুনিছে আৰু সঠিককৈ চিন্তাও কৰিছে। মহেন্দ্ৰ সিং ধোনীৰ আই পি এল কেৰিয়াৰ এইবাৰ একেবাৰে শেষ হৈ যোৱা নাই। পৰৱৰ্তী আই পি এলতো দেখা যাব মাহী ওৰফে থালাক। চেন্নাই ছুপাৰ কিংছৰ হালধীয়া জাৰ্চি পিন্ধি আকৌ নামিব খেলপথাৰত। আৰু কৰিব কেপ্তেইনচী।

Apply Now

চাৰিবাৰৰ আই পি এল বিজয়ী চেন্নাইৰ বাবে এইবাৰৰ আই পি এল সুখকৰ নহ’ল। প্লে অফৰ দৌৰৰ বহু আগতেই বাহিৰ হৈছে মাহীৰ চি এছ কে। কেতিয়াবা কেপ্তেইনক লৈ বিতৰ্ক, ৰবীন্দ্ৰ জাদেজাক লৈ হুলস্থুল, আম্বতী ৰায়ুডুৰ অৱসৰক লৈ নাটক।

কিন্তু শুকুৰবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অন্তিমটো খেলৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীয়ে যি কলে, তাৰ পিছত হালধীয়া জাৰ্চিৰ অনুৰাগীসকলে এইবাৰৰ আই পি এলৰ ব্যৰ্থতাৰ বেদনা পাহৰি যোৱা উচিত। তেওঁলোকৰ প্ৰিয় ‘থালা’ অহাবাৰো খেলপথাৰত নামিব, সেয়াও অধিনায়ক হিচাপে।

ৰাজস্থানৰ সৈতে মেচখন আৰম্ভ হোৱাৰ পূৰ্বে সঞ্চালকসকলে ধোনীক সুধিছিল যে অহা বছৰো আইপিএল- ত তেওঁক দেখা যাব নেকি? দুবাৰৰ বিশ্ব চেম্পিয়ন অধিনায়কগৰাকীৰ বাবে এই প্ৰশ্নটো সম্পূৰ্ণ নতুন নহয়। কাৰণ তেওঁ যোৱা দুবছৰ ধৰি একেটা প্ৰশ্নৰ সন্মুখীন হৈছে।

এটা এটাকৈ আই পি এল চিজন শেষ হৈছে, আৰু অনিবাৰ্যভাৱে প্ৰশ্নটো সোধা হৈছে ধোনীলৈ, এম এছ, অহাবাৰ খেলিবনে? একেটা প্ৰশ্নৰ উত্তৰ দি ধোনীয়ে ধেমালিতে ক’লে, “অৱশ্যেই মই অহা বছৰ খেলিম।” কাৰণ, চেন্নাইক সঠিকভাৱে ধন্যবাদ জ্ঞাপন নকৰাকৈ যোৱাটো ঠিক নহ’ব৷ চেন্নাইৰ সমৰ্থকৰ লগত মই এনে কৰিব নোৱাৰো।”

ধোনীৰ বয়স এতিয়া একচল্লিশ বছৰ। অহা বছৰ তেওঁৰ বিয়াল্লিশ বছৰত ভৰি দিব৷ বিগত সময়তো চল্লিছ ঊৰ্ধ্বৰ খেলুৱৈয়ে কঁপাই গৈছে ক্ৰীড়া জগত। ৪২ বছৰ বয়সত ৰজাৰ মিলাই বিশ্বকাপ খেলিছে।

একচল্লিশ বছৰত হাতত বেট লৈ বিপক্ষৰ বলাৰক ত্ৰাহি মধুসূধন দেখুওৱা শ্ৰীলংকাৰ অপেনাৰ বেটাৰ সনথ জয়সূৰ্যক কোনে পাহৰিব পাৰে! নাইবা চল্লিশ বছৰ বয়সত আই পি এল- ৰ দৰে মেগা টুৰ্ণামেণ্টত আত্মপ্ৰকাশ কৰি স্পীন ঘূৰ্ণীৰে বেটাৰক শলঠেকত পেলোৱা প্ৰবীণ তাম্বেক পাহৰা সম্ভৱ জানো!

ৰজাৰ ফেডাৰেৰে চল্লিশৰ দশকতো টেনিছ এৰি দিয়া নাছিল। টাইগাৰ উডছে তিৰাল্লিশ বছৰ বয়সতো গল্ফৰ জগতখনত শাসন অব্যাহত ৰাখিছে।

এনে কিছু ক্ৰীড়া তাৰকাৰ দৰেই ধোনীয়েও বুজাই দিছে যে প্ৰয়োজনীয় ফিটনেছ আৰু ইচ্ছাশক্তি থাকিলে চল্লিশৰ পিছতো খেলি থাকিব পাৰি। কেৱল খেলাই নহয়, সমৰ্থকৰ মনত শান্তি দিব পৰাকৈ প্ৰদৰ্শনো আগবঢ়াওক থালাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd