• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2022 11:36 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

263
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীয়ে ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সন্দেহজনক সম্পৰ্কৰ বাবে বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা পাঁচজন লোকৰ বিৰুদ্ধে কঠোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ প্ৰয়োগ কৰিছে।

আৰক্ষীয়ে ছফিকুল ইছলামৰ পত্নী আৰু নাবালক কন্যাসহ ২৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। এজন মাছ ব্যৱসায়ী ছফিকুলৰ আৰক্ষীৰ জিম্মাত মৃত্যুৰ অভিযোগত শনিবাৰে বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিছিল একাংশ উন্মত্ত জনতাই।

“ভিডিঅ’ ফুটেজত পত্নী আৰু কন্যা দুয়োকে আৰক্ষী থানাত জুই লগোৱা দেখা গৈছে। গ্ৰেপ্তাৰ কৰা আনসকল (মৃতকৰ) আত্মীয়,” নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ উদ্ধৃতিৰে ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত এইকথা কোৱা হৈছে।

দলেই কৈছিল যে নাবালিকাগৰাকীক শিশু ন্যায়ৰ নিয়ম অধীনত আটক কৰা হৈছে।

ফটো: নৰ্থইষ্ট নাও।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে  বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ গোচৰটো ধিং আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল কিয়নো অভিযুক্ত সকলৰ গাওঁখন এই থানাৰ আওতাত পৰে।

তেওঁ কয় যে তেওঁলোকৰ কোনো আনছাৰুল্লাহ বাংলা দলৰ (এবিটি) সৈতে জড়িত নেকি তাক নিশ্চিত কৰিবলৈ নগাঁও আৰক্ষীয়ে বৰপেটা আৰু বঙাইগাঁও জিলাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি আছে।

এবিটি হৈছে বাংলাদেশ-ভিত্তিক ইছলামিক নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন।

যোৱা মাৰ্চৰ পৰা অসম আৰক্ষীয়ে বৰপেটা আৰু বঙাইগাঁও জিলাত কমেও ১০ জন লোকক এবিটিৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

শালনাবাৰীৰ বাসিন্দা ছফিকুল ইছলামে শুকুৰবাৰে নিশা ব্যৱসায়িক কাৰণত শিৱসাগৰলৈ যোৱাৰ সময়ত বটদ্ৰবা আৰক্ষীয়ে তেওঁক বাধা দি তেওঁৰ পৰা ১০,০০০ টকা আৰু এটা হাঁহ দাবী কৰিছিল।

ফটো: নৰ্থইষ্ট নাও।

যেতিয়া ছফিকুলে তেওঁলোকৰ দাবী পূৰণ কৰাত ব্যৰ্থ হৈছিল, আৰক্ষীয়ে তেওঁক বটদ্ৰবা আৰক্ষী থানালৈ লৈ গৈছিল আৰু জিম্মাত প্ৰহাৰ কৰাৰ পিছত তেওঁৰ মৃত্যু হৈছিল।

শনিবাৰে বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা ঘটনাত জড়িত থকাৰ অভিযোগত প্ৰশাসনে দেওবাৰে ছফিকুলকে ধৰি কেইবাটাও পৰিয়ালৰ ঘৰ বুলডজাৰ চলাই ভাঙি দিয়ে। নগাঁও আৰক্ষীয়ে দাবী কৰিছিল যে অভিযুক্তসকল “বেদখলকাৰী” আৰু “জাল” নথিপত্ৰৰে চৰকাৰী ভূমিত বসবাস কৰি আছিল।

Recent News

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd