• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথ জিলাত তিনিখনকৈ আদৰ্শ হাইস্কুলৰ শুভ উদ্বোধন মুখ্যমন্ত্রীৰ

আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে চাহ জনগোষ্ঠীৰ লোকসকলক নিজৰ আকাংক্ষা বাস্তৱায়িত কৰাৰ আহ্বান জনালে মুখ্যমন্ত্রীয়ে

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
May 27, 2022 7:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিভিন্ন চাহ বাগিচাত এই মাহৰ শেষলৈকে কার্যক্ষম কৰিব বিচৰা ৯৬ খন শিক্ষানুষ্ঠানৰ মাংগলিক শুভাৰম্ভ কাৰ্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে বিশ্বনাথ জিলাত তিনিখন চাহ বাগিচাত একোখনকৈ আদর্শ হাইস্কুলৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

বিশ্বনাথ জিলাৰ প্ৰতাপগড় আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়, গেলাহাতীঙ্গা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়, সাঁকোমথা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰি এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে এই শিক্ষানুষ্ঠানসমূহ মানৱ সম্পদ গঢ়ি তোলাৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হ’ব আৰু চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলৰ সফলতাই এই জনগোষ্ঠীৰ প্ৰতিগৰাকী লোককে গৌৰৱান্বিত কৰি তুলিব।

মুখ্যমন্ত্রীয়ে কয় যে যিসকলে নিজৰ সন্তানক অন্যান্য অঞ্চলৰ অভিভাৱকসকলৰ দৰে শিক্ষা লাভ কৰাটো বিচাৰে সেইসকলৰ সন্তানে এই বিদ্যালয়সমূহত শিক্ষা গ্ৰহণৰ দ্বাৰা প্ৰতিজন অভিভাৱকৰ আকাংক্ষা পূৰ্ণ কৰিবলৈ সক্ষম হ’ব।

Apply Now

তেওঁ কয় যে পূৰ্বতে চাহ বাগিচা অঞ্চলৰ বহু শিশুৱে শিক্ষা গ্রহণ আধাতে এৰিবলগীয়া হৈছিল অথবা কোনো বিদ্যালয়ত নাম ভৰ্ত্তি কৰা নাছিল। ইয়াৰ বিভিন্ন কাৰকৰ ভিতৰত মূল কাৰণ আৰ্থিক দিশটো বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এই বিদ্যালয়সমূহে চাহ জনগোষ্ঠীৰ উঠি অহা প্ৰজন্মক নিজ অঞ্চলতে শিক্ষা লাভৰ বাবে সুযোগ প্রদান কৰিছে।

নিজৰ সন্তানক প্ৰাপ্য শিক্ষাৰ পৰা বঞ্চিত নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে অভিভাৱকসকলক এই শিক্ষানুষ্ঠানৰ সৰ্বোত্তম সুযোগ গ্ৰহণ কৰিবলৈ কয়।

মুখ্যমন্ত্রীয়ে লগতে কয় যে আগন্তুক দুই তিনি বছৰৰ ভিতৰত এই আদর্শ বিদ্যালয়সমূহক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব। চাহ জনগোষ্ঠীৰ লোকৰ শৈক্ষিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ডিগ্রী মহাবিদ্যালয় স্থাপন কৰাৰো পৰিকল্পনা আছে বুলি তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় এই বিদ্যালয়সমূহক কেৱল মৌলিক শিক্ষা আহৰণৰ মাধ্যম হিচাপে চাব নালাগে। এই শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে ভৱিষ্যতৰ দিনত এগৰাকী চিকিৎসক, অভিযন্তা, দণ্ডাধীশ, আৰক্ষী বিষয়া তথা আমোলা হিচাপে পৰিগণিত হ’ব পাৰে সেই দিশতো গুৰুত্ব আৰোপ কৰিব লাগিব বুলি তেওঁ কয়।

চাহ বাগিচা অঞ্চলৰ শিশুসকলৰ ৰাজ্যৰ আন আন সম্প্ৰদায়ৰ দৰে আকাশ স্পৰ্শ কৰাৰ আকাংক্ষা থাকিব লাগিব বুলি উল্লেখ কৰি নিজৰ সপোনৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় এদিন চাহবাগিচা অঞ্চলৰ শিশুসকলে চিকিৎসক, দণ্ডাধীশ, অভিযন্তা আৰু আৰক্ষী বিষয়া হিচাপে সমাজৰ সেৱা আগবঢ়াবলৈ সক্ষম হ’ব। এই সপোন অতি শীঘ্ৰে বাস্তৱায়িত হ’ব বুলি তেওঁ কয়।

চাহ বাগিচা অঞ্চলত বসবাস কৰা প্ৰতিটো পৰিয়ালৰ সন্তানে আনুষ্ঠানিক শিক্ষা কিদৰে লাভ কৰিব পাৰে সেই বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ যাৰ জৰিয়তে অর্থনৈতিকভাৱে পিছপৰা চাহ জনগোষ্ঠীৰ লোকসকলে অন্য জনগোষ্ঠীৰ সমানে আর্থ-সামাজিক দিশত উত্তৰণ সাধন কৰিবলৈ সক্ষম হ’ব। মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীৰ লোকসকলক স্বাস্থ্যসন্মত জীৱন যাপন কৰাৰ ক্ষেত্ৰত সচেতন হৈ থাকিবলৈও আহ্বান জনায়।

এই অনুষ্ঠানত সাংসদ পল্লৱ লোচন দাস, বিধায়কসকল ক্ৰমে ৰঞ্জিত দত্ত, প্রমোদ বৰঠাকুৰ, পদ্ম হাজৰিকা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

মুখ্যমন্ত্রীয়ে গেলাহাতীঙ্গা চাহ বাগিচা আদর্শ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মধ্যাহ্ন আহাৰ গ্ৰহণ কৰে আৰু তেওঁলোকৰ সৈতে মত-বিনিময় কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে বিশ্বনাথত নির্মীয়মান নতুন চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে। ২০২৪ চনৰ নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত আন্তঃগাঁথনিৰ নিৰ্মাণকার্য সম্পূৰ্ণ কৰিবলৈও তেওঁ সংশ্লিষ্ট বিষয়াসকলক দিয়ে নির্দেশ দিয়ে।

কাজি জেইদুল ইছলাম, বিশ্বনাথ

কাজি জেইদুল ইছলাম, বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd