• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2022 10:41 am
250
VIEWS
Share on FacebookShare on Twitter

ভুৱনেশ্বৰৰ নন্দন কানন চিৰিয়াখানাত সংঘটিত হৈছে এক বিস্ময়কৰ ঘটনা। সাপৰ কামোৰৰ মৃত্যু হৈছে এটা পূৰ্ণ বয়স্ক সিংহিনী (মাইকী সিংহ)ৰ। ঘটনাৰ কথা জনাৰ পিছতে সিংহিনীটোক এণ্টিভেনম (বিষ প্ৰতিৰোধী) বেজী দিয়া হয় যদিও বচাব পৰা নগ’ল। চিৰিয়াখানা কৰ্তৃপক্ষৰ মতে বেজীটো দিয়াত ইতিমধ্যে বহুত পলমহৈ গৈছিল।

বাতৰি অনুসৰি, শনিবাৰে ৰাতিপুৱা নন্দনকানন চিৰিয়াখানাৰ কৰ্মচাৰীসকলে হঠাতে লক্ষ্য কৰিছিল যে সিংহিনী গংগা নিজৰ পিঞ্জৰাত অসুস্থ হৈ পৰি আছে। পশু চিকিৎসকজনক নিশা ৮-৩০ বজাত অৱগত কৰা হয়। গংগাক লগে লগে চিকিৎসকে পৰীক্ষা কৰে। তেতিয়াই বুজিব পৰা যায় যে এক বিষাক্ত সাপৰ কামোৰৰ ফলতেই বনৰজাৰ এনে কৰুণ অৱস্থা হৈছে।

লগতে পঢ়ক: Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

গংগাক ততাতয়াকৈ এণ্টিভেনম বেজী দিয়া হয় যদিও ইতিমধ্যে বহুত পলম হৈছিল। অলপ পিছতে বিশাল চেহেৰাৰ সিংহিনীটো মৃত্যুৰ কোলাত ঢলি পৰে। পিছত, চিৰিয়াখানাৰ কৰ্মচাৰীসকলে ঘাতক সাপটোও বিচাৰি পায়। সিংহৰ পিঞ্জৰাৰ ভিতৰত ফেঁটী বা সেই প্ৰজাতিৰ সাপ এটা পানীৰ টেংকিৰ ওচৰত দেখা যায়। তেতিয়াই নন্দনকানন চিৰিয়াখানা কৰ্তৃপক্ষই  বিষয়টো সম্পূৰ্ণৰূপে নিশ্চিত হৈ পৰে।

চিকিৎসকসকলে সিংহিনী গংগাক এণ্টিভেনমৰ তিনিটা ভয়েল দিছিল যদিও সেইটোৱেও কাম কৰা নাছিল। যিহেতু তেওঁক বহু সময় আগতে সাপটোৱে কামুৰিছিল সেয়ে তেতিয়ালৈকে বিষক্ৰিয়াত এই বৃহৎ বন্যপ্ৰাণীটো ধৰাশায়ী হৈ পৰিছিল। সিংহিনীটোৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু প্ৰতিবেদনৰ বাবে অপেক্ষা কৰা হৈছে।

লগতে পঢ়ক: School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

উল্লেখ্য যে ২০১৫ চনত ইজৰাইলৰ পৰা চাৰিটা সিংহক উৰিষ্যাৰ ভুৱনেশ্বৰৰ বিখ্যাত নন্দনকানন চিৰিয়াখানালৈ অনা হৈছিল। ইয়াৰ ভিতৰত ২০১৮-ৰ আগষ্টত দুটা সিংহৰ মৃত্যু হৈছিল। এইবাৰ ১৫ বছৰ বয়সত গংগাৰ মৃত্যু হয়। ফলত ভুৱনেশ্বৰৰ প্ৰসিদ্ধ চিৰিয়াখানাখনত সিংহৰ সংখ্যা ১৬টালৈ হ্ৰাস পালে।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd