যোৱা নিশা চিৰাং জিলাৰ আমটেকা বজাৰত পুনৰ মাৰণাস্ত্ৰধাৰী দুৰ্বৃত্তই তাণ্ডৱ চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমটেকা বজাৰ নিবাসী তথা মেচাৰ্ছ চিনাৰী হাৰ্ডৱেৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী অনিল ইশ্বৱাৰীক(৫৫) লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰে।
শৰীৰৰ কেইবা ঠাইত গুলীবিদ্ধহৈ অনিল ইশ্বৱাৰী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। বুকু আৰু বাহুত দুটা গুলী লগা বুলি জানিব পৰা গৈছে।
গুলীবিদ্ধ ব্যৱসায়ীজনক বৰ্তমান উত্তৰ বঙাইগাঁওস্থিত ল’ৱাৰ অসাম হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত ভৰ্তি কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
যোৱা নিশা ১২ বজাৰ পিছত ঘটনাটো সংঘটিত হৈছে বুলি ব্যৱসায়ীজনৰ পৰিয়ালৰ সদস্যই জানিবলৈ দিয়ে। অনিল ইশ্বৱাৰী ঘৰত শুই থকা অৱস্থাত মাৰণাস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে বাহিৰৰ পৰা খিৰিকিৰে গুলী নিক্ষেপ কৰে।
খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত চিৰাং আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
কিহৰ বাবে ব্যৱসায়ীজনক আক্ৰমণৰ লক্ষ্য কৰি লয় সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।