• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“পৰিবেশ সংৰক্ষণৰ সজাগতাৰ বাবে সংবাদমাধ্যমৰ ভূমিকা অপৰিসীম”-পদ্মশ্ৰী যাদৱ পায়েং

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
June 7, 2022 7:28 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

121
VIEWS
Share on FacebookShare on Twitter

অধ্যয়ন চক্ৰ টীয়ক আৰু ইংলিছ ষ্টাডী এণ্ড লিটাৰেৰী ফ’ৰাম কাকজান কলেজৰ যৌথ উদ্যোগত তথা কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব পৰিবেশ দিৱসৰ সপ্তাহযোৰা কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচী সোমবাৰে ৰূপায়ন হয়।

কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ভৈৰবানন্দ বৰাই আঁতধৰা তথা কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° পংকজ গোস্বামী বিশেষ অতিথি হিচাপে উপস্থিত থাকে।

উক্ত সভাত মুখ্য অতিথি হিচাপে ভাৰতবৰ্ষৰ অৰণ্য-মানৱ পদ্মশ্ৰী যাদৱ পায়েং উপস্থিত থাকি পৃথিৱীৰ সেউজীয়াকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই লগতে দুয়োটা শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল তথা উপস্থিত ৰাইজৰ সৈতে সেউজ  পৰিবেশ গঢ়ি তোলাৰ অৰ্থে বাৰ্তালাপত মিলিত হয়।

ফটো: নৰ্থইষ্ট নাও।

ছাত্ৰ-ছাত্ৰীসকলক আজি কিদৰে তেওঁ এই স্থানত উপনীত হৈছে তাৰ আভাস দিয়ে। লগতে বিশ্বৰ প্ৰতিগৰাকী মানুহকে বছৰি এটাকৈ গছপুলি ৰোপণ কৰি পৰিবেশ সংৰক্ষণত অৰিহণা যোগাবলৈ আহ্বান জনায়।

ইপিনে পৰিবেশ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সংবাদ মাধ্যমৰ ভূমিকাও অধিক গুৰুত্বপূৰ্ণ বুলিও ভাষণ প্ৰসংগত অৰণ্য মানৱগৰাকীয়ে সদৰি কৰি এইদৰে সজাগতা সৃষ্টি কৰিবলৈ আয়োজন কৰা উক্ত সভাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে।

উক্ত অনুষ্ঠানত কাকজান মহাবিদ্যালয়ৰ অধ্যাপক তুফেল জিলানী, বিশিষ্ট শিক্ষক ৰমেন শৰ্মা, অধ্যয়ন চক্ৰ টীয়কৰ হৈ দ্বীপজ্যোতি শইকীয়া, চন্দন জ্যোতি ভুঞা, ৰেঙণিৰ সঞ্চালক বিজু কুমাৰ শৰ্মা, বিনীতা শইকীয়া, ছাত্ৰনেতা ৰন্টু ভুঞা, যদুমণি বৰুৱাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

ফটো: নৰ্থইষ্ট নাও।

উল্লেখযোগ্য যে  উক্ত সভা আৰম্ভণিৰ প্ৰাকক্ষণত বিদ্যালয়ৰ চৌহদত অৰণ্য মানৱ যাদৱ পায়েঙে এটি গছপুলি ৰোপণ কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। অনুষ্ঠানৰ শেষত কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশ সংৰক্ষণৰ ওপৰত এখনি নাটক প্ৰদৰ্শন কৰি অনুষ্ঠানটিৰ সফল সমাপ্তি ঘটায়।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd