• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাইজে বেলেগ মুখ্যমন্ত্ৰী বিচাৰিছিল; তেওঁ নিজেই হৈছে; তেওঁক প্ৰশ্ন কৰিবলৈ সাহস আছে নে?- ৰকিবুল হুছেইন

মুখ্যমন্ত্ৰীক কিয় সৰ্বগুণ সম্পন্ন আখ্যা ৰকিবুল হুছেইনৰ?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 13, 2022 8:45 pm
252
VIEWS
Share on FacebookShare on Twitter

“ৰাইজে বেলেগ মুখ্যমন্ত্ৰী বিচাৰিছিল; বিজেপি মিত্ৰজোঁটে জনজাতীয় মুখ্যমন্ত্ৰী এজন লৈ শাসনলৈ আহিল; কিন্তু তেওঁ নিজেই মুখ্যমন্ত্ৰী হৈছে; তেওঁক প্ৰশ্ন কৰিবলৈ সাহস আছে নে? সোমবাৰে ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত এইদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰে বিৰোধী উপ দলপতি ৰকিবুল হুছেইন।

ইপিনে, আগন্তুক নিৰ্বাচনসমূহত কংগ্ৰেছৰ লগতহে যুঁজ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত হুছেইনে কয়, “জানো তেওঁ আকৌ ৰাস্তা পোনাইছে নেকি নাজনো আৰু! তেওঁতো আমাৰ এজন সৰ্বগুণ সম্পন্ন মুখ্যমন্ত্ৰী। তেওঁ ৰাতিপুৱা এজন ধৰ্ম গুৰু, দুপৰীয়া এজন ইতিহাসবিদ তথা বুৰঞ্জীবিদ, তাৰ পাছত এজন লেখক-সাহিত্যিক। গতিকে ইমান সৰ্বগুণ সম্পন্ন এজন মুখ্যমন্ত্ৰী পাইছোঁ, আমি গৰ্বিত”।

লগতে পঢ়ক: ৰাহুল গান্ধীক ইডিৰ চমন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া; উভতি ধৰিলে সাংসদ গৌৰব গগৈয়ে

ইপিনে, কংগ্ৰেছৰ দলীয় সংঘাতক লৈ সাংবাদিকে প্ৰশ্ন কৰাত ওলোটাই সাংবাদিককহে উভতি ধৰে ৰকিবুল হুছেইনে।

তেওঁ কয়, “আমি বিৰোধী পক্ষ। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ ওপৰত বিৰোধী আৰু প্ৰেছ মিলি একেলগে চৰকাৰক কৈফিয়ত তলব কৰিব লাগে। আজি আপোনালোকৰ কোনেও বিশেষকৈ ৰঙা বুমটোৱেতো সাহসয়েই নকৰে যে এক নম্বৰ মুখ্যমন্ত্ৰী আৰু ২ নম্বৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ সংঘাতৰ বিষয়ে বাতৰি কৰিবলৈ”।

ইপিনে, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ শূণ্য ফলাফলক লৈ প্ৰশ্ন কৰাত হুছেইনে কয়, “এনেকুৱা ধৰণৰ শূন্য পূৰ্বে বহুত হৈছে। গোটেই অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত বিজেপি মাত্ৰ ৪ টাহে জিকিছিল তাৰ পাছতো তেওঁলোকৰ ৬০টা হ’ল। গতিকে চৰকাৰখনৰ এক বছৰ হৈছেহে চৰকাৰখনৰ আশাত মানুহ বন্দী হৈছে, কিছুদিন এনেধৰণৰ ৰিজাল্ট পোৱা যাব। কিন্তু যি ধৰণে চৰকাৰখন চলিছে বৰ বেছি দিন এনেধৰনে নচলিব”।

লগতে পঢ়ক: অৰুণোদয় আঁচনিৰ পুনৰ নিৰীক্ষণ; হিমন্ত বিশ্ব শৰ্মাৰ হাতত বৃহৎ তালিকা

“আজি আপোনালোকে গুৱাহাটীত আহিলে গধূলি ভাল লাগি যায় মনটো ৰঙা নীলা লাইট দেখি কিন্তু গাওঁত যেতিয়া যায় তেতিয়া দেখা পোৱা যায় ভোকত মানুহে কল বলাই আছে”। হুছেইনে লগতে কয়।

ইয়াৰোপৰি, ৰাইজৰ পক্ষত কংগ্ৰেছে কৰ্তব্য কৰি যাব বুলি দাবী কৰি হুছেইনে লগতে কয়, “বিজেপিৰ পুৰণি নেতা-কৰ্মীসকলৰ মনবোৰ বেয়া, কিন্তু নতুনবোৰ জকমকাই আছে, সেই কথা বিলাকৰ উত্তৰ প্ৰথমে বিচাৰিব।“ 

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd