গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গোলাঘাট গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া উৎপল দলেৰ বিৰুদ্ধে বুধবাৰে বোকাখাত আৰক্ষী থানাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিয়ে এখন এজাহাৰ দাখিল কৰে৷
কাজিৰঙাৰ হাইলেণ্ড নিৰ্মাণ আৰু অনান্য আঁচনিৰ ধন আত্মসাতৰ লগতে বিষয়াগৰাকীৰ বিৰুদ্ধে চৰকাৰী মাটি বেদখল কৰা বুলি এক গোচৰ ৰজু কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷
বোকাখাত থানাত দাখিল কৰা এজাহাৰৰ মতে বোকাখাত উন্নয়ন খণ্ড এলেকাৰ ২০খন গাঁও পঞ্চায়তৰ বিভিন্ন আঁচনিৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ২০১৬-১৭ আৰু ২০১৭- ১৮ বৰ্ষত মুঠ ৪৭ কোটি টকা মোকলাই দিয়া হৈছিল। কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মতে ধন আৱণ্টন হোৱাৰ পাছত বোকাখাত পশ্চিম উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া, একাংশ কনিষ্ঠ অভিযন্তা, গাঁও পঞ্চায়তৰ একাংশ সভাপতি আৰু সম্পাদকে বিষয়া উৎপল দলেৰ নেতৃত্বত ধন আত্মসাৎ কৰি ব্যাপক দুর্নীতি সংঘটিত কৰি আহিছে।
আনহাতে ২০১৮ বৰ্ষৰ ৩১ মার্চ পাৰ হৈ যোৱাৰ পাছতো বোকাখাতত বহুতো আঁচনি আধৰুৱা হৈ থকাৰ উপৰি কিছু আঁচনি ৰূপায়নেই নহ’ল। উৎপল দলেৰ নেতৃত্বত একাংশ ৰাজনৈতিক দলৰ নেতা পালি নেতাই এনৰেগা আঁচনিৰ কাম নকৰাকৈয়ে জব কাৰ্ডেৰে চৰকাৰী ধন উলিয়াই আত্মসাৎ কৰা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বানপানীৰ সময়ত বন্য প্ৰাণীয়ে নিৰাপদে আশ্ৰয় ল’বৰ বাবে ২০১৬-২০১৭ বৰ্ষত ৮ টা হাইলেও নিৰ্মাণৰ বাবে গ্রামোন্নয়ন বিষয়া উৎপল দলে ৪ কোটিৰো অধিক ধন মোকলাই দিছিল। এই ধনৰাশি আৱণ্টন হোৱাৰ পাছতেই পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তে এটা হাইলেণ্ড নিৰ্মাণ কাম আৰম্ভ কৰে যদিও ৪৭ লাখ ৬ হাজাৰ ৯২৩ টকা খৰচ কৰাৰ পাছতো হাইলেওটো সম্পূৰ্ণ নহ’ল।
সেই দৰে মধ্য কাজিৰঙা গাঁও পঞ্চায়তে দুটা হাইলেও নিৰ্মাণ কৰাৰ বাবদ ৬১,২৯,১৪৪,০০ টকা খৰচ কৰে যদিও কাম একেবাৰে নিম্নমানৰ হয়৷ আনহাতে পূব কাজিৰঙা গাঁও পঞ্চায়তে ৩ টা হাইলেণ্ড নিৰ্মাণ কৰাৰ বাবদ ৩২,৩৯,৩৬৩.০০ টকা খৰচ কৰাৰ পাছতো অতি নিম্নমানৰ কাম কৰা বুলি অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷
সংগঠনটোয়ে দাখিল কৰা এজাহাৰৰ মতে মৰিধনশিৰি গাঁও পঞ্চায়তখনে দুটা হাইলেণ্ড নিৰ্মাণৰ বাবদ ৫৮,৬৫,৬১৩ টকা খৰচ কৰিলে যদিও কাম একেবাৰে নিম্নমানৰ।
গ্রামোন্নয়ন বিষয়া উৎপল দলে আৰু বোকাখাত পশ্চিম উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া, কনিষ্ঠ অভিযন্তা আৰু পঞ্চায়তৰ সভাপতি সম্পাদকৰ অবহেলাৰ বাবেই এনৰেগাৰ এই ৮ টা হাইলেণ্ড নিৰ্মান কাৰ্য ২০১৮ চনৰ ৩১ মাৰ্চ তাৰিখলৈকে সম্পূর্ণ নহ’ল বুলি অভিযোগ তুলিছে সংগঠনটোৱে। তাৰ ফলত ২০১৭ চনৰ আগষ্ট মাহৰ বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১২ টা গঁড় আৰু অন্যান্য প্ৰাণী সহিতে মুঠ ২০২ টা বনৰীয়া প্ৰাণী বানপানীত মৃত্যু হোৱা বুলি এজাহাৰত উল্লেখ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীৰ সুৰক্ষাৰ নামত বছৰে বছৰে টকা অনুমোদন দিয়াৰ পাছতো কিয় আজি পৰ্যন্ত উদ্যানখনৰ জীৱ-জন্তু সুৰক্ষিত নহয় তাকে লৈয়ো সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰিছে। সেয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উক্ত বিষয়াসকলৰ ওপৰত বন্যপ্রাণী সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিবৰ বাবে অনুৰোধ জনাই এজাহাৰ দাখিল কৰে।