• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক- এবছু

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 20, 2022 4:57 pm
166
VIEWS
Share on FacebookShare on Twitter

সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যখনত প্ৰাকৃতিক দুৰ্যোগে ভয়ংকৰ ৰূপ লৈছে। বছৰৰ দ্বিতীয়টো বানে অসমৰ জনসাধাৰণৰক জুৰুলা কৰি সৰ্বশ্ৰান্ত কৰি পেলাইছে। অসমৰ এনে এটা প্ৰাকৃতিক দুৰ্যোগ আৰু জটিল সমস্যাৰ সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছো যে ভাৰত চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। এই ভাষ্য নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৰ।

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত বানত আক্ৰান্ত সকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লবলৈ আহি দেওবাৰে নাগ্ৰীজুলিৰ ২নং ডোঙৰগাঁওত দ্বীপেন বড়োৱে এইদৰে মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত দ্বীপেন বড়োৱে পুনৰ কয়- কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক বা অসমৰ জনগণৰ স্বাৰ্থত এনে বান সমস্যা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্য হিচাপে প্ৰধানমন্ত্ৰী পুঁজিৰ পৰা ২০ হাজাৰ কোটি টকা দিব লাগে। বানাক্ৰান্ত সকলে যাতে বান সাহায্য পোৱাত অকণো পলম নহয় তাৰ বাবেও চৰকাৰে নজৰ দিব লাগে। প্ৰসংগক্ৰমে তেওঁ পুনৰ উল্লেখ কৰে যে পানী কমিলে বানত আক্ৰান্ত সকলৰ যি সকলে ইতিমধ্যে নিজৰ ঘৰ-মাটি সম্পত্তি হেৰুৱাব লগা হৈছে তেওঁলোকক পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।

বান আৰু খহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালক এক কঠাকৈ হলেও চৰকাৰী ভূমি প্ৰদান কৰি প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত একোটাকৈ গৃহ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ বাবেও দাবী জনায় এবছুৰ সভাপতি গৰাকীয়ে। বানত ক্ষতিগ্ৰস্ত খিলঞ্জীয়া লোক সকলক সহায় কৰাৰ কাৰণে চৰকাৰৰ কোনো বেদনা থাকিব নালাগে। ছাত্ৰ নেতা গৰাকীয়ে তামুলপুৰ জিলাৰ ২ নং ডোঙৰগাঁও আশ্ৰয় শিবিৰ পৰিভ্ৰমণ কৰি কয়- বৰনদীৰ বানত আক্ৰান্ত ৫৯ টা পৰিয়ালৰ শিশু-পুৰুষ- মহিলা সহ ২৬৪ গৰাকী লোকক ইয়াত ৰখা হৈছে।

এই শিবিৰত থকা বন্যাৰ্ত সকলৰ বুজ লবলৈ আহি তেওঁলোকৰ সতে মত বিনিময় কৰিছোঁ। এক ভয়ংকৰ পৰিবেশত এই সকল লোকক বৰনদীৰ বুকুৰ পৰা উদ্ধাৰ কৰি ইয়ালৈ লৈ অনা হৈছে। ইয়াত থকা অধিকাংশ লোকৰে ঘৰ-বাৰী, সা সম্পত্তি নদীৰ বুকুত জাহ গৈছে। সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ লগতে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি সকলেও এই সকল লোকৰ খবৰ লবলৈ আহি ছাত্ৰ সংগঠন হিচাপে পাৰ্যমানে সাহায্য আগবঢ়াইছো।

আমি এই সময়ত প্ৰশাসনক দাবী জনাইছো যাতে কোনো কাৰণত বান সাহায্য লেহেমীয়া নহয়। বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত যাতে কোনো কেৰোণ নাথাকে তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই নজৰ দিয়ক। ইপিনে সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰীয়ে ছাত্ৰ সংগঠনটোৰ এটি সজাতি দল লগত লৈ ২ নং ডোঙাৰগাঁওত থকা আশ্ৰয় শিবিৰত খাদ্য সামগ্ৰী বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত কয়- বলিয়া বানত সৰ্বশ্ৰান্ত হোৱা এই সকল লোকৰ বুজ লবলৈ আজি আমি ইয়ালৈ আহিছো আৰু বন্যাৰ্ত সকল যে অকলশৰীয়া নহয়, বন্যাৰ্ত সকলৰ লগত যে আমি ছাত্র সংগঠনবোৰ আছো, আৰু সদায় থাকিম এই বার্তাও আমি ৰাইজক দিব বিচাৰিছোঁ। আমি চৰকাৰক দাবী জনাইছো বানাক্ৰান্ত সকলক যথোচিত সাহায্য আগবঢ়াওক।

আশ্ৰয় শিবিৰত থকা প্ৰতি জন মানুহেই যাতে চৰকাৰী ভাবে পাব লগা সকলো সুবিধা লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈও আমি তামুলপুৰ জিলা প্ৰশাসনৰ লগতে চৰকাৰক অনুৰোধ জনাইছোঁ। উল্লেখ্য যে যোৱা ১৬ জুনৰ নিশা বৰনদীৰ বান ভাঙি যি সকল পৰিয়াল জলবন্দী হৈছিল সেই সকল পৰিয়ালৰ লোকক উদ্ধাৰৰ ক্ষেত্ৰত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসৰ, ৰনেন্দ্ৰ নাৰ্জাৰী , তামুলপুৰ জিলা প্ৰশাসন, বিভিন্ন জাতীয় দল সংগঠনৰ লগতে বাক্সা জিলা গোর্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়েও উদ্ধাৰ কাৰ্যত আগভাগ লৈছিল। উদ্ধাৰ কৰা লোক সকলক ২ নং ডোঙাৰগাঁওত আশ্ৰয় শিবিৰ স্থাপন কৰি লোক সকলক গোর্খা ছাত্র সন্থাৰ স্থানীয় নেতা কৰ্মীৰ সহযোগত সৰ্বতোপ্ৰকাৰে সহায় সহযোগ কৰা মাধৱ ছেত্ৰীয়ে বান সাহায্য প্ৰদান কৰা কাৰ্য্যত গোর্খা ছাত্র সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দক সহায় সহযোগ কৰে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd