• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক- এবছু

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 20, 2022 4:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যখনত প্ৰাকৃতিক দুৰ্যোগে ভয়ংকৰ ৰূপ লৈছে। বছৰৰ দ্বিতীয়টো বানে অসমৰ জনসাধাৰণৰক জুৰুলা কৰি সৰ্বশ্ৰান্ত কৰি পেলাইছে। অসমৰ এনে এটা প্ৰাকৃতিক দুৰ্যোগ আৰু জটিল সমস্যাৰ সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছো যে ভাৰত চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। এই ভাষ্য নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৰ।

তামুলপুৰ জিলাৰ বিভিন্ন স্থানত বানত আক্ৰান্ত সকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লবলৈ আহি দেওবাৰে নাগ্ৰীজুলিৰ ২নং ডোঙৰগাঁওত দ্বীপেন বড়োৱে এইদৰে মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত দ্বীপেন বড়োৱে পুনৰ কয়- কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক বা অসমৰ জনগণৰ স্বাৰ্থত এনে বান সমস্যা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্য হিচাপে প্ৰধানমন্ত্ৰী পুঁজিৰ পৰা ২০ হাজাৰ কোটি টকা দিব লাগে। বানাক্ৰান্ত সকলে যাতে বান সাহায্য পোৱাত অকণো পলম নহয় তাৰ বাবেও চৰকাৰে নজৰ দিব লাগে। প্ৰসংগক্ৰমে তেওঁ পুনৰ উল্লেখ কৰে যে পানী কমিলে বানত আক্ৰান্ত সকলৰ যি সকলে ইতিমধ্যে নিজৰ ঘৰ-মাটি সম্পত্তি হেৰুৱাব লগা হৈছে তেওঁলোকক পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।

Apply Now

বান আৰু খহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালক এক কঠাকৈ হলেও চৰকাৰী ভূমি প্ৰদান কৰি প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত একোটাকৈ গৃহ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ বাবেও দাবী জনায় এবছুৰ সভাপতি গৰাকীয়ে। বানত ক্ষতিগ্ৰস্ত খিলঞ্জীয়া লোক সকলক সহায় কৰাৰ কাৰণে চৰকাৰৰ কোনো বেদনা থাকিব নালাগে। ছাত্ৰ নেতা গৰাকীয়ে তামুলপুৰ জিলাৰ ২ নং ডোঙৰগাঁও আশ্ৰয় শিবিৰ পৰিভ্ৰমণ কৰি কয়- বৰনদীৰ বানত আক্ৰান্ত ৫৯ টা পৰিয়ালৰ শিশু-পুৰুষ- মহিলা সহ ২৬৪ গৰাকী লোকক ইয়াত ৰখা হৈছে।

এই শিবিৰত থকা বন্যাৰ্ত সকলৰ বুজ লবলৈ আহি তেওঁলোকৰ সতে মত বিনিময় কৰিছোঁ। এক ভয়ংকৰ পৰিবেশত এই সকল লোকক বৰনদীৰ বুকুৰ পৰা উদ্ধাৰ কৰি ইয়ালৈ লৈ অনা হৈছে। ইয়াত থকা অধিকাংশ লোকৰে ঘৰ-বাৰী, সা সম্পত্তি নদীৰ বুকুত জাহ গৈছে। সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ লগতে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি সকলেও এই সকল লোকৰ খবৰ লবলৈ আহি ছাত্ৰ সংগঠন হিচাপে পাৰ্যমানে সাহায্য আগবঢ়াইছো।

আমি এই সময়ত প্ৰশাসনক দাবী জনাইছো যাতে কোনো কাৰণত বান সাহায্য লেহেমীয়া নহয়। বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত যাতে কোনো কেৰোণ নাথাকে তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই নজৰ দিয়ক। ইপিনে সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰীয়ে ছাত্ৰ সংগঠনটোৰ এটি সজাতি দল লগত লৈ ২ নং ডোঙাৰগাঁওত থকা আশ্ৰয় শিবিৰত খাদ্য সামগ্ৰী বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত কয়- বলিয়া বানত সৰ্বশ্ৰান্ত হোৱা এই সকল লোকৰ বুজ লবলৈ আজি আমি ইয়ালৈ আহিছো আৰু বন্যাৰ্ত সকল যে অকলশৰীয়া নহয়, বন্যাৰ্ত সকলৰ লগত যে আমি ছাত্র সংগঠনবোৰ আছো, আৰু সদায় থাকিম এই বার্তাও আমি ৰাইজক দিব বিচাৰিছোঁ। আমি চৰকাৰক দাবী জনাইছো বানাক্ৰান্ত সকলক যথোচিত সাহায্য আগবঢ়াওক।

আশ্ৰয় শিবিৰত থকা প্ৰতি জন মানুহেই যাতে চৰকাৰী ভাবে পাব লগা সকলো সুবিধা লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈও আমি তামুলপুৰ জিলা প্ৰশাসনৰ লগতে চৰকাৰক অনুৰোধ জনাইছোঁ। উল্লেখ্য যে যোৱা ১৬ জুনৰ নিশা বৰনদীৰ বান ভাঙি যি সকল পৰিয়াল জলবন্দী হৈছিল সেই সকল পৰিয়ালৰ লোকক উদ্ধাৰৰ ক্ষেত্ৰত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসৰ, ৰনেন্দ্ৰ নাৰ্জাৰী , তামুলপুৰ জিলা প্ৰশাসন, বিভিন্ন জাতীয় দল সংগঠনৰ লগতে বাক্সা জিলা গোর্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়েও উদ্ধাৰ কাৰ্যত আগভাগ লৈছিল। উদ্ধাৰ কৰা লোক সকলক ২ নং ডোঙাৰগাঁওত আশ্ৰয় শিবিৰ স্থাপন কৰি লোক সকলক গোর্খা ছাত্র সন্থাৰ স্থানীয় নেতা কৰ্মীৰ সহযোগত সৰ্বতোপ্ৰকাৰে সহায় সহযোগ কৰা মাধৱ ছেত্ৰীয়ে বান সাহায্য প্ৰদান কৰা কাৰ্য্যত গোর্খা ছাত্র সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দক সহায় সহযোগ কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd