• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Agnipath Protests: মোদী চৰকাৰৰ বাবে কৃষি আইনৰ দৰেই অৱস্থা হ’ব নেকি অগ্নিপথৰো? কিয় জোকাই লৈছে ‘অগ্নিবীৰ’ সকলক?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2022 7:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদী চৰকাৰৰ বাবে কৃষি আইনৰ দৰেই অৱস্থা হ’ব নেকি অগ্নিপথৰো? ইখনৰ পাছত সিখন নতুন আইন, আঁচনিৰ বাবে প্ৰতিবাদৰ সন্মুখীন হোৱা মোদী চৰকাৰে বাতিল কৰিব নেকি অগ্নিপথ? ইতিমধ্যে অগ্নিপথৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ বাবে দেশজুৰি আজি ৫০০ খন ৰেল বাতিল কৰা হৈছে। কিন্তু ইয়াৰ মাজতে সেনাবাহিনীয়ে এক জাননী জাৰি কৰি কৈছে যে অহা জুলাই মাহৰ পৰা অগ্নিপথৰ নিযুক্তিৰ বাবে পঞ্জীয়নপৰ্ব মুকলি কৰা হ’ব। এই জাননীয়ে মুখ্যতঃ সকলো প্ৰতিবাদক অগ্ৰাহ্য কৰিছে।

একোজন অগ্নিবীৰে চাৰি বছৰৰ পাছত বিজেপিৰ দলীয় কাৰ্যালয়সমূহত চিকিউৰিটী গাৰ্ড হিচাপে নিয়োজিত হ’ব পাৰে। তেওঁলোকক ইয়াৰ বাবে প্ৰথম অগ্ৰাধিকাৰ দিয়া হ’ব। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ই এই আমোদজনক মন্তব্য আগবঢ়াইছে।

Apply Now

উল্লেখ্য যে অগ্নিবীৰ আঁচনি অনুসৰি এজন সৈনিকে চাৰি বছৰৰ বাবেহে সেনাবাহিনীত সেৱা আগবঢ়াব পাৰিব। একোটা বেটছৰ মাত্ৰ ২৫ শতাংশ সৈনিকৰ চাকৰিহে চাৰি বছৰৰ পাছত নিয়মীয়া কৰা হ’ব। বাকী ৭৫ শতাংশ বাদ পৰিব। এই বাদ পৰিব লগা সৈনিকসকলকলৈ কৈলাশ বিজয়বৰ্গীয়ৰ এই মন্তব্য স্বাভাৱিকতে অপমানজনক।

তেওঁ পৰোক্ষভাৱে দেশৰ সুৰক্ষাৰ হকে সেৱা আগবঢ়োৱা একোজন সৈনিকৰ মৰ্যাদা বিজেপিৰ কাৰ্যালয়ৰ চিকিউৰিটী গাৰ্ডৰ সমতুল্য কৰি তুলিলে। ইতিমধ্যে তেওঁৰ মন্তব্যক অৰবিন্দ কেজৰিৱাল, বৰুণ গান্ধীৰ দৰে নেতাসকলে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে।

বিজয়বৰ্গীৰ মন্তব্যৰ বিৰুদ্ধে মুখৰ হৈ উঠিছে মমতা বেনাৰ্জীও। পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে এই আঁচনি বিজেপি দলৰ সুবিধাৰ বাবে গ্ৰহণ কৰিছে। ইয়াৰ জড়িয়তে বিজেপিৰ সদস্য বৃদ্ধি আৰু দলীয় সশস্ত্ৰ বাহিনী গঢ়ি তুলিব বিচাৰিছে।

জনতা দল ছেকুলাৰৰ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়েও অনুৰূপ মন্তব্য আগবঢ়াইছে। তেওঁ কৈছে যে অগ্নিপথ আঁচনিৰ দ্বাৰা দেশৰ সেনা বাহিনীক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অধীনলৈ অনাৰ পৰিকল্পনা কৰা হৈছে। এইক্ষেত্ৰতত তেওঁ হিটলাৰৰ নাজী বাহিনীৰ স’তেও অগ্নিপথ আঁচনিখনক তুলনা কৰে।

এইসমূহ হৈছে ৰাজনৈতিক নেতাসকলৰ মন্তব্য। প্ৰতিবাদ চলি থকাৰ মাজতে আজি এনডি টিভিত সুধীন্দ্ৰ কুলকাৰ্ণী নামৰ এগৰাকী পৰ্যালোচকে এটা তাৎপৰ্যপূৰ্ণ লেখা লেখিছে। তেওঁ লিখিছে যে কৃষি আইনৰ দৰেই মোদী চৰকাৰে অগ্নিপথৰ ক্ষেত্ৰতো একেই ভুল কৰিবলৈ অগ্ৰসৰ হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই সুধীন্দ্ৰ কুলকাৰ্ণী আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্যতম পৰামৰ্শদাতা। বিজেপিৰ পিতামহস্বৰূপ বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিল, সেই সময়ত কুলকাৰ্ণী আছিল তেওঁৰ সোহাঁতস্বৰূপ।

আজি বিজেপিৰ মোদীভক্তসকলে বাজপেয়ীৰ বন্দনা কৰে, কিন্তু তেওঁৰ পৰামৰ্শদাতাই কি কি লিখিছে এবাৰ চাও আহক। অগ্নিপথক লৈ বিহাৰত কিদৰে প্ৰতিবাদে বিৰাজ কৰিছে সেই বিষয়েই মূলতঃ তেওঁৰ লিখাটোৰ বিষয়বস্তু। অগ্নিপথৰ বিৰুদ্ধে কিয় এইধৰণে প্ৰতিবাদ হৈছে, সেয়া তেওঁ ব্যাখ্যা কৰি কৈছে যে অগ্নিপথ মোদী চৰকাৰৰ এখন আঁচনি। সাধাৰণতে চৰকাৰী আঁচনিসমূহে লাখ লাখ নিবনুৱা যুৱক-যুৱতীৰ মনলৈ আশাৰ সঞ্চাৰ কৰে। কিন্তু অগ্নিপথৰ নিযুক্তি সংখ্যা অত্যন্ত কম। প্রথম পৰ্বত কেৱল ৪৫,০০০ প্ৰাৰ্থীহে ইয়াত বাচনি কৰা হ’ব। নিযুক্তি সংখ্যাই প্ৰতিবাদকাৰীসকলক আশাহত কৰিছে বুলি কুলকাৰ্ণীয়ে মন্তব্য কৰিছে।

আনহাতে, চাৰি বছৰৰ পাছত একোজন অগ্নিবীৰে যদি নিয়মীয়া সৈনিক হিচাপে নিৰ্বাচিত নহয়, তেন্তে তেওঁ কি কৰিব? কোনোধৰণৰ পেন্সনো নাপাব তেওঁলোকে। কুলকাৰ্ণীয়ে লিখিছে যে এইসমূহে অগ্নিপথৰ বিৰুদ্ধে প্ৰতিবাদ ব্যাপক কৰি তুলিছে। প্ৰতিবাদ ব্যাপক হোৱাৰ আন এটা কাৰণত তেওঁ সামাজিক দিশৰ আলোকপাত কৰিছে।

তেওঁ লিখিছে- সেনাবাহিনীত সেৱা আগবঢ়োৱা জোৱানসকলক ‘ফৌজী’ হিচাপে দেশৰ গ্ৰাম্যাঞ্চলসমূহত বিশেষভাৱে সন্মান প্ৰদৰ্শন কৰা হয়। দেশৰ সুৰক্ষাৰ বাবে সেৱা আগবঢ়োৱা একোজন ফৌজী স্থানীয় অঞ্চলসমূহৰ গৌৰৱ হিচাপে পৰিগণিত হয়। কিন্তু অগ্নিপথ আঁচনিৰ দ্বাৰা নিযুক্তি লাভ কৰি চাৰি বছৰৰ পাছত যেতিয়া একোজন অগ্নিবীৰ ঘৰলৈ ঘূৰি আহিব, তেতিয়া তেওঁক সেই সন্মান প্ৰদান কৰা নহ’ব। ইয়াৰ কাৰণ হৈছে সেই অগ্নিবীৰজনে নিয়মীয়া সৈনিক হিচাপে উন্নীত হ’বৰ বাবে যোগ্য নহয়। অগ্নিবীৰসকলৰ পৰিয়ালৰ মাজত তেওঁক পৰাজিত, অসফল হিচাপে বিবেচিত কৰা হ’ব। ই সামাজিক মোহভংগ অৱস্থাৰ সূচনা কৰিব।

দেশৰ এগৰাকী সফল প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ পৰামৰ্শদাতাই এইদৰে লিখিছে। তেনেস্থলত অগ্নিপথৰ সমৰ্থনত মোদীভক্তসকলে যি শ্ৰুতলিপি গাই গৈছে, সেয়া নিতান্তই ৰাজনৈতিক পক্ষপাতমূলক। সঁচাকৈয়ে, কৃষি আইনৰ দৰেই ভুলৰ পুনৰাবৃত্তি কৰিছে নেকি চৰকাৰে? প্ৰথমে কৃষক, তাৰপাছত এতিয়া লাখ লাখ সেনাবাহিনীৰ চাকৰিপ্ৰাৰ্থীসকলক জোকাই লৈছে নেকি মোদী চৰকাৰে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

June 23, 2026 8:26 pm
পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm
কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

June 23, 2026 8:05 pm
চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

June 23, 2026 7:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

June 23, 2026 8:26 pm
পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd