শিৱসেনাৰ আভ্যন্তৰীণ বিবাদ অধিক স্পষ্ট কৰি বিদ্ৰোহী বিধায়কসকলে বৃহস্পতিবাৰে বিধানসভাৰ উপাধ্যক্ষলৈ এখন চিঠি লিখিলে। গুৱাহাটীৰ হোটেলৰ শিবিৰৰ পৰা ৩৭ জন বিদ্ৰোহী বিধায়কে মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নৰহৰি জিৰৱাললৈ লিখা এখন পত্ৰত একনাথ সিন্দেক বিধানসভাত তেওঁলোকৰ নেতা হিচাপে ঘোষণা কৰিছে।
ইয়াৰ পূৰ্বে উপাধ্যক্ষই বিদ্ৰোহী মন্ত্ৰী একনাথ সিন্দেৰ ঠাইত অজয় চৌধুৰীক শিৱসেনাৰ বিধায়িনী দলৰ নেতা হিচাপে অনুমোদন জনাইছিল। সিন্দেই উপাধ্যক্ষ জিৰৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে য’ত শিৱসেনাৰ ৩৭ জন বিধায়কৰ স্বাক্ষৰ আছে। এই বিধায়কসকল তেওঁৰ সৈতে গুৱাহাটীত আছে।
লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ সিন্দে বাহিনীৰ বিদ্ৰোহৰ আঁৰত কোটিটকীয়া খেল; চাৰ্টাৰ্ড বিমানতে খৰচ ৫০ লাখ!
পত্ৰখনত উল্লেখ কৰা হৈছে যে সেনাৰ বিধায়ক ভাৰত গোগাৱালেক সুনীল প্ৰভুৰ ঠাইত বিধায়িনী দলৰ মুখ্য সচেতক হিচাপে নিযুক্তি দিয়া হৈছে।
আনহাতে, শিৱসেনাই বুধবাৰে বিধায়িনী দলৰ বৈঠকত সিন্দেকে ধৰি ১২ জন বিদ্ৰোহী বিধায়কক অৰ্হতাহীন কৰাৰ দাবী জনায়। তেওঁলোকে বিদ্ৰোহীসকলৰ বিৰুদ্ধে বিধানসভাৰ উপাধ্যক্ষৰ ওচৰত এখন আবেদন দাখিল কৰিছে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ অনুগত শিৱসেনাৰ কৰ্মীসকলে সন্ধিয়া ৫ বজাৰ বৈঠকত অংশগ্ৰহণ কৰাত ব্যৰ্থ হোৱা নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সিন্দে টুইটাৰত লিখিছে, ‘’আপুনি অৰ্হতাহীন কৰাৰ বাবে ১২ জন বিধায়কৰ নাম দি আমাক ভয় খুৱাব নোৱাৰে কিয়নো আমি শিৱসেনাৰ মুৰব্বী বাল ঠাকৰেৰ অনুগামী। আমি আইন জানো, সেয়ে আমি ভাবুকিৰ প্ৰতি গুৰুত্ব নিদিওঁ।”
লগতে পঢ়ক: Maharashtra Crisis: একনাথ সিন্দেকে ধৰি ১৭-২০ জন বিদ্ৰোহী বিধায়ক আছে ইডিৰ নজৰত; দাবী সঞ্জয় ৰাউটৰ
ইপিনে, বিদ্ৰোহীসকলক শান্ত কৰাৰ উদ্দেশ্যে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কয় যে তেওঁৰ দলে মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁট এমভিএ ত্যাগ কৰাৰ কথা ভাবিবলৈ সাজু আছে।