• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
June 26, 2022 9:57 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনে জিলাখনত জব্দকৃত মুঠ ৬ কোটি ২৬ লাখ ৩১ হাজাৰ ৭৮০ টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য দাহ কৰি ধ্বংস কৰে ৷ জিলাখনৰ অন্তৰ্গত বিভিন্ন থানাৰ আৰক্ষীয়ে জব্দ কৰি থানা আৰু আদালৰ মালখানাত মজুত কৰি ৰখা এই নিচাজাতীয় দ্ৰব্যসমূহ ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নিৰ্দেশনা অনুসৰি আইনী আনুষ্ঠানিকতা মানি চলি জিলা ড্ৰাগছ বিনষ্টকৰণ সমিতিৰ সহমতৰ ভিত্তিত বিনষ্ট কৰা হয় ৷

বঙাইগাঁও চহৰৰ বীৰঝৰা চাহ বাগিচাত জ্বলাই দি বিনষ্ট কৰা এই নিচাজাতীয় দ্ৰব্যসমূহৰ ভিতৰত আছিল আনুমানিক ৭০,৪৪,৮৭০ টকা বজাৰ মূল্যৰ ৭০৪.৪৮৭ কেজি গাঞ্জা , ২৯,৬৮,২০০ টকা বজাৰ মূল্যৰ ৯,৮৯৪ টা নিচাজাতীয় কেপচুল, ৩,৫৩,৮২,৯০০ টকা বজাৰ মূল্যৰ ১,১৭,৯৪৩ টা নিচাজাতীয় টেবলেট আৰু ৯,৩২,৬১০ টকা বজাৰ মূল্যৰ ১৩৩.২৩ গ্ৰাম হে’ৰইন দাহ কৰি বিনষ্ট কৰে ৷ লগতে ১,৬৩,০৩,২০০ টকা বজাৰ মূল্যৰ ৫৪,৩৪৪ বটল ক’ফ চিৰাপো বিনষ্ট কৰা হয় ৷

Apply Now

ইপিনে এই নিচাজাতীয় দ্ৰব্যসমূহ বিনষ্টকৰণ প্ৰক্ৰিয়াত উপস্থিত থকা পশ্চিম অসম সংমণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক দিলীপ কুমাৰ দেই সংবাদ মাধ্যমৰ আগত কয় যে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আগলৈও চলি থাকিব ৷ বিগত বৰ্ষতো কেৱল বঙাইগাঁও জিলাতে প্ৰায় দুই কেটি টকা মূল্যৰ ড্ৰাগছ ধ্বংস কৰা হৈছিল ৷ এইবাৰ ৬ কোটি ২৬ লাখ টকাৰ অধিক মূল্যৰ ড্ৰাগছ ধ্বংস কৰা হ’ল ৷ শনিবাৰে গোৱালপাৰা জিলাৰ ডাকুৰভিতাত প্ৰায় ৩ কোটি টকা মূল্যৰ ড্ৰাগছ ধ্বংস কৰা হৈছে ৷

এই ড্ৰাগছ বিৰোধী অভিযান সমগ্ৰ অসমৰ লগতে পশ্চিম অসমতো ধাৰাষাৰ ৰূপত চলি থাকিব আৰু ড্ৰাগছ নিৰ্মূল কৰাৰ প্ৰয়াস আৰক্ষীৰ সদায় থাকিব ৷ আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে আজি অসম আৰক্ষীয়ে ৰাইজ তথা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লগত মিলি ড্ৰাগছ বিৰোধী কাৰ্যসূচী ৰাজ্যৰ প্ৰতিখন জিলাতে লোৱা বুলিও কয় ৷ আনহাতে বঙাইগাঁও জিলাৰ উপায়ুক্ত নবদ্বীপ পাঠকে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনাই ড্ৰাগছ বেহাৰ সৈতে জড়িত লোকসকলক এনে বেহাৰ পৰা আতৰি থাকিবলৈ সতৰ্ক কৰি দি কয় যে আৰক্ষী এই ক্ষেত্ৰত সদায় কঠোৰ আৰু ইয়াৰ বিৰুদ্ধে অভিযান চলিয়ে থাকিব ৷

তেওঁ ধ্বংস কৰা ইমান বৃহৎ পৰিমাণৰ নিচাযুক্ত ড্ৰাগছ প্ৰত্যক্ষ কৰি নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে যুৱ প্ৰজন্ম ড্ৰাগছৰ পৰা আতৰি থাকিব লাগিব ৷ কাৰণ এয়া সমাজখনৰ বাবে ক্ষতিকাৰক ৷ যুৱ প্ৰজন্ম ইয়াৰ ভয়াৱহতাৰ পৰা নিজকে সজাগ কৰিব লাগিব আৰু সমাজত সজাগতাৰ সৃষ্টি কৰিব লাগিব ৷ এয়া কৰিব পাৰিলে সমাজ ব্যৱস্থাটো উন্নত হ’ব বুলি কয় ৷ নিচাজাতীয় দ্ৰব্য ধ্বংস কাৰ্যসূচীত জিলা ড্ৰাগছ বিনষ্টকৰণ সমিতিৰ অধ্যক্ষ তথা জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ পৰেশ কুমাৰ ৰয়, জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোনোৱাল, উপ আৰক্ষী অধীক্ষক মণিকান্ত চমুৱা , কাৰ্যবাহী দণ্ডাধীশ, জিলা ড্ৰাগছ বিনষ্টকৰণ সমিতিৰ বিষয়ববীয়াসকল, সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ব্যক্তি , আৰক্ষীৰ লোক উস্থিত থাকে ৷

ইপিনে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি পুৱা বঙাইগাঁও আৰক্ষী প্ৰশাসনে বিভিন্ন সংগঠনৰ সহযোগত ৰাইজক সজাগ কৰাৰ বাবে এক সজাগতামূলক সমদল উলিয়ায়। বঙাইগাঁও সদৰ থানা চৌহদৰ পৰা উলিওৱা সজাগতা সমদলত অংশ গ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ ড্ৰাগছৰ বিৰুদ্ধে নানা শ্লোগান দি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে ৷

এই সমদল মায়াপুৰী তিনি আলিত উপস্থিত হোৱাৰ পিচত ইয়াতে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাৰ জৰিয়তে সকলো শ্ৰেণীৰ ৰাইজক নিচাজাতীয় দ্ৰৱ্য সেৱনৰ অপকাৰিতাৰ বিষয়ে উল্লেখ কৰি ইয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱালে। আনহাতে নিউ বঙাইগাঁও ৰে’লৱে জংচনটো এক সজাগতা সভাৰ আয়োজন কৰা হয় ৷ সভাত জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত থাকি নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে বক্তব্য ৰাখে৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd