আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত শিৱসাগৰৰ তিনিগৰাকীৰ স্থান লাভ কৰিছে।
এই তিনি ছাত্ৰ ছাত্ৰীৰ সাফল্যই গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ জিলা খনলৈ।
উল্লেখ্য যে আজি ঘোষণা কৰা হয় অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল।
কলা শাখাত শিৱসাগৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেৱীস্তুতি হাজৰিকাই দশম স্থান লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে।
চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰী গৰাকীয়ে মুঠ ৪৭৩ নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰে।
শলগুৰিৰ মালৱিকা হাজৰিকা আৰু পৰাণজ্যোতি হাজৰিকাৰ কন্যা দেৱীস্তুতী হাজৰিকা।
চৰকাৰী বিদ্যালয় খনৰ এই ফলাফলত আনন্দৰ জোৱাৰ উঠিছে শলগুৰিত।
ইপিনে বাণিজ্য শাখাত শিৱসাগৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ দুগৰাকীয়ে স্থান লাভ কৰিছে।
অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিৱসাগৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বিদ্যালয়খনৰ পৰা বাণিজ্য শাখাত প্ৰথম আগৰৱালাই পঞ্চম স্থান আৰু বন্দনা বলদেৱাই সপ্তম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।
সুশীল কুমাৰ আগৰৱাল আৰু কবিতা আগৰৱালৰ পুত্ৰ প্ৰথম আগৰৱাল আৰু আচকৰণ বলদোৱা আৰু সৰোজ বলদোৱাৰ কন্যা বন্দনা বলদোৱাৰ সাফল্যত আনন্দৰ জোৱাৰ উঠিছে শিৱসাগৰত।