যোৰহাট: CM relief fundযোৰহাট জিলাৰ টীয়কৰ হাঁহচৰাৰ উদীয়মান যুৱ কৃষক ভাস্কৰ হাজৰিকাই নিজৰ ব্যৱসায়ৰ লাভাংশৰ পৰা বৰ্তমান অসমৰ বান পৰিস্থিতিৰ সৈতে চৰকাৰে মোকামিলা কৰিবলৈ সুবিধাৰ্থে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫১০০০ টকা অনুদান আগবঢ়াই মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।
যুৱ কৃষক ভাস্কৰৰ এই পদক্ষেপত এতিয়া সমূহ টীয়কবাসী উৎফুল্লিত হৈ পৰিছে।
লগতে পঢ়ক: Maharashtra new CM একনাথ সিন্দে হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী , সন্ধিয়া ৭-৩০ বজাত শপতগ্ৰহণ
উল্লেখযোগ্য যে চাকৰি পাছত নদৌৰি যোৱা কেইবছৰমানৰ পৰা টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ প্ৰাংগণত ভাস্কৰে বৈজ্ঞানিকভাৱে ভোট জলকীয়াৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ সমান্তৰালকৈ আন দহজনৰো আদৰ্শ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে।
অৱশ্যে ক’ভিডৰ দুটা বছৰ কিছু লোকচানৰ সন্মুখীন হৈছিল যদিও এইগৰাকী যুৱ কৃষকে মনৰ অদম্য হেপাহ আৰু সাহসেৰে পুনৰ খেতিখোলাত মনোনিৱেশ কৰি এইদৰে বান আৰ্তসকলক সহায়ৰ বাবে চৰকাৰৰ পুঁজি সাধ্য অনুসৰি অনুদান আগবঢ়াইছে বুলি মন্তব্য কৰিছে।
লগতে পঢ়ক: Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো
হাঁহচৰাৰ ৰাজু হাজৰিকা আৰু সবিতা হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ ভাস্কৰৰ এই মনোভাৱক এতিয়া সকলোৱে আদৰণী জনাইছে।