• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামৰ ৰে’ল অৱৰোধ কাৰ্যসূচীত স্তব্ধ ডিমা হাচাওৰ ৰেল যাতায়াত

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 19, 2018 4:24 pm
rail blocade

প্ৰতিনিধিত্বমূলক চিত্ৰ

98
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰাম চমুকৈ আইএছএফৰ নেতৃত্বত ডিমা হাচাও জিলাত অনিৰ্দিষ্ট কালৰ কাৰণে গঢ়ি তোলা হৈছে ৰে’ল অৱৰোধ কাৰ্যসূচী। এন এফ ৰে’লৱেৰ ব্ৰডগজ ৰে’লপথ নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা পাহাৰীয়া ৰাইজৰ বাকী থকা ক্ষতিপূৰণ মোকলাই দিয়াৰ ক্ষেত্ৰত বিভাগটোৱে অনীহা প্ৰদৰ্শন কৰাত ক্ষুণ্ণ হৈ আইএছএফে উক্ত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখনীয় যে যোৱা ১ মাৰ্চত ক্ষতিপূৰণ সংক্ৰান্ত বিষয়লৈ হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ত ৰে’ল বিভাগৰ বিষয়াৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকত ক্ষতিপূৰণ আদায় দিয়াৰ বাবে ৰে’ল বিভাগৰ ফালৰ পৰা এমাহ সময় বিচৰা হৈছিল। কিন্তু এমাহ সময় অতিক্ৰম কৰাৰ পাছতো বৰ্তমান পৰ্যন্ত ক্ষতিপূৰণ আদায়ৰ কাম আগ বঢ়া নাই। আৰু ইয়াৰ ফলশ্ৰুতিতে সংগঠনটোৱে আজিৰ পৰা ৰে’ল অৱৰোধৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে আজি প্ৰায় শতাধিক আইএছএফ সদস্যৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজ নিউ হাৰাঙ্গাজাও ষ্টেচনত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত উপস্থিত থকা আইএছএফৰ সভাপতি ডেভিদ কেইভমে এই সন্দৰ্ভত কয় যে ৰে’ল কৰ্তৃপক্ষই বাৰম্বাৰ প্ৰতিশ্ৰুতি দিলেও ক্ষতিপূৰণ মোকলাই দিয়াৰ ক্ষেত্ৰত আজিলৈ কোনো ব্যৱস্থা লোৱা নাই।

লগতে কালিৰ পৰা আজিলৈকে ৰে’ল অৱৰোধ সন্দৰ্ভত বিভাগটোৱে আইএছএফৰ লগত কোনো ধৰনৰ যোগাযোগ কৰা নাই বুলিও জনায় সভাপতিগৰাকীয়ে। তেওঁ আৰু কয় ‘ সৰ্বসাধাৰন ৰাইজক হাৰাশাস্তি কৰাৰ আমাৰ কোনো ইচ্ছা নাই। কিন্তু ৰে’ল কৰ্তৃপক্ষই বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে এই সম্পৰ্কত পোন্ধৰ বাৰ বৈঠক কৰাৰ পাছতো কিয় সমাধান সূত্ৰ উলিয়াব পৰা নাই’।

ইফালে সংগঠনটোৱে আজিৰ পৰা ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে যদিও ৰে’ল কৰ্তৃপক্ষই বুধবাৰৰ নিশাৰ পৰাই পাহাৰ লাইনত সকলো ধৰণৰ ৰে’ল চলাচল বাতিল কৰি দিয়ে। ৰে’ল অৱৰোধ কাৰ্যসূচীৰ ফলত সৰ্বসাধাৰণ ৰাইজ নানা সমস্যাৰ সন্মুখীন হোৱা বুলিও জানিব পৰা গৈছে।

ইফালে ৰে’ল অৱৰোধৰ সময়ত প্ৰতিবাদকাৰীসকলে যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে মাহুৰৰ পৰা ডিটকচৰা লৈকে প্ৰতিটো ষ্টেশ্যনতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

উল্লেখ্য যে লামডিং-শিলচৰ ব্ৰডগজ নিৰ্মাণৰ কাৰণে ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ ক্ষতিপূৰণ আদায় দিয়াৰ দাবীত দীৰ্ঘ দিন ধৰি উক্ত লোকসকলৰ হৈ ইণ্ডিজেনাছ স্টুডেন্ট ফ’ৰামে আন্দোলন কৰি আহিছে। আৰু এই ক্ষতিপূৰণ অনতি পলমে আদায় দিয়াৰ দাবী জনায় সংগঠনটোৱে আজিৰ পৰা পুনৰ আন্দোলন সাব্যস্ত কৰা পৰিলক্ষিত হয়।

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd